Assamese: Class 7 ৰ অসমীয়াৰ সকলো অধ্যায় পাবলৈ ইয়াত ক্লিক কৰক।
পাঠঃ ১১
ছাতৰৰ কৰ্তব্য
ক্রিয়া-কলাপ
পাঠভিত্তিক
১। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া।
(ক) শিক্ষা অৰ্জনৰ বাবে ছাতৰৰ কি কি গুণ থাকিব লাগে?
উত্তৰ: শিক্ষা অৰ্জনৰ বাবে ছাতৰ-ছাত্ৰীৰ মূলতঃ অধ্যৱসায়, নিয়মীয়া পঢ়াৰ অভ্যাস, সময়ৰ সঠিক ব্যৱহাৰ, শৃংখলা, ধৈৰ্য আৰু জ্ঞান আহৰণৰ তীব্ৰ আগ্ৰহ আদি গুণসমূহ অপৰিহাৰ্যভাৱে থাকিব লাগিব।
(খ) ছাত্ৰ-ছাত্ৰীয়ে মনে মনে কি হ’ম বুলি প্ৰতিজ্ঞা কৰিব লাগে?
উত্তৰ: ছাত্ৰ-ছাত্ৰীয়ে মনে মনে সর্ববিদ্যাত পার্গত হ’ম বুলি প্রতিজ্ঞা কৰিব লাগে।
(গ) প্ৰকৃত জ্ঞানী লোকক লেখকে কাৰ লগত তুলনা কৰিছে?
উত্তৰ: প্ৰকৃত জ্ঞানী লোকক লেখকে দেৱতাৰলগত তুলনা কৰিছে।
(ঘ) বিদ্যা আয়ত্ত কৰিবলৈ কিদৰে পৰিশ্ৰম কৰিব লাগে?
উত্তৰ: বিদ্যা লাভ কৰিবলৈ হ’লে ছাত্ৰ-ছাত্ৰীয়ে নিয়মীয়াভাৱে আৰু একমনে পঢ়াশুনা কৰাৰ লগতে যিকোনো বিষয় সম্পূৰ্ণ বুজি নোপোৱা পৰ্যন্ত চেষ্টা অব্যাহত ৰাখিব লাগে। পঢ়া বিষয়বোৰ বাৰে বাৰে লিখি অনুশীলন কৰিলে আৰু সময়ৰ সঠিক সদ্ব্যৱহাৰ কৰিলে বিদ্যা স্থায়ীভাৱে আয়ত্ত কৰিব পাৰি।
(ঙ) লেখকে বেছি লাজৰ কথা কি বুলি কৈছে?
উত্তৰ: বিদ্যা অৰ্জনৰ সকলো সুবিধা আৰু শক্তি থাকিও কেৱল এলেহুৱামীৰ বাবে মূৰ্খ হৈ থকাটোৱেই আটাইতকৈ লাজৰ কথা বুলি লেখকে কৈছে।
২। ভাবি উত্তৰ দিয়া।
(ক) দেশৰ উন্নতি কেনেকৈ হ’ব পাৰে?
উত্তৰ: দেশৰ প্ৰকৃত উন্নতি নিৰ্ভৰ কৰে দেশৰ নাগৰিকসকলৰ শিক্ষা, সততা আৰু কৰ্মনিষ্ঠাৰ ওপৰত। ছাত্ৰ-ছাত্ৰীসকলে ছাত্ৰাৱস্থাৰে পৰাই সঠিক জ্ঞান আৰু নৈতিক শিক্ষা লাভ কৰি নিজকে দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তুলিলেহে সমগ্ৰ দেশখনে উন্নতিৰ পথত দ্ৰুতগতিৰে আগবাঢ়ি যাব পাৰে।
(খ) কিতাপ পঢ়াৰ উপৰি আৰু কি কি ধৰণে নানা বিদ্যা, কাৰ্য আৰু শক্তি বঢ়াব পাৰি?
