Assamese: Class 9 ৰ অসমীয়াৰ সকলো অধ্যায় পাবলৈ ইয়াত ক্লিক কৰক।
পাঠ ১০
পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন
প্রশ্নাৱলী
ভাব-বিষয়ক
১। চমুকৈ উত্তৰ লিখা:
(ক) ৰাজপুত বীৰ মহাৰাণা প্রতাপৰ জন্ম ক’ত হৈছিল?
উত্তৰ: ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম হৈছিল ৰাজস্থানৰ ৰাজছমন্দ জিলাৰ উদয়পুৰত।
(খ) পিপলান্ত্ৰি গাঁওখন ক’ত অৱস্থিত?
উত্তৰ: পিপলান্ত্ৰি গাওঁখন ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা ৩৫০ কিলোমিটাৰ আঁতৰত অৱস্থিত।
(গ) কিহৰ বাবে পিপলান্ত্ৰি গাঁওখনে ‘গীণিজ ৱর্ল্ড ৰেকর্ড’ছত স্থান পাইছিল?
উত্তৰ: মাৰ্বল পাথৰৰ বাবে পিপলান্ত্ৰি গাঁওখনে ‘গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ড’ছ’ত স্থান লাভ কৰিছিল।
(ঘ) পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী অন্তর্ভুক্ত হৈছে?
উত্তৰ: ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত হৈছে।
(ঙ) ‘Tree Sisters’ নামৰ চিনেমানখন কোনে নির্মাণ কৰিছিল?
উত্তৰ: ‘Tree Sisters’ নামৰ চিনেমাখন আৰ্জেন্টিনাৰ এটা দলে নিৰ্মাণ কৰিছিল।
(চ) কিৰণ কোন আছিল?
উত্তৰ: কিৰণ পিপলান্ত্ৰি গাঁৱৰ মুখিয়াল শ্যাম সুন্দৰ পালিৱালৰ কন্যা সন্তান আছিল।
(ছ) ৰাখী-বন্ধনৰ দিনা পিপলান্ত্ৰি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে কি কৰে?
উত্তৰ: ৰাখী-বন্ধনৰ দিনা পিপলান্ত্ৰি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰাখী বান্ধে আৰু ইয়াৰ দ্বাৰা গছ আৰু মানুহৰ মাজৰ সম্পৰ্ক অধিক গভীৰ হৈ পৰে।
(জ) ‘কিৰণ নিধি যোজনা’ৰ আঁৰৰ মানুহজন কোন?
উত্তৰ: ‘কিৰণ নিধি যোজনা’ৰ আঁৰৰ মানুহজন হ’ল শ্যাম সুন্দৰ পালিৱাল।
(ঝ) কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কৰে?
উত্তৰ: কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰি গাঁৱৰ মানুহে মৃতকৰ স্মৃতিত ১১ টাকৈ গছপুলি ৰোপণ কৰে।
২। পিপলান্ত্ৰি গাঁৱৰ পৰিবেশ কিয় দূষিত হৈছিল?
উত্তৰ: মাৰ্বল পাথৰৰ বাবে ‘গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ডছ’ত স্থান লাভ কৰা পিপলান্ত্ৰি গাঁৱত ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰে। এই বৃহৎ খনিবোৰৰ ফলত প্ৰকৃতি ধ্বংস হোৱাৰ লগতে প্ৰাকৃতিক সম্পদসমূহ ব্যৱসায়ীৰ হাতলৈ যায়। মাৰ্বল পাথৰ আহৰণৰ বাবে খনিবোৰত দিনে-নিশাই কাম চলাৰ ফলত গছ-গছনি দ্রুতগতিত হ্ৰাস পায়, বৰষুণ কমি যায় আৰু চাৰিওফালৰ পৰিৱেশ প্ৰদূষিত হৈ পৰে।
৩। শ্যাম সুন্দৰ পালিৱাল কোন? পিপলান্ত্ৰি গাঁওখন পৃথিৱীবিখ্যাত হোৱাত তেওঁৰ অবদান সম্পর্কে চমুকৈ লিখা।
উত্তৰ: শ্যাম সুন্দৰ পালিৱাল হ’ল পিপলান্ত্ৰি গাঁওখনক ধ্বংসৰ মুখৰ পৰা উদ্ধাৰ কৰি পুনৰ জীয়াই তোলাৰ আঁৰৰ মূল ব্যক্তি তথা গাঁওখনৰ ভূতপূৰ্ব মুখিয়াল। ২০০৫ চনত তেওঁ গাঁওখনৰ দায়িত্ব লোৱাৰ পিছত এক অনুপম আদৰ্শ প্ৰতিষ্ঠা কৰে। তেওঁৰ একক প্ৰচেষ্টাত কন্যা সন্তানৰ জন্ম হ’লে ১১১ জোপা গছপুলি ৰোপণ কৰাৰ নিয়ম প্ৰৱৰ্তন কৰা হয় আৰু মানুহক পানী সংৰক্ষণ, গছপুলি প্ৰতিপালন আৰু খেতি-বাতিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ’বলৈ শিকোৱা হয়। তেওঁৰ এই মহৎ আদৰ্শৰ বাবেই আজি পিপলান্ত্ৰি গাঁওখনে সমগ্ৰ বিশ্বতে এক আদৰ্শ আৰু বিখ্যাত গাঁও হিচাপে পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছে।
৪। ‘কিৰণ নিধি যোজনা’ কি? এই যোজনাৰ অধীনত পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কি বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে?
