Class 9 Assamese Chapter 11 | Class 9 Assamese Lesson 11 | যুঁজ class 9 | W5J3T2 | Class 9 Assamese

Assamese: Class 9 ৰ অসমীয়াৰ সকলো অধ্যায় পাবলৈ ইয়াত ক্লিক কৰক।

প্রশ্নাৱলী

ভাব-বিষয়ক :

১। অতি চমুকৈ উত্তৰ লিখা:

(ক) কাৰ বেগৰ পৰা টকা চুৰ হৈছিল?

উত্তৰ: প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ হৈছিল।

(খ) সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি?

উত্তৰ: সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম হ’ল— মহেন্দ্ৰ ।

(গ) নিৰ্মলে কাক বিচাৰি দোকানখনলৈ গৈছিল?

 উত্তৰ: নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি দোকানখনলৈ গৈছিল।

(ঘ) সিদ্ধাৰ্থই পেঞ্চিলবক্সত কি সাঁচি থৈছিলে?

উত্তৰ: সিদ্ধাৰ্থই পেঞ্চিলবক্সত দেউতাকে দিয়া চকলেটৰ কাগজবোৰ সাঁচি থৈছিল।

(ঙ) নিৰ্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল?

উত্তৰ: নিৰ্মলে তাৰ ৰোগৰ চিকিৎসাৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল।

২। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া:

(ক) সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল?

উত্তৰ: পাৰিবাৰিক অশান্তি আৰু নিঃসংগতাৰ সুযোগ লৈ সিদ্ধাৰ্থ ড্ৰাগছৰ দৰে মাৰাত্মক নিচাত আসক্ত হৈ পৰিছিল। এই নিষিদ্ধ ড্ৰাগছ কিনিবলৈ তেওঁক বহুত পইচাৰ প্ৰয়োজন হৈছিল। হাতত টকা নোহোৱা হোৱাত নিচাৰ তাড়নাত বাধ্য হৈ তেওঁ সহপাঠী প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল।

(খ) কি কি কাৰণত সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল?

 উত্তৰ: সিদ্ধাৰ্থৰ মাক-দেউতাকৰ মাজত অহৰহ হোৱা কাজিয়া আৰু অৱশেষত হোৱা বিচ্ছেদে তাৰ কুমলীয়া মনত গভীৰ আঘাত হানিছিল। ঘৰখনৰ এই আৱেগিক শূন্যতা আৰু নিঃসংগতাৰ সময়ত তেওঁ পাণদোকানী এজনৰ কৱলত পৰে। দোকানীজনে প্ৰলোভন দি প্ৰথমতে চিগাৰেট আৰু পাছলৈ ড্ৰাগছ যোগান ধৰাৰ বাবেই সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল।

(গ) নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি কিয় পাণদোকানখনলৈ গৈছিল?

উত্তৰ: নিৰ্মলে সিদ্ধাৰ্থক প্ৰায়েই সেই ৰহস্যময় পাণদোকানখনত দেখা পাইছিল আৰু দুই-এদিন দোকানৰ আঁৰত লুকাই সি চিগাৰেট টানি থকাও লক্ষ্য কৰিছিল। স্কুলত টকা চুৰিৰ ঘটনাত সিদ্ধাৰ্থৰ ওপৰত হোৱা সন্দেহে নিৰ্মলৰ কৌতূহল আৰু সন্দেহ দুগুণে বঢ়াই তুলিছিল। আপোন বন্ধ জনক এই আন্ধাৰ জগতখনৰ পৰা ৰক্ষা কৰাৰ এক গভীৰ দায়িত্ববোধৰ বাবেই নিৰ্মল পাণদোকানখনলৈ গৈছিল।

(ঘ) সিদ্ধাৰ্থই প্ৰথমতে কিয় নিৰ্মলৰ মুখামুখি হ’ব খোজা নাছিল?

উত্তৰ: সিদ্ধাৰ্থই নিজৰ ভুলবোৰ আৰু ড্ৰাগছ আসক্তিৰ কথা ভালদৰে জানিছিল, সেয়েহে সি এক অপৰাধবোধ আৰু মানসিক যন্ত্ৰণাত ভুগিছিল। নিৰ্মলৰ চকুৰ আন্তৰিকতা আৰু মৰমিয়াল প্ৰশ্নবোৰে তাৰ মনৰ পোহৰক জগাই তুলিছিল, যাৰ মুখামুখি হ’বলৈ সি সাহ কৰা নাছিল। সি নিজৰ দুখ, একাকীত্ব আৰু চকুপানীবোৰ বন্ধুবৰ্গৰ পৰা লুকুৱাই ৰাখিবলৈকে নিৰ্মলক এৰাই চলিছিল।

(ঙ) নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল?

 উত্তৰ: নিৰ্মলৰ দেহত থকা দুৰাৰোগ্য জটিল ৰোগৰ কথা শুনি সিদ্ধাৰ্থ গভীৰভাৱে মৰ্মাহত হৈ পৰিছিল আৰু সি নিস্পন্দ হৈ ৰৈছিল। সি নিৰ্মলক প্ৰতিশ্ৰুতি দিছিল যে সি ড্ৰাগছ লোৱাৰ এই ভুল পথটো এৰিবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিব। নিৰ্মল চকুৰ সন্মুখত নাথাকিলেও তাৰ অন্তৰৰ মৰম আৰু শাসনে তাক সদায় বেয়া কাম কৰাত বাধা দি থাকিব বুলি সি কয়।

৩। ‘তোৰ কি হৈছে, মোক ক’বই লাগিব সিদ্ধাৰ্থ’ – নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থক কেনেকৈ প্ৰভাৱিত কৰিছিল?

উত্তৰ: মাক-দেউতাকৰ বিচ্ছেদৰ পিছত সিদ্ধাৰ্থই জীৱনত মৰম আৰু আপোনত্বৰ চৰম অভাৱ অনুভৱ কৰিছিল। মহেন্দ্ৰ মাষ্টৰৰ দৰে কঠোৰ মানুহৰ গালি-গালাজ সহ্য কৰা তাৰ বাবে সহজ আছিল, কিন্তু নিৰ্মলৰ এই আন্তৰিকতাপূৰ্ণ মৰমৰ ধমকে তাৰ হৃদয় চুই গৈছিল। এই কথাষাৰে তাৰ যন্ত্ৰণাদগ্ধ বুকুত শান্তিৰ সংগীত হৈ বাজিছিল আৰু সি নিজৰ সকলো দুখ, একাকীত্ব তথা ড্ৰাগছ আসক্তিৰ কথা নিৰ্মলৰ আগত প্ৰকাশ কৰিবলৈ বাধ্য হৈছিল।

৪। সিদ্ধাৰ্থই কিহৰ বাবে নিঃসংগতাত ভুগিছিল বুজাই লিখা।

উত্তৰ: সিদ্ধাৰ্থৰ নিঃসংগতাৰ মূল কাৰণ আছিল তাৰ ভঙা পৰিয়ালটো। সৰুৰে পৰা সি ঘৰত মাক-দেউতাকৰ মাজত হোৱা তীব্ৰ কাজিয়া আৰু চিঞৰ-বাখৰ প্ৰত্যক্ষ কৰিছিল, যিয়ে তাৰ কুমলীয়া মনত গভীৰ আঘাট হানিছিল। পাছলৈ দেউতাকে ঘৰ এৰি গুচি যোৱাৰ পিছত কৰ্মব্যস্ত মাকে তাৰ মানসিক জগতখনৰ কোনো খবৰ নোলোৱা হ’ল। এইদৰে পাবলগীয়া পিতৃ-মাতৃৰ স্নেহ আৰু মনোযোগৰ পৰা বঞ্চিত হৈ সিদ্ধাৰ্থই চৰম নিঃসংগতাত ভুগিবলগীয়া হৈছিল।

৫। নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিৱৰি লিখা।

উত্তৰ: নিৰ্মলে সিদ্ধাৰ্থৰ স্বভাৱৰ পৰিৱৰ্তন লক্ষ্য কৰি তাক কেৱল এজন চোৰ বা অপৰাধী হিচাপে গণ্য নকৰি তাৰ অন্তৰৰ কৰুণ সত্যটো বুজিবলৈ চেষ্টা কৰিছিল। সি সিদ্ধাৰ্থক খেদি ফুৰি তাৰ লগত মৰম আৰু দায়িত্ববোধেৰে কথা পাতিছিল আৰু তাৰ সকলো দুখৰ কথা শুনিছিল। আনকি পাণদোকানীৰ গুণ্ডাৰ হাতত মাৰ খাইও নিৰ্মলে সিদ্ধাৰ্থৰ সংগ এৰি দিয়া নাছিল। নিৰ্মলৰ এই নিঃস্বাৰ্থ বন্ধুত্ব, সহানুভূতি আৰু সঠিক মাৰ্গদৰ্শনে সিদ্ধাৰ্থক ড্ৰাগছৰ কৱলৰ পৰা আঁতৰাই আনি পোহৰৰ বাট দেখুৱাইছিল।

