Assamese: Class 7 ৰ অসমীয়াৰ সকলো অধ্যায় পাবলৈ ইয়াত ক্লিক কৰক।
পাঠঃ ৫
ভলুকা আৰু ভতুৱা
ক্ৰিয়া-কলাপ
পাঠভিত্তিক
১। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা।
(ক) ভলুকা আৰু ভতুৱা কোন আছিল?
উত্তৰ: ভলুকা আৰু ভতুৱা এখন গাঁৱৰ দুটা কুকুৰ আছিল।
(খ) মথাউৰি ছিগোঁতে উপমাৰ আইতাকহঁতৰ পৰিয়ালটো ক’ত আছিল?
উত্তৰ: মথাউৰি ছিগোঁতে উপমাৰ আইতাকহঁতৰ পৰিয়ালটো নিজৰ চাং-ঘৰত আছিল।
(গ) চৰকাৰে কিয় সতৰ্কতামূলক বাৰ্তা প্ৰেৰণ কৰিছিল?
উত্তৰ: জনগণনৰ ৰক্ষাৰ্থে চৰকাৰে সতৰ্কতামূলক বাৰ্তা প্ৰেৰণ কৰিছিল।
(ঘ) উপমাহঁতৰ আইতাকে ভূমিকম্প আহোঁতে কোলাত কি লৈ ওলাই আহিছিল?
উত্তৰ: উপমাহঁতৰ আইতাকে ভূমিকম্প আহোঁতে কোলাত এটা গাৰু লৈ ওলাই আৰ্হিছিল।
(ঙ) চাং কি? ইয়াক কি কামত ব্যৱহাৰ কৰা হয়?
উত্তৰ: চাং হ’ল বাঁহ বা কাঠেৰে নিৰ্মাণ কৰা ঘৰৰ ভিতৰৰ এক ওখ মঞ্চ। ইয়াক বানপানীৰ পৰা শস্য ৰক্ষা কৰিবলৈ আৰু জৰুৰী সময়ত আশ্ৰয় ল’বলৈ ব্যৱহাৰ কৰা হয়।
(চ) কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ কাৰণ কি?
উত্তৰ: কৃত্ৰিম বানপানীৰ মূল কাৰণ হ’ল নলা-নৰ্দমাত জাবৰ-জোঁথৰ পেলোৱা আৰু পাহাৰ কাটি ঘৰ সজা।
(ছ) গাঁৱৰ মানুহবোৰে ঘাইপথৰ দাঁতিত তম্বু তৰি কিয় থাকিবলগীয়া হৈছিল?
উত্তৰ: গাঁৱৰ মানুহবোৰে ঘাইপথৰ দাঁতিত তম্বু তৰি বানপানীৰ বাবে থাকিবলগীয়া হৈছিল ।
২। ভাবা আৰু উত্তৰ লিখা।
(ক) ‘উপমা আৰু ভায়েকক দেখিহে মাক-দেউতাক আৰু আইতাকৰ মুখলৈ পানী আহিল।‘-ইয়াত ‘মুখলৈ পানী আহ্’ বাক্যাংশই কি বুজাইছে?
উত্তৰ: ইয়াত ‘মুখলৈ পানী আহ্’ মানে তীব্ৰ চিন্তাৰ পিছত মনলৈ শান্তি অহা বুজাইছে।
(খ) “দুৰ্যোগ আহিলে বাঘে-ছাগে একেটা ঘাটতে পানী খায়।“-ইয়াত ‘বাঘে-ছাগে একেটা ঘাটতে পানী খায়’ কথাখিনিয়ে কি বুজাইছে?
উত্তৰ: ইয়াৰ অৰ্থ হ’ল যেতিয়া ডাঙৰ বিপদ আহে, তেতিয়া সকলো পুৰণি শত্ৰুতা বা ভেদাভেদ পাহৰি সকলোৱে একেলগে মিলি-জুলি আশ্ৰয় ল’বলৈ বাধ্য হয়।
(গ) “দুয়োৰে মাজত আছিল অহি-নকুল সম্বন্ধ।“-ইয়াত ‘অহি-নকুল সম্বন্ধ’ই কেনেকুৱা সম্বন্ধৰ কথা সূচাইছে?
উত্তৰ: ‘অহি-নকুল সম্বন্ধ’ মানে হ’ল সাপ আৰু নেউলৰ দৰে ঘোৰ বা চিৰন্তন শত্ৰুতাৰ সম্বন্ধ।
৩। দলত আলোচনা কৰি কোৱা আৰু লিখা।
(ক) কৃত্ৰিম বানপানীৰ ফলত মানুহৰ কি কি অসুবিধা হ’ব পাৰে?
উত্তৰ: কৃত্ৰিম বানপানীৰ ফলত যান-বাহন চলাচল বন্ধ হয়, ঘৰৰ ভিতৰত পানী সোমাই সম্পত্তি নষ্ট কৰে, খোৱাপানীৰ অভাৱ হয় আৰু নানাধৰণৰ বেমাৰ-আজাৰ বিয়পে।
(খ) প্ৰাকৃতিক বানপানীৰ ফলত গ্ৰাম্যাঞ্চলত কি কি ক্ষতি হয়?
উত্তৰ: প্ৰাকৃতিক বানপানীয়ে গাঁৱৰ খেতি-বাৰী নষ্ট কৰে, ঘৰ-দুৱাৰ ভাঙি পেলায়, পোহনীয়া জীৱ-জন্তু উটুৱাই নিয়ে আৰু বাট-পথ ভাঙি যোগাযোগ ব্যৱস্থা বিছিন্ন কৰে।
(গ) পাঠত উল্লেখ থকা কাৰণ দুটাৰ উপৰি আৰু আন কি কি কাৰণত কৃত্ৰিম বানপানী হ’ব পাৰে?
উত্তৰ: পৰিকল্পনাহীন গৃহ নিৰ্মাণ, প্ৰাকৃতিক জলাশয়সমূহ মাটি পুতি বন্ধ কৰা আদিৰ বাবেও কৃত্ৰিম বানপানী হয়।
(ঘ) পাঠটোৰ এটা শিৰোনাম দিয়া আৰু নামটো কিয় দিলা তাৰ কাৰণ ব্যাখ্যা কৰা।
উত্তৰ: পাঠটোৰ আন এটা নাম ‘দুৰ্যোগ আৰু সজাগতা’ দিব পাৰি। কাৰণ ইয়াত বানপানী আৰু ভূমিকম্পৰ সময়ত ল’বলগীয়া সাৱধানতা আৰু জীৱনৰ সংগ্ৰামখন দেখুওৱা হৈছে।
৪। বাক্যবোৰ নতুনকৈ সজাই শুদ্ধকৈ লিখা:
উত্তৰ:
(ক) ৰবৰৰ অভিযান উদ্ধাৰকাৰী চলাবলৈ উদ্ধাৰ দলে নাৱেৰে ধৰিলে।
শুদ্ধ বাক্য: ‘এছ.ডি.আৰ.এফ.’ৰ উদ্ধাৰকাৰী দলে ৰবৰৰ নাৱেৰে উদ্ধাৰ অভিযান চলাবলৈ ধৰিলে।
(খ) মাক-দেউতাক দেখিহে দুয়োকে আৰু পানী আহিল আইতাকৰ মুখলৈ।
শুদ্ধ বাক্য: উপমা আৰু ভায়েকক দেখিহে মাক-দেউতাক আৰু আইতাকৰ মুখলৈ পানী আহিল।
(গ) অলপ ৰাতি কৰিব পঢ়া-শুনা লাগিব নহয়!
শুদ্ধ বাক্য: ৰাতি অলপ পঢ়া-শুনা কৰিব লাগিব নহয়!
(ঘ) বিদ্যুৎ বিছিন্ন বিভাগে ৰাতিয়েই থৈছিল কালি সংযোগ কৰি।
শুদ্ধ বাক্য: বিদ্যুৎ বিভাগে কালি ৰাতিয়েই সংযোগ বিচ্ছিন্ন কৰি থৈছিল।
(ঙ) কুকুৰ আৰু আমাৰ ধেকুৰা ভলুকা গাঁৱৰ দুটা ভতুৱা আছিল।
শুদ্ধ বাক্য: ভলুকা আৰু ভতুৱা আছিল আমাৰ গাঁৱৰ দুটা ধেকুৰা কুকুৰ।
ভাষা-অধ্যয়ন
৫।ক)খ)উত্তৰ: Read by yourself.