উত্তৰ: ‘কিৰণ নিধি যোজনা’ হ’ল শ্যাম সুন্দৰ পালিৱালে নিজৰ কন্যা কিৰণৰ স্মৃতিত প্ৰৱৰ্তন কৰা এক মহৎ আঁচনি, যাৰ অধীনত গাঁৱত কন্যা সন্তান জন্ম হ’লে তেওঁলোকৰ নামত ১১১ টাকৈ গছপুলি ৰোপণ কৰা হয়। এই যোজনাৰ অধীনত পিপলান্ত্ৰি গাঁৱৰ মানুহে পালন কৰিবলগীয়া চাৰিটা প্ৰধান দায়িত্ব হ’ল— প্ৰথমতে, কন্যা সন্তানক ল’ৰা সন্তানৰ দৰেই মৰমেৰে ডাঙৰ-দীঘল কৰা; দ্বিতীয়তে, প্ৰতিটো কামতে পানী সংৰক্ষণ কৰা; তৃতীয়তে, গছ-গছনি ৰুই সেইবোৰ নিয়মিতভাৱে প্ৰতিপালন কৰা; আৰু চতুৰ্থতে, খেতি-বাতিৰ জৰিয়তে নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰা।
৫। কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি লৈছিল?
উত্তৰ: কন্যা সন্তানৰ সুৰক্ষা আৰু তেওঁলোকৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ শ্যাম সুন্দৰ পালিৱালে এক কঠোৰ তথা আদৰ্শগত নিয়ম প্ৰৱৰ্তন কৰিছিল। তেওঁৰ নিয়ম অনুসৰি গাঁৱত ছোৱালী ভ্ৰূণ হত্যা আৰু বাল্যবিবাহ কৰিব নোৱাৰিব; জন্মৰ লগে লগে ছোৱালীজনীৰ নামত ৩১,০০০ টকা বেংকত ‘ফিক্সড ডিপজিট’ কৰি ৰখা হয়, যিটো পঢ়া-শুনা বা বিয়াৰ সময়তহে খৰচ কৰিব পাৰিব। ইয়াৰোপৰি ছোৱালীজনীৰ জন্মৰ নামত ১১১ জোপা মূল্যৱান গছপুলি ৰোপণ কৰি সেইবোৰ গছক ছোৱালীজনীৰ সমানেই যত্ন লৈ ডাঙৰ কৰিব লাগে যাতে ভৱিষ্যতে সেই গছবোৰো তেওঁলোকৰ আৰ্থিক সম্বল হৈ পৰে। এই সকলো নিয়মৰ কথা ষ্টাম্প পেপাৰত স্বাক্ষৰ কৰি মানুহে মানি চলিব লাগিছিল।
৬। পিপলান্ত্ৰি গাঁৱত প্ৰকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পর্ক গঢ় লৈ উঠিছিল পাঠৰ সহায়ত লিখা?
উত্তৰ: পিপলান্ত্ৰি গাঁৱত মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্ক কেৱল প্ৰয়োজনীয়তাৰ নাছিল, ই অত্যন্ত গভীৰ আৰু আত্মিক হৈ পৰিছিল। যেতিয়াই গাঁৱত কোনো কন্যা সন্তানৰ জন্ম হৈছিল, তেতিয়াই তেওঁলোকৰ নামত ১১১ জোপা বহুমূলীয়া গছপুলি ৰোপণ কৰা হৈছিল আৰু ছোৱালীজনী ডাঙৰ হোৱাৰ লগে লগে সেই গছবোৰো পূৰ্ণাংগ বৃক্ষলৈ ৰূপান্তৰিত হৈছিল। মানুহে নিজৰ সন্তানৰ দৰেই মৰমেৰে এই গছবোৰ প্ৰতিপালন কৰিছিল। বিশেষকৈ ৰাখী-বন্ধনৰ দিনা মহিলা আৰু যুৱতীসকলে গছত ৰাখী বান্ধি প্ৰকৃতিক ভাই-ককাইৰ দৰে মৰম দিছিল, যিয়ে মানুহ আৰু গছৰ মাজৰ সম্পৰ্কক অতি সুন্দৰ আৰু আৱেগিক ৰূপ দান কৰিছিল।
৭। পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছে?