৬। ‘তাৰ দৰে ল’ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি; অস্বস্তিকৰ মৌনতাৰ মাজত মাথোঁ ছটফটাবহে পাৰি’— কথাষাৰৰ অন্তৰ্নিহিত ভাব বিশ্লেষণ কৰা।

উত্তৰ: এইষাৰ কথাৰ দ্বাৰা সিদ্ধাৰ্থৰ মনৰ গভীৰ অপৰাধবোধ আৰু নিৰ্মলৰ চৰিত্ৰৰ পবিত্ৰতাক প্ৰকাশ কৰা হৈছে। মহেন্দ্ৰ মাষ্টৰৰ দৰে কঠোৰ শিক্ষকে কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াটো সিদ্ধাৰ্থৰ দৰে উদণ্ড ল’ৰাৰ বাবে সহজ আছিল, কাৰণ তাত কেৱল খং আছিল। কিন্তু নিৰ্মলৰ প্ৰশ্নৰ আঁৰত আছিল নিভাজ মৰম, আন্তৰিকতা আৰু তাক সংশোধন কৰাৰ এক সঁচা প্ৰয়াস। নিৰ্মলৰ এই সত্য আৰু পবিত্ৰতাৰ সন্মুখত সিদ্ধাৰ্থৰ উদণ্ড স্বভাৱটো শান্ত হৈ পৰিছিল, যাৰ বাবে সি কোনো মিছা মাতিব নোৱাৰি কেৱল মৌন হৈ ছটফটাবহে লগা হৈছিল।

৭। ‘হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি— ইমানেই তীব্ৰ সেই শূন্যতাৰ ভাব দুখৰ দাহন’— কথাষাৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে বুজাই লিখা।

উত্তৰ: এই কথাষাৰ গল্পটোৰ মূল চৰিত্ৰ সিদ্ধাৰ্থৰ বিষয়ে কোৱা হৈছে। মাক-দেউতাকৰ অমীমাংসিত প্ৰশ্ন আৰু বিচ্ছেদৰ বাবে সিদ্ধাৰ্থৰ জীৱনলৈ এক চৰম মানসিক বিপৰ্যয় নামি আহিছিল। ঘৰখনৰ মৃত্যুশীতল নিৰ্জনতা আৰু পিতৃ-মাতৃৰ মৰমৰ অভাৱে তাৰ মনটোক এক গভীৰ আৱেগিক শূন্যতাৰে ভৰাই তুলিছিল। এই শূন্যতা আৰু মানসিক যন্ত্ৰণা ইমানেই অসহ্য আছিল যে সি জীৱনৰ স্বাভাৱিক আনন্দ যেনে— হাঁহি-ধেমালি কৰা বা শান্তিপূৰ্ণ টোপনি যোৱাৰ ক্ষমতাও হেৰুৱাই পেলাইছিল।

৮। সিদ্ধাৰ্থই কিহৰ তাড়নাত মাকৰ খাৰুযোৰ চুৰ কৰিছিল আৰু পাছত তাৰ কিয় অন্তৰ্দ্বন্দ হৈছিল বুজাই লিখা।

উত্তৰ: ড্ৰাগছৰ ভয়ংকৰ নিচাত আসক্ত হৈ পৰা সিদ্ধাৰ্থই যেতিয়া নিচাৰ বাবে ব্যাকুল হৈ পৰিছিল, তেতিয়া পাণদোকানীজনে তাৰ পৰা বহুত পইচা দাবী কৰিছিল। নিচাৰ তীব্ৰ তাড়নাক নিয়ন্ত্ৰণ কৰিব নোৱাৰি সি উপায়হীন হৈ মাকৰ সোণৰ খাৰুযোৰ চুৰ কৰি দোকানীজনক দিছিল। কিন্তু যেতিয়া সেই সোণৰ খাৰু চুৰিৰ অপৰাধত ঘৰৰ নিৰ্দোষ কাম কৰা ছোৱালীজনীক পুলিচে বান্ধি নি লকআপত ভৰাইছিল, তেতিয়া সিদ্ধাৰ্থৰ মনত ভুল-শুদ্ধৰ বিচাৰ আৰু তীব্ৰ বিবেকদংশন বা অন্তৰ্দ্বন্দৰ সৃষ্টি হৈছিল।

৯। ‘আচলতে মন গ’লেই সুখী হ’ব পাৰি জান।’— নিৰ্মলে কি প্ৰসংগত সিদ্ধাৰ্থক এনেদৰে কৈছিল বুজাই লিখা।

উত্তৰ: যেতিয়া সিদ্ধাৰ্থই নিজৰ জীৱনটোক লৈ হতাশ হৈ পৰিছিল আৰু জীৱনে তাক প্ৰবঞ্চনা কৰা বুলি ভাবিছিল, সেই প্ৰসংগত নিৰ্মলে তাক জীৱনৰ প্ৰকৃত অৰ্থ বুজাবলৈ এইদৰে কৈছিল। নিৰ্মলে বুজাইছিল যে সুখ কোনো বাহিৰৰ বস্তু বা পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ নকৰে, ই মনৰ এটা অৱস্থাহে। প্ৰকৃতিৰ সুন্দৰ জগতখন (নদী, তৰা, আকাশ), কিতাপৰ জগত বা গানৰ জগতখনক আপোন কৰি লৈ মানুহে নিজৰ মনটোক সুখী কৰি ৰাখিব পাৰে, যাৰ বাবে কোনো ডাঙৰ উপাদানৰ প্ৰয়োজন নাই।

১০। ব্যাখ্যা কৰা:

(ক) নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল আৰু অভিমানী কৰে।

উত্তৰ: উক্তবাক্যশাৰী আমাৰ অ্যামীয়া পাঠ্যপুথি ‘ অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত ড° মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত ‘যুঁজ’ নামৰ চুটিগল্পটিৰ পৰা তুলি দিয়া হৈছে।

      মাক-দেউতাকৰ বিচ্ছেদৰ পিছত সিদ্ধাৰ্থই জীৱনত মৰমৰ চৰম নাটনি অনুভৱ কৰিছিল। ঘৰখনত বা স্কুলত কোনেও তাৰ মনৰ খবৰ লোৱা নাছিল, যাৰ বাবে সি ভুল পথ বাছি লৈছিল। কিন্তু যেতিয়া বন্ধু নিৰ্মলে অতি আন্তৰিকতাৰে তাৰ খবৰ ল’বলৈ ধৰিলে, তেতিয়া সিদ্ধাৰ্থৰ মনত হেৰাই যোৱা মৰম পোৱাৰ আশা জাগি উঠিল। এই মৰমৰ আশাই তাক ভিতৰৰ পৰা আৱেগিকভাৱে দুৰ্বল আৰু অভিমানী কৰি তুলিছিল, যদিও সি বুজি পোৱা নাছিল যে এই অভিমান আচলতে কাৰ ওপৰত আছিল।

(খ) মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো হয়তো কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য।

উত্তৰ: উক্ত বাক্যশাৰী আমাৰ অ্যামীয়া পাঠ্যপুথি ‘ অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত ড° মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত ‘যুঁজ’ নামৰ চুটিগল্পটিৰ পৰা তুলি দিয়া হৈছে।

      স্কুলত সিদ্ধাৰ্থই পইচা চুৰ কৰা কাৰ্যটো সমাজ বা শিক্ষকৰ চকুত আছিল এটা অত্যন্ত ঘৃণনীয় সত্য। কিন্তু নিৰ্মলে কেৱল বাহিৰৰ এই বেয়া কামটোকে সত্য বুলি মানি নোলেৱা নাছিল। সি বুজি পাইছিল যে এটা সলনি হৈ যোৱা হাঁহি-ধেমালি কৰা ল’ৰাই চুৰ কৰাৰ আঁৰত নিশ্চয় কোনো গভীৰ ঘৰুৱা যন্ত্ৰণা বা কৰুণ কাহিনী লুকাই আছে। মানুহে দেখা বাহ্যিক বেয়া কামবোৰৰ আঁৰতো বহু সময়ত মানুহৰ অসহায়তা আৰু কৰুণ পৰিস্থিতি লুকাই থাকে।

(গ) পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাগি যোৱা সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ।

উত্তৰ: উক্ত বাক্যশাৰী আমাৰ অ্যামীয়া পাঠ্যপুথি ‘ অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত ড° মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত ‘যুঁজ’ নামৰ চুটিগল্পটিৰ পৰা তুলি দিয়া হৈছে।