৬। তলত দিয়া বাক্যকেইটা পঢ়ি কোন প্ৰকাৰৰ বাক্য কাষৰ খালী বাকচত লিখা।
| বাক্য | বাক্যৰ প্ৰকাৰ |
| তোমাৰ যাত্ৰা শুভ হওক। | অনুজ্ঞাবোধক বাক্য (ইচ্ছাসূচক) |
| তুমি কেতিয়া আহিবা? | প্ৰশ্নবোধক বাক্য |
| ৰাতিপুৱা পূবফালে বেলি ওলায়। | বৰ্ণনামূলক বাক্য |
| সকলো সুখেৰে থাকা। | অনুজ্ঞাবোধক বাক্য (ইচ্ছাসূচক) |
| ৰাতিপুৱা সোনকালে উঠিবা। | অনুজ্ঞাবোধক বাক্য (উপদেশ) |
| তুমি অংককেইটা কৰিলানে? | প্ৰশ্নবোধক বাক্য |
| কিতাপখন খৰচি মাৰি পঢ়া। | অনুজ্ঞাবোধক বাক্য (আদেশ/উপদেশ) |
| উহঃ, বৰ দুখ পালোঁ। | ভাববোধক বাক্য (দুখ প্ৰকাশক) |
| পঢ়াৰ সময়ত আমি খেলা-ধূলা নকৰোঁ। | বৰ্ণনামূলক বাক্য (নঞৰ্থক) |
| আহঃ, বৰ আনন্দ পালোঁ। | ভাববোধক বাক্য (হৰ্ষ প্ৰকাশক) |
৭। বন্ধনীত দিয়া নিৰ্দেশ অনুসৰি তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য সাজা:
উত্তৰ:
(ক) সতৰ্কতা (বৰ্ণনামূলক বাক্য)
বাক্য: আমি সদায় সতৰ্কতা অৱলম্বন কৰিব লাগে।
(খ) কোন (প্ৰশ্নবোধক বাক্য)
বাক্য: দুৱাৰমুখত থকা মানুহজন কোন?
(গ) আহা (অনুজ্ঞাবোধক বাক্য)
বাক্য: তুমি মোৰ ওচৰলৈ আহা।
(ঘ) ঈশ্বৰ (ইচ্ছাসূচক বাক্য)
বাক্য: হে ঈশ্বৰ, সকলোকে কুশলে ৰাখা।
(ঙ) উঃ (ভাববোধক বাক্য)
বাক্য: উঃ, বৰ গৰম লাগিছে!
৮) উত্তৰ: Read and play by yourself.
৯। পাঠটোত থকা যুৰীয়া শব্দৰে খালী ঠাই পূৰ কৰা-
উত্তৰ:
(ক) মানুহে যেনিয়ে-তেনিয়ে জাবৰ-জোঁথৰ পেলায়।
(খ) মাজনিশা দুয়োৰে কেনেবাকৈ দেখা-দেখি হ’ল।
(গ) দুয়োটাৰে মাজত দবৰা-দবৰি লাগিছিল।
(ঘ) ঘাইপথৰ দাঁতিতে মানুহে ওচৰা-উচৰিকৈ তম্বু তৰি ল’লে।
(ঙ) ভলুকা আৰু ভতুৱায়ো সাঁতুৰি-নাদুৰি আহি ঘাইপথত উঠিল।
জ্ঞান–সম্প্রসাৰণ
(ক) দুৰ্যোগ ব্যৱস্থাপনা বুলিলে কি বুজা?
উত্তৰ: দুৰ্যোগৰ ক্ষয়-ক্ষতিৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ গ্ৰহণ কৰা সমগ্ৰ ব্যৱস্থাৱলীকে দুৰ্যোগ ব্যৱস্থাপনা বোলে।
(খ) দুৰ্যোগ ব্যৱস্থাপনাৰ স্তৰ তিনিটা কি কি?
উত্তৰ:দুৰ্যোগ ব্যৱস্থাপনাৰ স্তৰ তিনিটা হ’ল—
- আগতীয়া প্ৰস্তুতি
- দুৰ্যোগৰ সময়ৰ জৰুৰীকালীন সঁহাৰি
- দুৰ্যোগৰ পাছৰ পুনৰ সংস্থাপনৰ প্ৰণালীবদ্ধ ব্যৱস্থা
(গ) চাৰিটা প্ৰাকৃতিক দুৰ্যোগ আৰু চাৰিটা মানৱসৃষ্ট দুৰ্যোগৰ উদাহৰণ দিয়া।
উত্তৰ: চাৰিটা প্ৰাকৃতিক দুৰ্যোগৰ উদাহৰণ:
বানপানী, ঘূৰ্ণীবতাহ, ভূমিকম্প আৰু ভূমিস্খলন।
চাৰিটা মানৱসৃষ্ট দুৰ্যোগৰ উদাহৰণ:
বিস্ফোৰণ, যুদ্ধ, প্ৰদূষণ আৰু পথ দুৰ্ঘটনা
১২,১৩ উত্তৰ: If possible do by yourself and not important for exam.
প্রকল্প
১৪,১৫,১৬,১৭ উত্তৰ: If possible do by yourself and not important for exam.