Assamese: Class 7 ৰ অসমীয়াৰ সকলো অধ্যায় পাবলৈ ইয়াত ক্লিক কৰক।
পাঠঃ ১
গছ ভাল পোৱা ককাৰ খং
ক্রিয়া-কলাপ
পাঠভিত্তিক
১। তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা—
প্ৰশ্ন: “ভাল পালোঁ ৰঘুনাথ” – এই কথাষাৰ ককাই কিয় কৈছিল?
উত্তৰ: (খ) ৰঘুনাথে পুতেকৰ বিয়ালৈ মতা বাবে।
প্ৰশ্ন: বিয়াঘৰত ককাৰ খং উঠাৰ কাৰণটো কি আছিল?
উত্তৰ: (খ) আমলখি গছজোপা কটা বাবে।
প্ৰশ্ন: “আলহী-অতিথি যাব, ৰভা নাইকিয়া হ’ব” – কথাষাৰ কোনে কাক কৈছিল?
উত্তৰ: (গ) ককাই ৰঘুনাথক কৈছিল।
২। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া—
(ক) কবিয়ে কবিতাটোত কাৰ বিয়াৰ কথা উল্লেখ কৰিছে?
উত্তৰ: কবিয়ে কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা উল্লেখ কৰিছে।
(খ) বিয়াঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্ৰশ্ন দুটা কি কি?
উত্তৰ: প্ৰশ্ন দুটা হ’ল— ৰভাখন দিবলৈ তেওঁ আমলখি গছজোপা কিয় কাটিলে আৰু সেই গছজোপা সহজতে জানো ঘূৰাই পাব ?
(গ) দৰাটিক মাতিবলৈ ককাই ৰঘুনাথক কিয় কৈছিল?
উত্তৰ: দৰাটিক আশীৰ্বাদ দিবলৈ ককাই দৰাটিক মাতিবলৈ কৈছিল।
(ঘ) ককাই বিয়াঘৰত কিয় একো খোৱা নাছিল?
উত্তৰ: ককাই বিয়াঘৰত আমলখি গছজোপা কাটি পেলোৱা বাবে একো খোৱা নাছিল।
৩। (খ) তলৰ স্তৱক দুটাৰ ভাৱাৰ্থ লিখা—
- “গছজোপা কটা বাবে লুচি-ভাজি, ৰসগোল্লা একোকে নাখাওঁ।”
উত্তৰ: এই পদ্যফাকি ড° ভবেন্দ্ৰনাথ শইকীয়াৰ ‘গছ ভালপোৱা ককাৰ খং’ নামৰ পদ্যটোৰপৰা লোৱা হৈছে।
এই কথাষাৰ ককাজনে ৰঘুনাথৰ পুতেকৰ বিয়ালৈ আহি ৰভাতল সোমায়ে আমলখি গছজোপা কাটি পেলোৱা দেখি দুখ মনেৰে কৈছিল।
ৰঘুনাথে বিয়াৰ আয়োজন কৰিবলৈ গৈ এজোপা আমলখি গছ কাটি পেলোৱাত ককাই মৰ্মান্তিক দুখ পাইছে। গছৰ প্ৰতি থকা মৰমৰ বাবেই তেওঁ বিয়াৰ সুস্বাদু আহাৰ নাখাই বুলি কৈছে।
- “পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই?”
উত্তৰ : এই পদ্যফাকি ড° ভবেন্দ্ৰনাথ শইকীয়াৰ ‘গছ ভালপোৱা ককাৰ খং’ নামৰ পদ্যটোৰপৰা লোৱা হৈছে।
এই কথাষাৰ ককাজনে ৰঘুনাথৰ পুতেকৰ বিয়ালৈ আহি ৰভাতল সোমায়ে আমলখি গছজোপা কাটি পেলোৱা দেখি দুখ মনেৰে কৈছিল।
বিয়াৰ ৰভাখন সাময়িক, কিন্তু এজোপা গছ ডাঙৰ হবলৈ বহু বছৰ লাগে। কটা গছজোপা যে ইমান সহজতে ঘূৰাই পোৱা নাযাব, ককাই তাকে এই কথাষাৰৰ মাজেৰে বুজাইছে।
৪। ভাবি কোৱা আৰু লিখা—
(ক) ৰঘুনাথে আমলখি গছজোপা নকটাকৈ বিয়াৰ ৰভাখন কেনেদৰে সজাব পাৰিলেহেঁতেন?