       মাক-দেউতাকৰ বিচ্ছেদে সিদ্ধাৰ্থৰ শৈশৱ আৰু কৈশোৰকাল ধ্বংস কৰি পেলাইছিল। পিতৃ-মাতৃৰ মৰম আৰু শাসনৰ অভাৱত সি সমাজ আৰু নিয়মৰ বিৰুদ্ধে গৈ খিংখিঙীয়া, বেপৰোৱা আৰু উদণ্ড হৈ পৰিছিল। সি শিক্ষকে দিয়া কাম নকৰা হ’ল, স্কুল খতি কৰিলে আৰু চুৰ কৰিবলৈ ল’লে— এইয়া আছিল তাৰ একপ্ৰকাৰৰ বিদ্ৰোহ। কিন্তু এই বিদ্ৰোহৰ অন্তৰালত আছিল মৰমৰ বাবে ককবকাই থকা এটা কিশোৰৰ অত্যন্ত কৰুণ আৰু অসহায় ৰূপ।

(ঘ) সকলো মানুহৰেই জীৱনবোৰ একো একোখন যুঁজ।

 উত্তৰ: উক্ত বাক্যশাৰী আমাৰ অ্যামীয়া পাঠ্যপুথি ‘ অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত ড° মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত ‘যুঁজ’ নামৰ চুটিগল্পটিৰ পৰা তুলি দিয়া হৈছে।

       গল্পকাৰে এই বাক্যশাৰীৰ দ্বাৰা প্ৰকাশ কৰিছে যে পৃথিৱীত কোনেও সংগ্ৰাম বা সমস্যাৰ অবিহনে জীয়াই থকা নাই। প্ৰতিজন মানুহৰে জীৱনত বেলেগ বেলেগ ধৰণৰ সমস্যা থাকে আৰু তাৰ বিৰুদ্ধে যুঁজি যোৱাটোৱেই হৈছে জীৱন। যেনে— সিদ্ধাৰ্থই যুঁজি আছিল ড্ৰাগছ আসক্তি আৰু নিজৰ মনৰ আন্ধাৰৰ বিৰুদ্ধে, আনহাতে নিৰ্মলে যুঁজি আছিল নিজৰ শৰীৰৰ এক জটিল দুৰাৰোগ্য ৰোগৰ বিৰুদ্ধে। এই নিৰন্তৰ সংগ্ৰাম বা যুঁজখনতেই জীৱনৰ প্ৰকৃত আমেজ লুকাই থাকে।

১১। ‘যুঁজ’ গল্পটোৰ শিৰোনামৰ তাৎপৰ্য বুজাই লিখা।

উত্তৰ: ড° মৃণাল কলিতাৰ ‘যুঁজ’ গল্পটোৰ শিৰোনামটো অত্যন্ত অৰ্থপূৰ্ণ আৰু তাৎপৰ্যপূৰ্ণ। গল্পটোত মূলতঃ দুখন ভিন্ন জীৱনৰ যুঁজৰ অৱতাৰণা কৰা হৈছে— এটা স্তৰত আছে সিদ্ধাৰ্থৰ যুঁজ, যি পাৰিবাৰিক বিপৰ্যয়ৰ বাবে ড্ৰাগছ আসক্ত হৈ নিজৰ মানসিক অৱনতি আৰু সমাজৰ বিৰুদ্ধে যুঁজিছে। আনটো স্তৰত আছে নিৰ্মলৰ যুঁজ, যি নিজৰ দেহত থকা এক মাৰাত্মক জটিল ৰোগৰ সৈতে যুঁজিছে। গল্পকাৰে দেখুৱাইছে যে জীৱন মানেই হ’ল সংগ্ৰাম; হৰা-জিকাটো ডাঙৰ কথা নহয়, কিন্তু নিয়মৰ মাজেৰে যুঁজ দি যোৱাটোৱেই জীৱনৰ আচল ধৰ্ম। গতিকে চৰিত্ৰ দুটাৰ এই জীৱন সংগ্ৰামক সুন্দৰভাৱে প্ৰতিফলিত কৰা বাবে ‘যুঁজ’ শিৰোনামটো সুন্দৰ হৈছে।

ভাষা-বিষয়ক :

