Assamese: Class 9 ৰ অসমীয়াৰ সকলো অধ্যায় পাবলৈ ইয়াত ক্লিক কৰক।
পাঠ ১৪
সুখ
প্রশ্নাৱলী
ভাব-বিষয়ক :
১। অতি চমু উত্তৰ দিয়া:
(ক) মানুহৰ সুখ-দুখৰ আচল কথা কি?
উত্তৰ: মানুহৰ সুখ-দুখৰ আচল কথা হ’ল মন।
(খ) কেনেকুৱা ধৰণৰ ভাবে মানুহক তললৈ বুৰায় বুলি কবিয়ে কৈছে?
উত্তৰ: অহংকাৰ আৰু স্বাৰ্থপৰ ভাৱে মানুহক তললৈ বুৰায় বুলি কবিয়ে কৈছে।
(গ) নিস্বাৰ্থৰ বাট কেনেকুৱা?
উত্তৰ: নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলিৰ দৰে সুন্দৰ আৰু সুগন্ধি ফুলেৰে ভৰপূৰ।
(ঘ) কবি আনন্দ চন্দ্র আগৰৱালাক কিয় ‘ভাঙনি কোঁৱৰ’ বুলি কোৱা হয়?
উত্তৰ: বহু ইংৰাজী কবিতা অতি সুৱলাকৈ অসমীয়ালৈ অনুবাদ বা ভাঙনি কৰাৰ বাবে তেওঁক ‘ভাঙনি কোঁৱৰ’ বুলি কোৱা হয়।
(ঙ) কাক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে?
উত্তৰ: পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে।
(চ) কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি?
উত্তৰ: কবিৰ মতে স্বাৰ্থ ত্যাগ কৰি আৰু আনৰ সুখ- দুখত ভাগ লৈ প্ৰকৃত সুখ পাব পাৰি।
২। কবিতাটোৰ মূল কথাখিনি নিজৰ ভাষাত লিখা।
উত্তৰ : পৃথিৱীৰ প্ৰতিগৰাকী মানুহেই ওৰেটো জীবন সুখৰ সন্ধান কৰে। সুখৰ অনুভূতিয়ে সকলোকে ৰোমাঞ্চিত কৰি তোলে। কিন্তু এই সুখৰ সূত্র প্রত্যেকৰ বাবে বেলেগ বেলেগ হ’ব পাৰে। সুখ বিচাৰি আকৌ বহুতে দুখৰ সাগৰতহে ককবকাই থাকিব লাগে। জীৱনৰ তাৎপর্য অনুধাবন কৰা মানুহে জানে যে আনৰ সুখত সুখী আৰু আনৰ দুখত দুখী অনুভৱ কৰিব পাৰিলেহে প্ৰকৃত সুখৰ মুখ দেখাটো সম্ভৱ। কবিয়েও কৈছে- ‘পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায়।‘ সেয়েহে, আনৰ মাজত নিজক বিলাই দিব পাৰিলে আৰু নিঃস্বার্থভাৱে আনক আপোন কৰিব পাৰিলে জীৱন সুখময় হৈ পৰে। ‘পৃথিৱীখনেই আমাৰ ঘৰ, আমি সকলোৱেই ভাই-ভনী’- এইবুলি ল’ব পাৰিলে আমাৰ জীৱন সুখৰ আকৰ হৈ পৰিব। জীৱন হৈ পৰিব অর্থপূর্ণ। সংক্ষেপত এয়াই কবিতাটোৰ মূল ভাৱ।
৩। ব্যাখ্যা কৰাঃ
(ক) অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই, পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই।
উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ (নতুন)ৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত ‘সুখ’ নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে।
ইয়াৰ জৰিয়তে কবিয়ে মানৱ জীৱনৰ প্ৰকৃত উদ্দেশ্য আৰু সুখৰ উৎসৰ বিষয়ে বৰ্ণনা কৰিছে।