উত্তৰ: ৰঘুনাথে গছজোপাক মাজত ৰাখিয়েই চাৰিওফালে কাপোৰ তৰি ৰভাখন সজাব পাৰিলেহেঁতেন।
(খ) ৰঘুনাথৰ পুতেকৰ বিয়ালৈ যদি তুমি গ’লাহেঁতেন, আমলখি গছজোপা কটা বাবে তুমি কি ক’লাহেঁতেন?
উত্তৰ: মই ক’লোহেঁতেন যে গছজোপাই আমাক অক্সিজেন আৰু ফল দিয়ে, গতিকে ইয়াক কটাটো উচিত হোৱা নাই।
(গ) কবিতাটোত ককাৰ কথাৰ মাজেৰে কি বাৰ্তা দিবলৈ বিচৰা হৈছে?
উত্তৰ: কবিতাটোত ককাৰ কথাৰ মাজেৰে গছ-গছনি সংৰক্ষণ কৰা আৰু বৃক্ষৰোপণৰ প্ৰয়োজনীয়তাৰ বাৰ্তা দিবলৈ বিচৰা হৈছে।
৫। খালী ঠাইত লিখি কথোপকথনটো সম্পূৰ্ণ কৰা—
উত্তৰ:
ককা: ৰভাখন দিওঁতে আমলখি গছজোপা কিয় কাটিলা? ৰভাৰ বাবে আনফালে ঠাই উলিয়াব নোৱাৰিলানে?
ৰঘুনাথ: ককা ভুল হৈ গ’ল, ৰভাখন ডাঙৰকৈ দিবলৈ যাওঁতে গছজোপা মাজত পৰিল বাবে কাটি দিলোঁ।
ককা: হ’লেও, ফল ধৰি থকা আমলখিজোপা কিয় কাটিলা? আমলখিৰ পুলি এটা তাত ৰুই ডাঙৰ কৰিলা বাৰু! তাৰ পাছত ফল ধৰিবলৈ কিমান বছৰ লাগিব, ভাবি চাইছানে?
ৰঘুনাথ: মই ইমান কথা ভবা নাছিলোঁ ককা, মোক ক্ষমা কৰক।
ককা: বৰ বেয়া কাম কৰিলা ৰঘুনাথ! মোৰ বৰ দুখ লাগিল! বেয়াও পালোঁ। দৰাটিক মাতা; তেওঁক এজোলোকা আশীৰ্বাদ দি ঘৰলৈ যাওঁগৈ।
ৰঘুনাথ: ককা, বিয়াৰ জলপানখিনি খাইহে যাব।
ককা: বেয়া নাপাবা। মোৰ আৰু খাবলৈ একেবাৰে মন নাই।
৬। শব্দৰ সঠিক অৰ্থ বিচাৰি লিখা—
উত্তৰ :
- এজোলোকা: একাঁজলি
- ঔষধ: দৰৱ
- ৰভা: উছৱ-পৰৱৰ বাবে ওখকৈ দিয়া চালি
- বোৱাৰী: পুত্ৰৰ পত্নী
- অতিথি: আলহী
ভাষা– অধ্যায়ন
৭,৮ ক),ক)গ)ঘ) উত্তৰ: Read by yourself.