উত্তৰ: কিতাপ পঢ়াৰ উপৰি ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ৰুচি আৰু সুবিধা অনুসৰি সংগীত চৰ্চা, চিত্ৰাঙ্কন, বক্তৃতা প্ৰদান, পুথি ৰচনা, খেতি-বাতি, বেপাৰ-বাণিজ্য, কাঠ-বাঁহৰ শিল্পকৰ্ম আদি বিভিন্ন ব্যৱহাৰিক কাম-কাজ শিকি নিজৰ কাৰ্যক্ষমতা আৰু প্ৰতিভা বিকশিত কৰিব পাৰে।
(গ) স্কুললê যোৱাৰ উদ্দেশ্য কি কি?
উত্তৰ: বিদ্যালয়লৈ যোৱাৰ মূল উদ্দেশ্য হৈছে বিভিন্ন বিষয়ৰ শিক্ষা গ্ৰহণ কৰি জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰা, সুন্দৰ চৰিত্ৰ গঠন কৰা আৰু সমাজত এজন সৎ, গুণী তথা আদৰ্শৱান মানুহ হিচাপে জীয়াই থাকিবলৈ প্ৰয়োজনীয় সকলো গুণ আয়ত্ত কৰা।
৩। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা।
(ক) এখন এখন কিতাপ এজন এজন লগৰীয়া।
উত্তৰ: উক্ত কথাষাৰ আমাৰ অসমীয়া পাঠ্যপুথি ‘উন্মেষ -২’ ৰ অন্তৰ্গত লম্বোদৰ বৰাৰ দ্বাৰা ৰচিত ‘ছাত্ৰৰ কৰ্তব্য’ প্ৰবন্ধটোৰ পৰা তুলি দিয়া হৈছে।
এই উক্তিটো লেখকে মানৱ জীৱনত কিতাপৰ গুৰুত্ব আৰু বন্ধুসুলভ ভূমিকাৰ ওপৰত আলোকপাত কৰিব গৈ প্রকাশ কৰিছে।
মানুহে যেতিয়া নানা ধৰণৰ ভাল ভাল কিতাপ পঢ়ে, তেতিয়া তেওঁলোকে মহৎ ব্যক্তিসকলৰ চিন্তা-চৰ্চাৰ সংস্পৰ্শলৈ আহিব পাৰে আৰু অকলশৰীয়া অনুভৱ নকৰে। কিতাপেই মানুহক সত্যৰ পথ দেখুৱায় আৰু বিপদে-আপদে আচল বন্ধুৰ দৰে মনত আনন্দ আৰু সাহ যোগায়। চমুকৈ এয়াই উক্ত বাক্যশাৰীৰ অর্থ ।
(খ) কিতাপৰ পোক এই সংসাৰত মহাসুখী।
উত্তৰ: উক্ত কথাষাৰ আমাৰ অসমীয়া পাঠ্যপুথি ‘উন্মেষ -২’ ৰ অন্তৰ্গত লম্বোদৰ বৰাৰ দ্বাৰা ৰচিত ‘ছাত্ৰৰ কৰ্তব্য’ প্ৰবন্ধটোৰ পৰা তুলি দিয়া হৈছে।
এই উক্তিটো লেখকে কিতাপ পঢ়াৰ প্ৰতি থকা কিছুমান মানুহৰ তীব্ৰ নিচা আৰু তাৰ পৰা পোৱা অপাৰ আনন্দৰ কথা কব গৈ প্রকাশ কৰিছে।
যিবিৰ লোকৰ কিতাপ পঢ়াৰ প্ৰতি অদম্য হেঁপাহ থাকে আৰু পঢ়াত মগ্ন হৈ থাকে, তেওঁলোকক সাধাৰণতে ‘কিতাপৰ পোক’ বুলি কোৱা হয়। তেওঁলোক নিজৰ পঢ়া আৰু জ্ঞানৰ মাজতেই ইমানেই আত্মহাৰা হৈ থাকে যে সংসাৰৰ আন কোনো দুখ-কষ্টই তেওঁলোকক স্পৰ্শ কৰিব নোৱাৰে আৰু তেওঁৰ দৰে সুখী মানুহ এই পৃথিৱীত আন কোনো নাই।চমুকৈ এয়াই উক্ত বাক্যশাৰীৰ অর্থ ।
(গ) কিতাপ আমাৰ দিব্যচকু।