১২। ব্যাসবাক্যসহ সমাসৰ নাম লিখা:
উত্তৰ:
  • মৃত্যুশীতল = মৃত্যুৰ দৰে শীতল — কৰ্মধাৰয় সমাস
  • অসহনীয় = ন সহনীয় (যি সহন কৰিব নোৱাৰি) — তৎপুৰুষ সমাস
  • অতল = নাই তলি যাৰ — বহুব্ৰীহি সমাস
  • অমীমাংসিত = ন মীমাংসিত — নঞ তৎপুৰুষ সমাস
  • বেপৰোৱা = নাই পৰোৱা যাৰ — বহুব্ৰীহি সমাস
  • অচিনাকি = ন চিনাকি (যাক চিনি পোৱা নাযায়) — নঞ তৎপুৰুষ সমাস
১৩। বাক্য ৰচনা কৰা:
উত্তৰ:
  • উজাগৰ – ৰমেন পৰীক্ষাৰ বাবে ৰাতি উজাগৰে পঢ়ে।
  • অবাধ্য – মৰমৰ অভাৱত ল’ৰা-ছোৱালী অবাধ্য হয়।
  • অৱলম্বন – বানপীড়িত মানুহজনে চৰকাৰী সাহায্যক অৱলম্বন কৰিছে।
  • খেৰকুটা – বিপদত মানুহে খেৰকুটাও ধৰি ৰাখে।
১৪। সমাৰ্থক শব্দ লিখা:
উত্তৰ:
  • নীৰৱতা = নিস্তব্ধতা, মৌনতা
  • বিষাদ = দুখ, শোক
  • প্ৰস্তৰ = শিল, পাথৰ
  • একাকীত্ব = নিঃসংগতা, অকলশৰীয়া অৱস্থা
  • আন্ধাৰ = তিমিৰ, অন্ধকাৰ

অতিৰিক্ত প্ৰশ্নোত্তৰ :

১৫। ড° মৃণাল কলিতাৰ ‘যুঁজ’ গল্পটোৰ ড্ৰাগছ আসক্ত মানুহৰ প্ৰতি কেনেধৰণৰ মানৱীয় সঁহাৰি দেখুওৱা হৈছে বুজাই লিখা।

উত্তৰ: ‘যুঁজ’ গল্পটোত ড্ৰাগছ আসক্ত কিশোৰ সিদ্ধাৰ্থৰ প্ৰতি বন্ধু নিৰ্মলৰ জৰিয়তে এক অনন্য আৰু মহান মানৱীয় সঁহাৰি দেখুওৱা হৈছে। সাধাৰণতে সমাজে ড্ৰাগছ আসক্ত ব্যক্তিক ঘৃণা বা বৰ্জন কৰে। কিন্তু নিৰ্মলে তাৰ অপৰাধৰ আঁৰৰ ঘৰুৱা কৰুণতাক বুজি পাই তাক আকোৱালি লৈছিল আৰু বন্ধুত্বৰ উমাল পৰশেৰে তাক সংশোধন কৰিবলৈ যত্ন কৰিছিল। নিৰ্মলে দেখুওৱা এই মৰম, সহানুভূতি আৰু চিকিৎসাৰ বাবে অনুভৱ ছাৰৰ সহায় লোৱাৰ প্ৰয়াসেই আছিল ড্ৰাগছ আসক্ত মানুহৰ প্ৰতি দেখুওৱা প্ৰকৃত মানৱীয় সঁহাৰি।

১৬। নিচাসক্ত মানুহৰ প্ৰতি থকা মানৱীয় সঁহাৰি কেনেধৰণৰ হ’ব লাগে নিজৰ কথাৰে লিখা।

উত্তৰ: নিচাসক্ত মানুহ এজন সমাজৰ শত্ৰু নহয়, তেওঁ আচলতে এজন মানসিকভাৱে অসুস্থ ব্যক্তিহে। গতিকে তেওঁলোকৰ প্ৰতি আমাৰ সঁহাৰি কেতিয়াও ঘৃণা বা শাস্তিৰ হ’ব নালাগে; বৰং মৰম, বুজাপৰা আৰু সহানুভূতিৰ হ’ব লাগে। তেওঁলোকে কি পৰিস্থিতিত পৰি এই ভুল পথ বাছি ল’লে, তাৰ মূল কাৰণ বিচাৰি উলিয়াই তেওঁলোকক আৱেগিক সমৰ্থন দিয়া উচিত। ইয়াৰ উপৰি বৈজ্ঞানিক পদ্ধতিৰে পুনৰ সংস্থাপন কেন্দ্ৰ আৰু চিকিৎসকৰ সহায় লৈ তেওঁলোকক সুস্থ কৰি তুলিবলৈ সমাজৰ প্ৰতিজন ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়োৱা উচিত।