Assamese: Class 7 ৰ অসমীয়াৰ সকলো অধ্যায় পাবলৈ ইয়াত ক্লিক কৰক।
পাঠঃ ৭
সোণোৱালী অতীত
ক্রিয়া-কলাপ
পাঠভিত্তিক
১। তলত দিয়া প্রশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-
(ক) চেনেহীহঁতে ৰে’ল-গাড়ীৰে কামাখ্যা জংচনৰপৰা তম্বৰম ষ্টেচন পাওঁতে কিমান সময় লাগিছিল?
উত্তৰঃ (গ) ৫৪ ঘন্টা ৩৫ মিনিট
(খ) চিদাম্বৰম মন্দিৰৰ নটৰাজৰ মূৰ্তিটোত কি ধাতু অধিক পৰিমাণে মিহলি হৈ আছে?
উত্তৰঃ (খ) তাম
(গ) ‘দেওবাৰে ২১:৩০ বজাত তেওঁলোক তম্বৰম ৰে’লৱে ষ্টেচনত উপস্থিত হ’লগৈ।’ — সেই সময়ত ১২ ঘন্টীয়া ঘড়ীত কিমান বাজিছিল?
উত্তৰঃ (খ) ০৯:৩০ বাজিছিল
২। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ দিয়া।
(ক) ‘কাবেৰীৰ পাৰে পাৰে’ কিতাপখনৰ লেখকৰ নাম কি?
উত্তৰঃ ‘কাবেৰীৰ পাৰে পাৰে’ কিতাপখনৰ লেখকৰ নাম হ’ল হেমন্ত কুমাৰ শৰ্মা।
(খ) ‘গোপুৰম’ শব্দটোৱে কি সূচায়?
উত্তৰ: ‘গোপুৰম’ শব্দটোৱে মন্দিৰৰ উচ্চ প্ৰৱেশদ্বাৰক সূচায় ।
(গ) ব্রঞ্জ কি? ব্রঞ্জ কেনেকৈ তৈয়াৰ কৰে?
উত্তৰ: ব্ৰঞ্জ হৈছে এবিধ মিশ্ৰিত ধাতু। ইয়াক ৮৫% তাম আৰু ১৫% ৰাং মিহলি কৰি তৈয়াৰ কৰা হয়।
(ঘ) নটৰাজ মূৰ্তিটো কি প্রযুক্তিৰে নিৰ্মাণ কৰিছিল?
উত্তৰ: নটৰাজৰ মূৰ্তিটো প্ৰাচীন ভাৰতীয় ‘মম বিগলন পদ্ধতি’ প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছিল।
(ঙ) বৈজ্ঞানিকসকলে নটৰাজ মূৰ্তিটোৰ বৈশিষ্ট্য কি বুলি ঠাৱৰ কৰিছে?
উত্তৰ: বৈজ্ঞানিকসকলে নটৰাজ মূৰ্তিৰ ভৰিৰ বুঢ়া আঙুলিৰ স্পৰ্শস্থানটোক পৃথিৱীৰ চুম্বকীয় বিষুৱ ৰেখাৰ কেন্দ্ৰবিন্দু বুলি ঠাৱৰ কৰিছে।
(চ) গাইজ়নে চেনেহীহঁতক কি কি প্রযুক্তিৰ বিষয়ে কৈছিল?
উত্তৰ: গাইডজনে তেওঁলোকক দ্ৰাবিড়ীয় স্থাপত্য শৈলী, ধাতু নিষ্কাশনৰ কৌশল আৰু প্ৰাচীন ‘মম বিগলন পদ্ধতি’ৰ বিষয়ে কৈছিল।
৩। চিদাম্বৰম মন্দিৰটোত প্রাচীন ভাৰতীয় জ্ঞান প্ৰণালীৰ কি কি দিশ ফুটি উঠিছে, তাৰ বিষয়ে এটি চমু টোকা লিখা।
উত্তৰ: তামিলনাডুৰ চিদাম্বৰম নগৰৰ সোঁমাজত অৱস্থিত তিল্লাই নটৰাজ মন্দিৰটো প্ৰাচীন ভাৰতীয় জ্ঞান, বিজ্ঞান আৰু প্ৰযুক্তিৰ এক অপূৰ্ব নিদৰ্শন। খ্ৰীষ্টীয় দশম শতিকাত চোল বংশৰ ৰজা শ্বেত বৰ্মনে নিৰ্মাণ কৰোৱা এই মন্দিৰটো দ্ৰাবিড়ীয় স্থাপত্য শৈলীৰ এক উৎকৃষ্ট স্মাৰক। ইয়াত এহাতে যেনেকৈ স্থাপত্যবিদ্যা আৰু উচ্চ কাৰিকৰী বিজ্ঞানৰ প্ৰয়োগ ঘটিছে, আনহাতে আধ্যাত্মিকতাৰো এক সুন্দৰ সংমিশ্ৰণ দেখা পোৱা যায়। মন্দিৰৰ গৰ্ভগৃহত থকা ভগৱান শিৱৰ নৃত্যৰত ৰূপ অৰ্থাৎ নটৰাজৰ ব্ৰঞ্জৰ মূৰ্তিটো প্ৰাচীন ভাৰতৰ ‘মম বিগলন পদ্ধতি’ৰে গঢ়া হৈছিল, যাৰ বিকল্প আজিও আৱিষ্কাৰ হোৱা নাই। তাতকৈো ডাঙৰ কথা, এই মূৰ্তিটোৰ ভৰিৰ বুঢ়া আঙুলিয়ে স্পৰ্শ কৰি থকা স্থানখিনিয়েই পৃথিৱীৰ চুম্বকীয় বিষুৱ ৰেখাৰ কেন্দ্ৰবিন্দু বুলি বিজ্ঞানীসকলে নিশ্চিত কৰিছে। এই সকলোবোৰ দিশে প্ৰাচীন ভাৰতীয় ভৌগোলিক, গাণিতিক আৰু ধাতু বিজ্ঞানৰ অসীম জ্ঞানৰ প্ৰামাণিক চিত্ৰ দাঙি ধৰে।
৪। অভিধান চাই বাঁওফালৰ শব্দৰ লগত সোঁফালৰ অর্থবোৰ আঁচ টানি মিলাওঁ আহা-
উত্তৰ:
| শব্দ | অৰ্থ |
| স্থাপত্য | গৃহ, অট্টালিকা আদি নিৰ্মাণৰ শিল্প |
| পুৰাতত্ত্ব | প্ৰাচীন ইতিহাসৰ বিজ্ঞানসন্মত অধ্যয়ন |
| আধ্যাত্মিকতা | মন, আত্মা সম্বন্ধীয় |
| গোপুৰম | মন্দিৰৰ উচ্চ প্ৰৱেশদ্বাৰ |
| তিল্লাই | আৰ্দ্ৰ ঠাইত গজা এবিধ গছ |
| নটৰাজ | নৃত্যৰত শিৱৰ মূৰ্তি |
| গৰ্ভগৃহ | মন্দিৰৰ ভিতৰত বিগ্ৰহ ৰখা অংশ |
ভাষা – অধ্যায়ন
৫,৬ক)খ)গ) উত্তৰ: Read by yourself.
৬।ঘ) তলত দিয়া শব্দবোৰ পঢ়া আৰু শ, ষ, স-ৰ উচ্চাৰণ ‘স’ৰ দৰে, কোমল ‘খ’-ৰ দৰে আৰু ‘চ/ছ’-ৰ দৰে হোৱা শব্দবোৰ তিনিটা ভাগত লিখা।
উত্তৰ:
| ‘স’ৰ দৰে উচ্চাৰণ হোৱা শব্দ | কোমল ‘খ’ৰ দৰে উচ্চাৰণ হোৱা শব্দ | ‘চ/ছ’ৰ দৰে উচ্চাৰণ হোৱা শব্দ |
| সোতৰ | দশম | পুৰষ্কাৰ |
| শেন | শেষ | সষ্টম |
| সতে | অসম | নমস্কাৰ |
| সংগীত | আসন | স্তম্ভ |
| শগুন | মাংস | অপ্সৰা |
| ধ্বংস | পৃষ্ঠ |
৭ক) উত্তৰ: Read by yourself.