৯। (ক) তলৰ শব্দবোৰত ‘পুৰুষবাচক বিভক্তি’ যোগ কৰি লিখা—
উত্তৰ:
| সম্বন্ধ বুজোৱা শব্দ | ২য় পুৰুষ (তোমাৰ) | ২য় পুৰুষ (তোৰ) | ৩য় পুৰুষ (তাৰ) | ৩য় পুৰুষ (তাইৰ) |
| আইতা | আইতাৰা | আইতাৰ | আইতাক | আইতাক |
| সখি | সখিয়েৰা | সখিয়েৰ | সখিয়েক | সখিয়েক |
| পেহী | পেহীয়েৰা | পেহীয়েৰ | পেহীয়েক | পেহীয়েক |
| শাহু | শাহুৱেৰা | শাহুৱেৰ | শাহুৱেক | শাহুৱেক |
| আমৈ | আমৈয়েৰা | আমৈয়েৰ | আমৈয়েক | আমৈয়েক |
| বৌ | বৌৱেৰা | বৌৱেৰ | বৌৱেক | বৌৱেক |
| দেওৰ | দেওৰেৰা | দেওৰেৰ | দেওৰেক | দেওৰেক |
৯। (খ) অশুদ্ধ শব্দটো কাটি দিয়া—
উত্তৰ:
১. তোমাৰ দেউতাৰা ঘৰত আছেনে?
২. তোৰ ভায়েৰ বৰ বুধিয়ক।
৩. তেওঁৰ খুৰীয়েক ঘৰলৈ গ’ল।
৪. আমাৰ মামাই নাচিব জানে।
৫. সিহঁতৰ বৌৱেক ক’ত থাকে?
৯। (গ) পুৰুষবাচক বিভক্তি যোগ কৰি খালী ঠাঁই পূৰোৱা—
উত্তৰ:
১. তোৰ মাহীয়েৰৰ অসুখ।
২. আমাৰ ককাই খেতি কৰে।
৩. তোমালোকৰ খুৰাৰাক কথাটো ক’বা।
৪. বৌলৈ কিতাপখন আগবঢ়ালোঁ।
৫. তেওঁৰ শহুৰেকৰ ঘৰ বৰপেটাত।
৬. তাই ভায়েকক বৰ মৰম কৰে।
৭. আপোনাৰ ভনীয়েক আহি আছে।
জ্ঞান–সম্প্ৰসাৰণ
১০। ভাবি লিখা (চমুকৈ)—
(ক) গছ-পুলি কেনেকৈ যতন ল’ব লাগে?
উত্তৰ: গছ-পুলিক নিয়মিত পানী দিব লাগে, জেওৰা দি ৰক্ষা কৰিব লাগে আৰু মাজে মাজে সাৰ দিব লাগে।
(খ) কেইবিধমান ঔষধি ফলৰ নাম লিখা।
উত্তৰ: আমলখি, শিলিখা, নিম, ভোমোৰা আদি।
(গ) গছ কটা বন্ধ কৰিবলৈ কি কৰিব পাৰি?
উত্তৰ: মানুহক সজাগ কৰিব লাগে আৰু বেছিকৈ গছ ৰুব লাগে।
১১। দিৱসবোৰৰ বিষয়ে টোকা—
উত্তৰ:
বিশ্ব বন দিৱস: বন সুৰক্ষাৰ বাবে পালন কৰা হয়।
ধৰিত্ৰী দিৱস: পৃথিৱীখনক নিকা কৰি ৰখাৰ বাবে পালন কৰা হয়।
বিশ্ব পৰিৱেশ দিৱস: পৰিৱেশৰ সজাগতাৰ বাবে ৫ জুনত পালন কৰা হয়।
১২। ‘বিশ্ব পৰিৱেশ দিৱস’ৰ বাবে শ্ল’গান—
উত্তৰ : ১. “গছ ৰুওক, পৰিৱেশ বচাওক।”
২. “প্লাষ্টিকৰ ব্যৱহাৰ বৰ্জন কৰক।”
১৩ ক) উত্তৰ: Read by yourself.
১৩ খ) উত্তৰ: Do by yourself and also not important for exam.
প্রকল্প
১৪,১৫,১৬,১৭ উত্তৰ: Do by yourself and also not important for exam.