কবিয়ে কৈছে যে আমাৰ এই মানৱ জীৱনটো কেৱল নিজৰ সুখ-ভোগ বা স্বাৰ্থপূৰণৰ বাবে হোৱা নাই। মানুহ সামাজিক জীৱ, গতিকে সমাজৰ আন লোকৰ প্ৰতিও আমাৰ কৰ্তব্য আছে। যেতিয়া আমি কেৱল নিজৰ কথা নাভাবি আনৰ অভাৱ আৰু দুখ-কষ্ট দূৰ কৰিবলৈ পৰিশ্ৰম কৰোঁ, তেতিয়াহে আমাৰ জীৱন সাৰ্থক হয়। পৰৰ মংগলৰ বাবে নিজক নিয়োজিত কৰিব পাৰিলে এই দুখময় সংসাৰখনো আমাৰ বাবে পৰম সুখৰ ঠাই হৈ পৰে। পৰোপকাৰৰ মাজতে আচল আত্মসন্তুষ্টি লুকাই থাকে।
(খ) গাই-গোটা পেটে ভঁৰাল নহবা লোকৰ দুখলৈ চোৱা, মানুহৰ সেৱা মানুহৰ পূজা পরিত্র বৰত লোৱা।
উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ (নতুন)ৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত ‘সুখ’ নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে।
ইয়াত কবিয়ে মানুহক স্বাৰ্থপৰতা ত্যাগ কৰি মানৱ সেৱাত ব্ৰতী হ’বলৈ আহ্বান জনাইছে। ‘গাই-গোটা পেটে ভঁৰাল’ অৰ্থাৎ কেৱল নিজৰ পেটটো ভৰোৱা বা নিজৰ মংগল চোৱা স্বাৰ্থপৰ লোকক কবিয়ে সমালোচনা কৰিছে। কবিৰ মতে, সমাজত বাস কৰি আমি আনৰ দুখ-কষ্টৰ প্ৰতি চকু দিয়া উচিত। মানুহৰ সেৱা কৰাটোৱেই হৈছে ভগৱানৰ আচল পূজা। ধৰ্মীয় আচাৰ-অনুষ্ঠানতকৈ মানুহক সেৱা আৰু সহায় কৰাটো অধিক পৱিত্ৰ আৰু মহৎ কাৰ্য। এই মানৱ সেৱাকেই জীৱনৰ পৱিত্ৰ ব্ৰত হিচাপে গ্ৰহণ কৰিলে সমাজত শান্তি আৰু মনত প্ৰকৃত সুখ আহে।
(গ) স্বাৰ্থৰ বাটত দুখৰ কাঁইট খোজেপতি বিন্ধে হুলে, নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি সুগন্ধি কুসুম ফুলে।
উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ (নতুন)ৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত ‘সুখ’ নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে।
কবিয়ে ইয়াত স্বাৰ্থপৰ আৰু নিস্বাৰ্থ জীৱনযাত্ৰাৰ মাজৰ পাৰ্থক্যটো ধুনীয়া প্ৰতীকৰ জৰিয়তে দাঙি ধৰিছে। যিবোৰ মানুহে কেৱল নিজৰ লাভ বা স্বাৰ্থৰ বাবে কাম কৰে, তেওঁলোকৰ জীৱনৰ পথটো অতি কঠিন আৰু যন্ত্ৰণাদায়ক হয়। স্বাৰ্থপৰতাই মানুহক মানসিক অশান্তি দিয়ে আৰু জীৱনৰ প্ৰতিটো খোজতে দুখৰ কাঁইটে বিন্ধাৰ দৰে কষ্ট দিয়ে। ইয়াৰ বিপৰীতে, যিসকলে নিস্বাৰ্থভাৱে লোকৰ কল্যাণ সাধনা কৰে, তেওঁলোকৰ জীৱনৰ পথটো অতি সুন্দৰ, মসৃণ আৰু ‘সেন্দুৰীয়া আলি’ৰ দৰে উজ্জ্বল হৈ পৰে। তেওঁলোকৰ জীৱনত সৎ কৰ্মৰ সুগন্ধি ফুল ফুলে আৰু তেওঁলোকে অন্তৰত চিৰস্থায়ী আনন্দ লাভ কৰে।
ভাষা-বিষয়ক :
৪। উদাহৰণটো চাই বিপৰীত অৰ্থসূচক শব্দ লিখা :
উত্তৰ :
| শব্দ | বিপৰীত শব্দ |
| আপোন | পৰ |
| দুখ | সুখ |
| স্বাৰ্থ | নিস্বাৰ্থ |
| অভাৱ | উভৈনদী |
| সন্তোষ | অসন্তোষ |
| হাঁহি | কান্দোন |
৫। উদাহৰণটো চাই প্ৰাকৃত/তদ্ভৱ শব্দবোৰৰ প্ৰমিত ৰূপ (তৎসম) লিখা :
উত্তৰ :
| তদ্ভৱ ৰূপ | তৎসম ৰূপ |
| সামৰথ | সামৰ্থ্য |
| ধৰম | ধৰ্ম |
| কৰম | কৰ্ম |
| বিৰিখ | বৃক্ষ |
| যতন | যত্ন |
| মুকুতি | মুক্তি |