Assamese: Class 9 ৰ অসমীয়াৰ সকলো অধ্যায় পাবলৈ ইয়াত ক্লিক কৰক।
পাঠ ৭
সময়
প্ৰশ্নাৱলী
১। চমু উত্তৰ দিয়া
(ক) সময়ক কিহৰ লগত তুলনা কৰিব পাৰি?
উত্তৰ: সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি।
(খ) কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়?
উত্তৰ: কৰ্মৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়।
(গ) সময়ৰ ডাঙৰ ভাগবোৰ কি কি?
উত্তৰ: সময়ৰ ডাঙৰ ভাগবোৰ হ’ল— যুগ, কল্প আৰু শতাব্দী।
(ঘ) সময়ৰ দণ্ড, পল, অনুপলক কি বোলা হয়?
উত্তৰ: সময়ৰ দণ্ড, পল, অনুপলক সময়ৰ সৰু ভাগসমূহৰ ভগ্নাংশ বোলা হয়।
(ঙ) সময় কি গতিত ঘূৰে?
উত্তৰ: সময় বৃত্তাকাৰ গতিত ঘূৰে।
২। তাৎপৰ্য ব্যাখ্যা কৰা
(ক) এলেহুৱাৰ দিন নাযায় নুপুৱায়।
উত্তৰ: নীলমণি ফুকনদেৱৰ দ্বাৰা ৰচিত ‘সময়’ পাঠটিত সময়ৰ আপেক্ষিকতা আৰু কৰ্মৰ গুৰুত্ব বুজাবলৈ এই বাক্যশাৰী ব্যৱহাৰ কৰা হৈছে। লেখকৰ মতে, সময়ৰ প্ৰকৃত জোখ ঘড়ীৰ কাঁইটতকৈ মানুহৰ কৰ্মৰ মাজেদিহে বেছি স্পষ্টকৈ ধৰিব পাৰি। যি সকল লোক কৰ্মঠ আৰু ব্যস্ত, তেওঁলোকৰ বাবে সময় ইমান খৰতকীয়া যে তেওঁলোকে দিনটো পাৰ হোৱাই গম নাপায়; তেওঁলোকৰ মানত দিনটো চকুৰ পচাৰতে যোৱা যেন লাগে। ইয়াৰ বিপৰীতে, যিসকল লোক এলেহুৱা বা যাৰ কোনো কৰ্মক্ষেত্ৰ নাই, তেওঁলোকৰ বাবে প্ৰতিটো পল অতি দীঘলীয়া যেন অনুভৱ হয়। কৰ্মহীনতাৰ বাবে তেওঁলোকৰ হাতত অফুৰন্ত সময় থাকে, যাৰ ফলত একঘেয়ামী অৱস্থাই বিৰাজ কৰে আৰু দিনটো কেতিয়াও শেষ নোহোৱা যেন এটা আমনিদায়ক অনুভৱৰ সৃষ্টি হয়। সেয়েহে কোৱা হৈছে যে এলেহুৱাৰ বাবে সময় স্থবিৰ হৈ পৰে আৰু দিন-ৰাতি পাৰ হোৱাটো এক কষ্টকৰ অপেক্ষাৰ দৰে হৈ পৰে।
(খ) মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন।
উত্তৰ: নীলমণি ফুকনদেৱৰ ‘সময়’ পাঠটিত এই বাক্যশাৰীৰ জৰিয়তে কৰ্মৰ বিশালতা আৰু সময়ৰ মহত্ত্বক এক পৌৰাণিক দৃষ্টিভংগীৰে ব্যাখ্যা কৰা হৈছে। হিন্দু শাস্ত্ৰ অনুসৰি ‘কল্প’ হৈছে সময়ৰ এক অতি বিশাল একক, যিটো আমাৰ মানুহৰ হিচাপত হাজাৰ যুগ বা কোটি কোটি বছৰৰ সমান। পাঠটোত কোৱা হৈছে যে সময়ৰ জোখ ঘড়ীৰ কাঁইটতকৈ মানুহৰ কৰ্মৰ পৰিমাণৰ ওপৰতহে নিৰ্ভৰ কৰে। বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ব্ৰহ্মাই সমগ্ৰ সৃষ্টিৰ ৰক্ষণাবেক্ষণ আৰু মহাপ্ৰলয়ৰ মাজেদি সৃষ্টিৰ ধাৰা অব্যাহত ৰাখিবলৈ যি বিৰাট কৰ্মক্ষেত্ৰত আত্মনিয়োগ কৰিব লগা হয়, সেই কৰ্মৰ বিশালতা মানুহৰ কল্পনাৰ অতীত। মানুহে যিমানখিনি কাম এহেজাৰ যুগত বা এক কল্পত কৰিব পাৰে, ব্ৰহ্মাই নিজৰ বিশাল দায়িত্বৰ খাতিৰত সিমানখিনি কাম মাত্ৰ এদিনতে সম্পাদন কৰিব লগা হয়। অৰ্থাৎ, ব্ৰহ্মাৰ কৰ্মৰ গতি ইমান তীব্ৰ যে আমাৰ হাজাৰ যুগৰ কৰ্মৰাশি তেওঁৰ মাত্ৰ এদিনৰ কামৰ সমানহে। এই মহান সত্যটোৰ দ্বাৰাই প্ৰমাণ হয় যে যাৰ কৰ্ম যিমান বিশাল, তেওঁৰ বাবে সময়ৰ মূল্যও সিমান গভীৰ।
(গ) কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি।
উত্তৰ: নীলমণি ফুকনদেৱৰ ‘সময়’ পাঠটিত সময়ৰ যান্ত্ৰিক জোখতকৈ মানুহৰ কৰ্মৰ জোখক অধিক গুৰুত্ব দিয়া হৈছে। সময় এক নিৰন্তৰ প্ৰবাহ, যাক চকুৰে দেখা নাযায় বা স্পৰ্শ কৰিব নোৱাৰি। আমি অকল ঘড়ীৰ কাঁইটৰ চালনাক চাই সময়ক সম্পূৰ্ণৰূপে উপলব্ধি কৰিব নোৱাৰোঁ। সময় যে বৈ গৈছে, তাৰ আচল প্ৰমাণ পোৱা যায় আমাৰ কাৰ্যকলাপৰ মাজেৰে। এজন ব্যক্তিৰ কৰ্মব্যস্ততাই সময়ৰ তীব্ৰতাক প্ৰকাশ কৰে। যিজন ব্যক্তি গঠনমূলক কামত ব্যস্ত থাকে, তেওঁৰ বাবে সময় ইমান খৰতকীয়া যে বিৰাট এটা দিনো এটা মুহূৰ্তৰ দৰে পাৰ হৈ যায়। আনহাতে, কাম নথকা মানুহৰ বাবে সময় স্থবিৰ হৈ পৰে। লেখকৰ মতে, আমি জীৱনত কিমান কাম কৰিলোঁ বা কৰ্মৰ জৰিয়তে সমাজলৈ কি অৱদান আগবