Assamese: Class 9 ৰ অসমীয়াৰ সকলো অধ্যায় পাবলৈ ইয়াত ক্লিক কৰক।
পাঠ ১৬
সম্মান
প্রশ্নাৱলী
ভাব-বিষয়ক :
১। অতি চমু উত্তৰ দিয়া
(ক) অধিকাৰ আৰু শাসনকর্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে?
উত্তৰ: অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনত মানুহে স্ব-প্ৰধান হৈ আপোনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে ।
(খ) ছাতৰে শিক্ষকৰ ধাৰ শুজিব পাৰেনে?
উত্তৰ: ছাতৰে শিক্ষকৰ ধাৰ শুজিব নোৱাৰে।
(গ) ‘তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা’ ‘তেওঁ’ কোন?
উত্তৰ: ইয়াত ‘তেওঁ’ বুলি ঈশ্বৰক বুজোৱা হৈছে।
(ঘ) হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল?
উত্তৰ: হেমচন্দ্ৰ বৰুৱা ‘আসাম নিউজ’ কাকতৰ সম্পাদক আছিল।
(ঙ) ‘হেমকোষ’ কি?
উত্তৰ: ‘হেমকোষ’ হৈছে অসমীয়া ভাষাৰ অভিধান ।
(চ) ‘কানীয়াৰ কীৰ্তন’ৰ ৰচক কোন?
উত্তৰ: ‘কানীয়াৰ কীৰ্তন’ৰ ৰচক হ’ল হেমচন্দ্ৰ বৰুৱা।
════════════════════════════
২। ‘ঈশ্বৰৰ পাচতে পিতৃ-মাতৃ আমাৰ মাননীয়’ কথাষাৰ বুজাই লিখা।
উত্তৰ: আমাৰ সমাজত ঈশ্বৰৰ ঠিক পিছৰ স্থানটোৱেই হৈছে পিতৃ-মাতৃৰ। তেওঁলোকেই আমাক এই ধুনীয়া পৃথিৱীখন দেখুৱাইছে। আমাৰ কেঁচুৱা কালৰ অসহায় অৱস্থাত তেওঁলোকে অশেষ কষ্ট স্বীকাৰ কৰি আমাক বুকুৰ মাজত ডাঙৰ-দীঘল কৰিছে। আমাৰ অসুখ হ’লে তেওঁলোকে নিজৰ সুখ-আহাৰ পাহৰি আমাক সুস্থ কৰিবলৈ দিনে-ৰাতিয়ে চেষ্টা কৰে। আমি ডাঙৰ হ’লে আমাক শিক্ষা-দীক্ষা দি সমাজত এজন ভাল মানুহ হিচাপে গঢ়ি তুলিবলৈ তেওঁলোকে সাধ্য অনুসৰি সকলো কৰে। আমাৰ সফলতা আৰু মৰ্যাদাই তেওঁলোকক অসীম আনন্দ দিয়ে আৰু আমাৰ দুখ বা বেয়া খবৰে তেওঁলোকৰ চকু চকুলোৰে ওপচাই পেলায়। নিজৰ সন্তানৰ কুশলৰ বাবে জীৱন উৎসৰ্গা কৰা এনে পিতৃ-মাতৃ পৃথিৱীত আমাৰ বাবে আটাইতকৈ শ্ৰদ্ধাৰ আৰু মান্য ব্যক্তি। সেইবাবে আমাৰ কৰ্তব্য হ’ল তেওঁলোকৰ আজ্ঞা পালন কৰা আৰু তেওঁলোকৰ বৃদ্ধ কালত সেৱা-শুশ্ৰূষা তথা ভৰণ-পোষণ দি সুখেৰে ৰখা।
════════════════════════════
৩। শিক্ষকৰ প্রতি ছাত্রই মান-সৎকাৰ কিয় ৰাখিব লাগে?