৭। (খ) ওপৰত দিয়া কবিতাৰ স্তৱককেইটাত অনুপ্রাস অলংকাৰ কেনেকৈ ব্যৱহাৰ হৈছে লিখা।
উত্তৰ: কোনো এটা কবিতাৰ শাৰীত একেটা ব্যঞ্জন বৰ্ণৰে বাৰে বাৰে পুনৰাবৃত্তি ঘটি এক বিশেষ ধবনিমাধুৰ্য সৃষ্টি কৰিলে তাক অনুপ্ৰাস অলংকাৰ বোলে। প্ৰথম স্তৱকটোত ‘চ’ বৰ্ণটো (যেনে- চমকা, চকোৱা, চৰিছে, চাপৰি, চানি, চল, চিলাই, চপালে, চতকৈ, চিনি) কেইবাবাৰো ব্যৱহাৰ হৈ ধবনিৰ এক সুন্দৰ ঝংকাৰ তুলিছে। ঠিক তেনেদৰে, দ্বিতীয় স্তৱকটোত ‘ল’ বৰ্ণটো (যেনে- লাজুকী, লতাই, লেটিয়াই, লৈছে, লেটেকৃত, লেখি, লোণ, লোভৰ, লালটি, লাগিছে, লুচত, লাজতে, লাহতী, লীন) প্ৰতিটো শব্দৰ আৰম্ভণিতে বাৰে বাৰে ব্যৱহাৰ হৈছে। এনেদৰে বৰ্ণৰ সৌন্দৰ্যময় পুনৰাবৃত্তিৰ জৰিয়তে কবিতা দুটাত অনুপ্ৰাস অলংকাৰ অতি সুন্দৰকৈ প্ৰয়োগ কৰা হৈছে।
৮। তলত দিয়া ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে জাৰি কৰা জাননীখন পঢ়ি প্ৰশ্নকেইটাৰ উত্তৰ দিয়া।
(ক) পুৰাতাত্ত্বিক সম্পদসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত এই জাননীখনে কেনেদৰে সহায় কৰিব?
উত্তৰ: এই জাননীখনে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে পুৰাতাত্ত্বিক সম্পদসমূহৰ ক্ষতিসাধন কৰিলে হ’বলগীয়া শাস্তি বা জৰিমনাৰ বিষয়ে স্পষ্টকৈ সঁকিয়াই দিছে। আইনগতভাৱে নিষিদ্ধ আৰু নিয়ন্ত্ৰিত ক্ষেত্ৰসমূহ সীমা নিৰ্ধাৰণ কৰি ঘোষণা কৰাৰ ফলত ঐতিহাসিক স্থাপত্যসমূহৰ ওচৰত অনধিকাৰ প্ৰৱেশ, অবৈধ নিৰ্মাণ আৰু খনন কাৰ্য বন্ধ হ’ব আৰু সম্পদসমূহ সুৰক্ষিত হৈ থাকিব।
(খ) পুৰাতাত্ত্বিক সম্পদসমূহ আমি কিয় সংৰক্ষণ কৰিব লাগে?
উত্তৰ: পুৰাতাত্ত্বিক সম্পদসমূহ হৈছে আমাৰ দেশ বা জাতিৰ সোণোৱালী ইতিহাস, প্ৰাচীন জ্ঞান-প্ৰণালী, কলা-সংস্কৃতি আৰু পূৰ্বপুৰুষসকলৰ গৌৰৱময় পৰিচয়ৰ জীৱন্ত দলিল। এই সম্পদসমূহ নষ্ট হৈ গ’লে আমি আমাৰ শিপা আৰু অতীতৰ গৌৰৱৰ কথা জনাৰ কোনো সমল বিচাৰি নাপাম। গতিকে ভৱিষ্যৎ প্ৰজন্মক নিজৰ ঐতিহ্যৰ বিষয়ে জনাবলৈ আৰু জ্ঞান চৰ্চা কৰিবলৈ আমি এইসমূহ সংৰক্ষণ কৰিব লাগে।
(গ) যিকোনো পুৰাতাত্ত্বিক সম্পদ ৰক্ষণাবেক্ষণ দিবলৈ তুমি কি কি পৰামৰ্শ দিবা?