উত্তৰ: উক্ত কথাষাৰ আমাৰ অসমীয়া পাঠ্যপুথি ‘উন্মেষ -২’ ৰ অন্তৰ্গত লম্বোদৰ বৰাৰ দ্বাৰা ৰচিত ‘ছাত্ৰৰ কৰ্তব্য’ প্ৰবন্ধটোৰ পৰা তুলি দিয়া হৈছে।
এই বাক্যটোৰ জৰিয়তে লেখকে কিতাপৰ জৰিয়তে লাভ কৰা অসীম জ্ঞানৰ দৃষ্টিৰ কথা বুজাব খুজিছে।
মানুহৰ স্বাভাৱিক চকুটিয়ে কেৱল ওচৰৰ দৃশ্যহে দেখিবলৈ পায়, কিন্তু কিতাপ পঢ়াৰ জৰিয়তে মানুহে অতীতৰ ইতিহাস, দূৰ-দূৰণিৰ অজানা দেশ, মহাকাশৰ ৰহস্য আৰু জগতৰ সকলো লুকাই থকা কথা স্পষ্টভাৱে জানিব পাৰে। সেই কাৰণেই কিতাপক মানুহৰ জ্ঞান লাভ কৰাৰ এক দিব্যদৃষ্টি বা দিব্যচকু বুলি কোৱা হৈছে।চমুকৈ এয়াই উক্ত বাক্যশাৰীৰ অর্থ ।
৪। তলত দিয়া বাক্যকেইটা মনোযোগেৰে পঢ়া, ভাবা আৰু বহলাই লিখা।
(ক) সময় বৰ ডাঙৰ বস্তু।
উত্তৰ: সময় হৈছে মানৱ জীৱনৰ আটাইতকৈ মূল্যবান আৰু দামী সম্পদ, যি এবাৰ হাতৰ পৰা গুচি গ’লে চেষ্টা কৰিলেও ঘূৰাই আনিব নোৱাৰি। যি ব্যক্তিয়ে সময়ৰ সঠিক মূল্য বুজি প্ৰতিটো পল নিষ্ঠাৰে সদ্ব্যৱহাৰ কৰে, তেওঁৱেই জীৱনত সফলতাৰ শিখৰত উপনীত হ’ব পাৰে। আনহাতে, যিসকলে এলাহ আৰু কাম্য নোহোৱা অসৎ সংগত সময় নষ্ট কৰে, তেওঁলোকৰ ভৱিষ্যত আন্ধাৰ হৈ পৰে আৰু তেওঁলোকে কেৱল দুখ-বেজাৰহে পাবলগীয়া হয়।চমুকৈ এয়াই উক্ত বাক্যশাৰীৰ অর্থ ।
(খ) মানুহৰ অসাধ্য একো নাই।
উত্তৰ: এই পৃথিৱীত মানুহৰ বাবে কোনো কামেই একেবাৰে অসম্ভৱ বা অসাধ্য নহয়, যদিহে মানুহৰ মনত দঢ় ইচ্ছাশক্তি, অদম্য সাহস আৰু কঠোৰ পৰিশ্ৰম কৰাৰ মানসিকতা থাকে। ইতিহাসৰ পাত থকা যিকোনো মহান আৱিষ্কাৰ বা সাফল্যৰ পিছতেই আছে মানুহৰ পুৰুষাৰ্থ আৰু আজীৱন সাধনা। সেইবাবে যিকোনো কঠিন বা জটিল পৰিস্থিতিতেই ছাত্ৰ-ছাত্ৰীয়ে কেতিয়াও নিৰাশ নহৈ আত্মবিশ্বাসেৰে চেষ্টা চলাই গ’লে সকলো কামেই নিজৰ মুঠিৰ ভিতৰলৈ আনিব পাৰিব। চমুকৈ এয়াই উক্ত বাক্যশাৰীৰ অর্থ ।
৫। তলত দিয়া অৰ্থৰ লগত খাপখোৱা শব্দ পাঠৰপৰা বিচাৰি আনি লিখা:
উত্তৰ:
- ইচ্ছা; অভিলাস — অভিপ্রায় / হাবিলাস
- যত্ন; চেষ্টা; পৰিশ্ৰম — পুৰুষাৰ্থ
- বৰ ইচ্ছা; পিয়াহ — হেঁপাহ / জ্ঞান-পিপাসা
- প্ৰচুৰ ধন-সম্পত্তি — ঐশ্বর্য
- আশংকা, সন্দেহ — সংশয়
৬।ক)ক),৭ । উত্তৰ: Not important for exam. Given for extra practice and knowledge.