উত্তৰ: পিপলান্ত্ৰি গাঁৱৰ অনুপম সফলতা আৰু পৰিৱেশ ৰক্ষাৰ বৰ্ণনা দেশ-বিদেশৰ বিভিন্ন সংবাদ মাধ্যম, বাতৰি কাকত আৰু সামাজিক যোগাযোগ মাধ্যম যেনে ইউটিউব, ফেচবুক, টুইটাৰ আদিৰ জৰিয়তে বহুলভাৱে প্ৰচাৰ হৈছে। ইয়াৰোপৰি ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত আৰু ৰাজস্থানৰ স্কুলীয়া পাঠ্যপুথিত এই গাঁৱৰ পাঠ অন্তৰ্ভুক্ত কৰা হৈছে। আৰ্জেন্টিনাৰ এটা দলে এই গাঁওখনক লৈ ‘Tree Sisters’ নামৰ চিনেমা নিৰ্মাণ কৰাৰ লগতে বহুতে তথ্যচিত্ৰ আৰু হিন্দী চিনেমাও বনাইছে, যিয়ে এই সফলতাক বিশ্বৰ দৰবাৰত চিনাকি কৰি দিছে।
৮। পিপলান্ত্ৰি গাঁওখন কিয় এখন আদর্শ গাঁও বুলি তুমি ভাবা? পাঠটোৰ শিক্ষণীয় দিশ কোনবিলাক।
উত্তৰ: পিপলান্ত্ৰি গাঁওখনে একপ্ৰকাৰ ধ্বংসস্তূপৰ পৰা নিজকে তুলি ধৰি আজি সমগ্ৰ বিশ্বৰ বাবে এক অনুপম আদৰ্শ হৈ পৰিছে। যিখন গাঁৱত এদিন পানীৰ অভাৱ আৰু প্ৰদূষণে মানুহৰ জীৱন দুৰ্বিষহ কৰি তুলিছিল, আজি সেই গাঁৱেই পানী সংৰক্ষণ, গছ-গছনিৰ প্ৰচুৰতা আৰু স্বচ্ছতাৰ দ্বাৰা সেউজীয়া স্বৰ্গৰূপ লৈছে। ইয়াৰোপৰি কন্যা সন্তানক বোজা নুবুলি আশীৰ্বাদ হিচাপে গ্ৰহণ কৰাৰ যি সামাজিক পৰিৱৰ্তন ইয়াত হৈছে, সেয়া অতুলনীয়। সেয়েহে পিপলান্ত্ৰি গাঁওখন এখন আদর্শ গাঁও বুলি মই ভাবো । পাঠটোৰ মূল শিক্ষণীয় দিশসমূহ হ’ল— দৃঢ় মানসিকতা আৰু একত্ৰিত প্ৰচেষ্টা থাকিলে যিকোনো কঠিন সমস্যা সমাধান কৰিব পাৰি, প্ৰকৃতিয়েই আমাৰ আচল জীৱন আৰু কন্যা সন্তান আমাৰ সমাজৰ অমূল্য ধন।
৯। বহলাই, বুজাই লিখা:
(ক) বাৰটা মাহত তেৰটা খেতি।
উত্তৰ: আমাৰ বছৰটোত সাধাৰণতে বাৰটা মাহ থাকে, কিন্তু যিসকল লোক পৰিশ্ৰমী আৰু কৰ্মঠ, তেওঁলোকে নিজৰ কষ্ট আৰু সুন্দৰ পৰিকল্পনাৰ জৰিয়তে বছৰটোৰ প্ৰতিটো দিন বা মাহকে খেতি-বাতিৰ বাবে উপযোগী কৰি তোলে। অৰ্থাৎ পথাৰখন কেতিয়াও খালী নাথাকে, বছৰজুৰি বিভিন্ন শস্যৰে ভৰি থাকে। এই কথাষাৰৰ দ্বাৰা এলাহ কৰি বহি নাথাকি অহৰহ পৰিশ্ৰম কৰি জীৱনত সফল হোৱাৰ কথাক বুজোৱা হৈছে।
(খ) স্বচ্ছ ভাৰত অভিযান।