উত্তৰ: এজন অন্ধ মানুহক চকু দান কৰা ব্যক্তিজন যেনেকৈ তেওঁৰ পৰম উপকাৰী, ঠিক তেনেদৰেই শিক্ষকসকলেও শিক্ষাৰ্থীৰ জীৱনত জ্ঞানৰ চকু মুকলি কৰি দিয়ে। চকু থকা সত্ত্বেও এজন ছাত্ৰই যিবোৰ কথা বুজি নাপাই অজ্ঞাত হৈ থাকে, শিক্ষকৰ অনুগ্ৰহতহে সেইবোৰ বুজিব আৰু দেখিব পৰা হয়। শিক্ষকে ছাত্ৰ-ছাত্ৰীক জীৱনৰ উচিত পথ দেখুৱাই সমাজৰ যোগ্য নাগৰিক হিচাপে গঢ়ি তোলে। আমাৰ শাস্ত্ৰতো উল্লেখ আছে যে শিক্ষকে যদি ছাত্ৰক কেৱল এটা আখৰো শিকাই, তেন্তে পৃথিৱীৰ কোনো মূল্যবান বস্তু দিও ছাত্ৰই সেই শিক্ষকৰ ঋণ মুক্ত হ’ব নোৱাৰে। শিক্ষকৰ এই অপৰিসীম অৱদানৰ বাবেই ছাত্ৰই তেওঁৰ প্ৰতি সদায় শ্ৰদ্ধা আৰু মান-সৎকাৰ ৰাখিব লাগে।
════════════════════════════
৪। ‘সম্মান’ পাঠটোৰ পৰা কি কি শিকিলা, চমুকৈ লিখা।
উত্তৰ: হেমচন্দ্ৰ বৰুৱাৰ ‘সম্মান’ পাঠটোৰ পৰা আমি শিকিলোঁ যে আমাৰ ব্যক্তিগত আৰু সামাজিক জীৱন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে সমাজৰ যোগ্য ব্যক্তিসকলক শ্ৰদ্ধা কৰাটো অপৰিহাৰ্য। পাঠটিৰ জৰিয়তে জানিব পাৰিলোঁ যে এই সৃষ্টিৰ আদি কাৰণ ঈশ্বৰক আমি আন্তৰিকতাৰে ভক্তি কৰা উচিত। তাৰ পিছতে আমাক জন্ম দিয়া আৰু পালন কৰা পিতৃ-মাতৃক সদায় মান্য কৰিব লাগে আৰু তেওঁলোকৰ বৃদ্ধ বয়সত দায়িত্ব ল’ব লাগে। জ্ঞানদাতা শিক্ষকসকলৰ প্ৰতি সদায় বিনম্ৰ আৰু বশ হৈ থকাৰ শিক্ষা পালোঁ। তদুপৰি, দেশত শান্তি বজাই ৰখা শাসনকৰ্তা বা অধিকাৰীসকলক আৰু আমাতকৈ বয়সে তথা অভিজ্ঞতাই শ্ৰেষ্ঠ লোকসকলক তেওঁলোকৰ দুৰাৱস্থাৰ সময়তো উপহাস নকৰি উপযুক্ত সম্মান প্ৰদৰ্শন কৰাৰ গুৰুত্বপূৰ্ণ শিক্ষা এই পাঠৰ পৰা লাভ কৰিলোঁ।
════════════════════════════
ভাষা-বিষয়ক প্ৰশ্নোত্তৰ
৫। তলৰ শব্দবোৰৰ সমার্থক শব্দ লিখা :
উত্তৰ:
| মূল শব্দ | সমাৰ্থক শব্দ |
| নৰিয়া | ৰোগ, বেমাৰ, অসুখ |
| জগত | পৃথিৱী, ধৰিত্ৰী, ধৰা |
| লোতক | চকুলো, চকুৰ পানী, অশ্ৰু |
| চকু | নয়ন, নেত্ৰ, অক্ষি |
| হেতু | কাৰণ, নিমিত্তে |
| মান | সন্মান, শ্ৰদ্ধা, আদৰ |
════════════════════════════
৬। বিপৰীত শব্দ লিখা :
উত্তৰ:
| শব্দ | বিপৰীত শব্দ |
| শ্ৰদ্ধা | ঘৃণা ,অশ্ৰদ্ধা |
| শলাগ | অশলাগ |
| আদি | অন্ত |
| দুষ্ট | শিষ্ট , সন্ত |
| জ্যেষ্ঠ | কনিষ্ঠ |
| ন্যায় | অন্যায় |