ভাষা–অধ্যয়ন
৮। তলত দিয়া দফাটোৰপৰা অব্যয় পদ বাছি উলিয়াই লিখা:
উত্তৰ:
১. আৰু
২. কাৰণ
৩. তথাপি
৪. সৈতে
৫. বাবে
৯। উত্তৰ: Important for exam. Just read by yourself.
১০। তালিকাখনত থকা বাক্যকেইটাত কোন প্ৰকাৰৰ, কি অব্যয় ব্যৱহাৰ হৈছে লিখা।
উত্তৰ:
| ক্ৰ. নং. | বাক্য | অব্যয়ৰ প্ৰকাৰ | অব্যয় পদ |
| ক | সি আজি নাহে, কাৰণ তাৰ জ্বৰ উঠিছে। | সংযোজক অব্যয় | কাৰণ |
| খ | মা বা দেউতা মোৰ লগত যাব। | বিযোজক অব্যয় | বা |
| গ | সি কিজানি গুৱাহাটীলৈ গ’ল। | সন্দেহবোধক অব্যয় | কিজানি |
| ঘ | হায়! কি যে দুৰ্ঘটনা ঘটিল। | ভাববোধক অব্যয় | হায়! |
| ঙ | হে ঈশ্বৰ! মোক ৰক্ষা কৰা। | সম্বোধনবোধক অব্যয় | হে |
| চ | তুমি আজি আহিবা নে? | প্ৰশ্নবোধক অব্যয় | নে |
| ছ | বাৰু, তোমাৰ কথা মনত ৰাখিম। | সমিধানবোধক অব্যয় | বাৰু |
১১। নিয়মানুবৰ্তিতা সম্পৰ্কে ৰচনা লিখা ।
উত্তৰ:
নিয়মানুবৰ্তিতা আৰু ইয়াৰ গুৰুত্ব
জীৱনত সফল হোৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চাবিকাঠিটোৱেই হ’ল নিয়মানুবৰ্তিতা। নিয়মানুবৰ্তিতা বুলিলে নিৰ্দিষ্ট নিয়ম মানি চলি সময়মতে নিজৰ সকলো কৰণীয় কাম সুচাৰুৰূপে সম্পূৰ্ণ কৰাকে বুজায়। এজন ছাত্ৰ বা নাগৰিকৰ জীৱনত অনুশাসন আৰু নিয়মীয়া অভ্যাসে হ’ল সৰ্বোচ্চ প্ৰয়োজনীয়তা।
আমি কিয় নিয়মানুবৰ্তী হ’ব লাগে তাৰ মূল কাৰণ হ’ল ই আমাৰ জীৱনলৈ শৃংখলা কঢ়িয়াই আনে আৰু বিশৃংখলতা দূৰ কৰে। এই গুণ ছাত্ৰাৱস্থাৰে পৰাই নিজৰ প্ৰতিদিনৰ কাৰ্যসূচী, পঢ়াৰ নিৰ্দিষ্ট সময় তালিকা আৰু ডাঙৰক শ্রদ্ধা জনোৱাৰ মাধ্যমেৰে সহজে আয়ত্ত কৰিব পাৰি। যদি কোনো ব্যক্তিয়ে নিয়মানুবৰ্তী নহয়, তেন্তে তেওঁক প্ৰতিটো পদক্ষেপে প্ৰতিবন্ধকতা, সময়ৰ অপচয় আৰু ব্যৰ্থতাৰ মুখামুখি হ’ব লগা হয়। আমাৰ জীৱনত যিবিৰ অন্তৰায় বা এলাহৰ মনোভাৱ থাকে, সেইবোৰ দৃঢ় সঙ্কল্প আৰু আত্মসংযমৰ দ্বাৰাই সহজে দূৰ কৰিব পৰা যায়।