Assamese: Class 9 ৰ অসমীয়াৰ সকলো অধ্যায় পাবলৈ ইয়াত ক্লিক কৰক।
পাঠ ১৫
চোৰধৰা
প্ৰশ্নাৱলী
ভাব-বিষয়ক :
১। অতি চমুকৈ উত্তৰ লিখা:
(ক) কানাই বুলি কাৰ কথা কোৱা হৈছে?
উত্তৰ: কানাই বুলি ভগৱান শ্ৰী কৃষ্ণৰ কথা কোৱা হৈছে।
(খ) লৱণু-চোৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল?
উত্তৰ: লৱণু-চোৰ শ্ৰী কৃষ্ণই গোপীৰ মুখত মাখন (লৱণু) সানি দিছিল।
(গ) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
উত্তৰ: মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল ‘নামঘোষা’।
(ঘ) ‘ওহি বান্দীসৱক থানে আৱৰ নাহি।’ ‘আৱৰ নাহি’ বুলি কোনে, কাক কৈছিল?
উত্তৰ: এই কথাষাৰ মাক যশোদাই নিজ পুত্ৰ শ্ৰী কৃষ্ণক উদ্দেশ্য কৰি গোপীসকলৰ বিষয়ে কৈছিল।
২। (ক) ‘হে মাই যশোদে, তোহোঁ তাপ তেজহ।’ যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে কিয় ক’ব লগা হৈছিল?
উত্তৰ: শ্ৰী কৃষ্ণক ঘৰত নেদেখি আৰু তেওঁ ক’লৈ গৈছে সেই বিষয়ে একো সম্ভেদ নাপাই মাক যশোদা অত্যন্ত চিন্তিত আৰু ব্যাকুল হৈ আছিল। পুত্ৰৰ বিৰহত মাকৰ মনত হোৱা এই গভীৰ দুখ আৰু চিন্তা দূৰ কৰিবলৈকে গোপীগৰাকীয়ে যশোদাক মনৰ তাপ বা শোক ত্যাগ কৰিবলৈ অনুৰোধ কৰিছিল। তেওঁ যশোদাক জনাইছিল যে বালক কৃষ্ণ কুশলে আছে আৰু তেওঁ কৃষ্ণক চকুৰে দেখি আহিছে।
২। (খ) শ্রীকৃষ্ণই গোপীৰ মুখত কিয় লবণু সানি দিছিল?
উত্তৰ: শ্ৰী কৃষ্ণই গোপীৰ ঘৰত সোমাই লৱণু খাই থকা অৱস্থাত ধৰা পৰিছিল আৰু গোপীগৰাকীয়ে তেওঁক ‘লৱণু-চোৰ’ বুলি ধৰি ৰাখিছিল। কিন্তু চতুৰ কৃষ্ণই নিজৰ চোৰ বুদ্ধিৰে নিজকে নিৰ্দোষী প্ৰমাণ কৰিবলৈ আৰু ওলোটাই গোপীগৰাকীকহে চোৰ সজাবলৈ চুবুৰীয়া গোপীসকলৰ সন্মুখতে তেওঁৰ মুখত মাখন সানি দিছিল, যাতে সকলোৱে ভাবে যে গোপীয়েহে মাখন খাইছে।
৩। ‘ইহা শুনি চিন্তা-শোক তেজিৱে পৰম হৰষিত ভেল?’- কোনে, কাৰ আৰু কি কথা শুনি হৰষিত হৈছিল?
উত্তৰ: ইয়াত শ্ৰী কৃষ্ণৰ মাতৃ যশোদাই গোপীগৰাকীৰ মুখৰ পৰা নিজ পুত্ৰৰ কুশল বাৰ্তা শুনি পৰম আনন্দিত হৈছিল। গোপীগৰাকীয়ে আহি যশোদাক কৈছিল যে শ্ৰী কৃষ্ণই এগৰাকী গোপীৰ ঘৰত লৱণু খাই থাকোঁতে ধৰা পৰিছিল যদিও নিজৰ বুদ্ধিৰে তেওঁ ওলোটাই গোপীসকলকহে লাজত পেলাই পৰাজয় স্বীকাৰ কৰোৱাইছে। এতিয়া কৃষ্ণই গোপীসকলৰ মাজত অতি আনন্দেৰে নানা ধৰণৰ ধেমেলীয়া নৃত্য কৰি আছে— এই কথা শুনি যশোদা হৰষিত বা আনন্দিত হৈছিল।
৪। মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল আৰু কিদৰে চেনেহ প্রকাশ কৰিছিল?
উত্তৰ: মাক যশোদাই কৃষ্ণক বিচাৰি পাই মৰমতে কৈছিল যে সেই দাসী বা বান্দীস্বৰূপ গোপীহঁতৰ ওচৰলৈ তেওঁ যেন আৰু কেতিয়াও নাযায়। নিজৰ ঘৰত দধি, দুগ্ধ, লৱণুৰ অভাৱ নাই, কৃষ্ণই যিমান খাব বিচাৰে সিমানেই তেওঁ দিব। তেওঁ কৃষ্ণক নিজৰ বংশৰ পৰম দেৱতা, মূৰৰ মুকুট, ডিঙিৰ সাতসৰী আৰু বুকুৰ শীতল চন্দন বুলি সম্বোধন কৰিছিল। তাৰ পিছত যশোদাই অতি মৰমেৰে কৃষ্ণৰ গাৰ ধূলি আতৰাই, বুকুত সাৱটি লৈ মুখত চুমা খালে। ঘৰলৈ আনি শীতল জলেৰে গা ধুৱাই, পঞ্চামৃত ভোজন কৰাই আৰু ধুনীয়া কাপোৰ-অলংকাৰেৰে সজাই কৃষ্ণৰ মুখখন চাই পৰম আনন্দ লাভ কৰিলে।
ভাষা-বিষয়ক:
৫। তলৰ পুৰণি শব্দবোৰৰ আধুনিক ৰূপ লিখা:
উত্তৰ :
| পুৰণি শব্দ | আধুনিক ৰূপ |
| তেজহ | ত্যাগ কৰা |
| তোহাৰি | তোমাৰ |
| হামু | মই |
| থিক | আছে |
| মাখিয়ে | সানি |
| উনিকৰ | এওঁৰ |
| ফিৰত | ঘূৰি ফুৰা |
| গাৰি | গালি |
৬। বিপৰীত শব্দ লিখা:
উত্তৰ :
| শব্দ | বিপৰীত শব্দ |
| চোৰ | সাধু |
| উত্তৰ | প্ৰশ্ন |
| কাতৰ | অকাতৰ |
| পুণ্য | পাপ |
| শোক | হৰ্ষ |
| হৰ্ষ | শোক |
| শীতল | গৰম |