উত্তৰ: পুৰাতাত্ত্বিক সম্পদসমূহ সুৰক্ষিত কৰিবলৈ মই প্ৰথমতে সেই ঐতিহাসিক স্থানসমূহত পৰ্যটকৰ বাবে কঠোৰ নীতি-নিৰ্দেশনা আৰু ২৪ ঘণ্টীয়া চি চি টিভি (CCTV) নিৰীক্ষণৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ দিম। দ্বিতীয়তে, স্থানীয় ৰাইজ তথা ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতামূলক সভা পাতি এই সম্পদসমূহৰ গুৰুত্ব বুজাব লাগিব। শেষত, স্মৃতিচিহ্নবোৰত কোনো ধৰণৰ দাগ লগোৱা, নাম কটা বা আৱৰ্জনা পেলোৱা কাৰ্য আইনগতভাৱে সম্পূৰ্ণ বন্ধ কৰিব লাগে।
৯। তুমি কৰা এটা ভ্ৰমণৰ অভিজ্ঞতাৰ বিষয়ে জনাই তোমাৰ বন্ধুলৈ এখন চিঠি লিখা। চিঠিখন লিখোঁতে তলত দিয়া দিশকেইটালৈ মন কৰিবা-
- ভ্ৰমণ কৰা ঠাইখনৰ নাম আৰু অৱস্থিতি
- ঠাইখনৰ ঐতিহ্য বা ইতিবৃত্ত আৰু চাবলগীয়া অনুষ্ঠান-প্রতিষ্ঠান
- তোমাৰ ভাল লগা অভিজ্ঞতাবোৰ
উত্তৰ:
প্ৰাপক বা বন্ধুৰ ঠিকনা:
যোৰহাট, অসম
তাৰিখ: ১৬ জুলাই, ২০২৬
প্ৰিয় ৰাহুল,
প্ৰথমতে মোৰ মৰম ল’বা। আশা কৰোঁ তোমালোক সকলো ভালে আছা। মই অলপতে মোৰ পৰিয়ালৰ সৈতে শিৱসাগৰলৈ কৰা এটা ঐতিহাসিক ভ্ৰমণৰ অভিজ্ঞতা তোমাক জনাবলৈ এই চিঠিখন লিখিছোঁ।
আমি যোৱা সপ্তাহত শিৱসাগৰলৈ ফুৰিবলৈ গৈছিলোঁ। তাত আহোম স্বৰ্গদেউসকলৰ দিনৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ যেনে- ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ আৰু ঐতিহাসিক শিৱদ’লৰ লগতে বৰপুখুৰী প্ৰত্যক্ষ কৰিলোঁ। কিতাপৰ পাতত পঢ়া কথাবোৰ চকুৰ আগত জিলিকি উঠা দেখি মোৰ মনটো আনন্দ আৰু কৌতূহলেৰে ভৰি পৰিছিল। বিশেষকৈ তলাতল ঘৰৰ মাটিৰ তলৰ সুৰংগৰ গঠন আৰু ৰংঘৰৰ অপূৰ্ব ইটাৰ স্থাপত্যশৈলী চাই মই আচৰিত হৈ পৰিলোঁ। আমাৰ পূৰ্বপুৰুষসকল যে কাৰিকৰী বিদ্যাত ইমান আগবঢ়া আছিল, তাক নিজে নেদেখিলে বিশ্বাসেই কৰিব নোৱাৰি। এই ভ্ৰমণৰ পৰা মই অসমৰ ইতিহাসৰ বিষয়ে বহুত নতুন কথা শিকিব পাৰিলোঁ।
তুমি কেতিয়াবা সময় পালে এনে ঐতিহাসিক ঠাইলৈ ভ্ৰমণ কৰিবলৈ যাবা। আজিলৈ সামৰিছোঁ, তোমাৰ মা-দেউতাক মোৰ প্ৰণাম জনাবা।
তোমাৰ মৰমৰ বন্ধু,
নীলিম
প্ৰকল্প
১০),১১),১২) উত্তৰ: Do it by yourself if possible.Also not important for exam.