উত্তৰ: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনত প্ৰৱৰ্তন কৰা এক জনকল্যাণকৰ তথা দেশজুৰি চাফাই অভিযানৰ নামেই হ’ল ‘স্বচ্ছ ভাৰত অভিযান’। এই অভিযানৰ মূল উদ্দেশ্য হৈছে ভাৰতবৰ্ষৰ প্ৰতিখন চহৰ, গাঁও, পথ-ঘাট আৰু প্ৰতিটো ঘৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি এক প্ৰদূষণমুক্ত আৰু নিকা সমাজ গঢ়ি তোলা। পিপলান্ত্ৰি গাঁৱে চৰকাৰী এই অভিযানৰ বহুগুণ আগেয়েই নিজাববীয়াকৈ গাঁওখন সম্পূৰ্ণ পৰিষ্কাৰ কৰি ৰাখিছিল।
(গ) সামাজিক মাধ্যম।
উত্তৰ: বৰ্তমান যুগৰ তথ্য আদান-প্রদান আৰু যোগাযোগৰ আটাইতকৈ দ্ৰুত আৰু শক্তিশালী মাধ্যমসমূহকেই সামাজিক মাধ্যম বুলি কোৱা হয়। ফেচবুক, ইউটিউব, টুইটাৰ, হোৱাটছএপ আদি ইয়াৰ অন্তৰ্গত। এই মাধ্যমবোৰৰ জৰিয়তে যিকোনো খবৰ, ছবি বা তথ্য পলকতে বিশ্বৰ এচুকৰ পৰা আন এচুলৈ প্ৰেৰণ কৰিব পাৰি। পিপলান্ত্ৰি গাঁৱৰ ভাল কামবোৰো এই সামাজিক মাধ্যমৰ যোগেদিয়েই সমগ্ৰ পৃথিৱীত বিয়পি পৰিছে।
ভাষা-বিষয়ক
১০। বাক্য ৰচনা কৰা:
উত্তৰ:
- হাতে-কামে: শিক্ষকজনে সকলোকে হাতে-কামে কাম শিকাই দিলে।
- নিয়ম-শৃংখলা: বিদ্যালয়খনত কঠোৰ নিয়ম-শৃংখলা মানি চলা হয়।
- দিনে-নিশাই: সৈনিকজনে দেশৰ সুৰক্ষাৰ বাবে দিনে-নিশাই পহৰা দিয়ে।
- খেতি-বাতি: আমাৰ দেশৰ অৰ্থনীতি খেতি-বাতিৰ ওপৰত নিৰ্ভৰশীল।
- আনন্দ-উল্লাস: বিয়াঘৰত সকলোৱে আনন্দ-উল্লাস কৰিলে।
- ডাঙৰ-দীঘল: অনাথ আশ্ৰমখনে শিশুবিলাকক আদৰ-যতনেৰে ডাঙৰ-দীঘল কৰে।
- সুখ-সমৃদ্ধি: শান্তি আৰু একতাই সমাজলৈ সুখ-সমৃদ্ধি কঢ়িয়াই আনে।
১১। কিয় মূর্দ্ধন্য ‘ণ’ হৈছে লিখা:
উত্তৰ:
বৰষুণ: ঋ, ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য ন মূর্ধন্য ণ হয়।
পৰিমাণ: ঋ, ৰ, ষ-ৰ পিছত যদি কোনো স্বৰবৰ্ণ, ক-বৰ্গ (ক, খ, গ, ঘ), প-বৰ্গ (প, ফ, ব, ভ, ম), য, ৱ, হ বা অনুস্বাৰ (ং) থাকে, তেন্তে তাৰ পিছত থকা দন্ত্য ন মূর্ধন্য ণ হয়।।
ৰূপায়ণ: ঋ, ৰ, ষ-ৰ পিছত যদি কোনো স্বৰবৰ্ণ, ক-বৰ্গ (ক, খ, গ, ঘ), প-বৰ্গ (প, ফ, ব, ভ, ম), য, ৱ, হ বা অনুস্বাৰ (ং) থাকে, তেন্তে তাৰ পিছত থকা দন্ত্য ন মূর্ধন্য ণ হয়।
১২। তলৰ শব্দবোৰৰ প্রতিটোৰে একোটাকৈ সমার্থক শব্দ লিখা:
উত্তৰ:
- মুক্ত — মুকলি
- বায়ু — বতাহ
- বৃহৎ — ডাঙৰ
- পানী — জল
- গছ — বৃক্ষ
- চকু — নয়ন
- গাঁও — গ্ৰাম
১৩। তলৰ উপসর্গকেইটাৰে একোটিকৈ শব্দ গঠন কৰা:
উত্তৰ:
- প্রতি — প্ৰতিদান
- অধি — অধিগ্ৰহণ
- উপ — উপকাৰ
- অৱ — অৱৰোধ
- দূৰ — দূৰসংযোগ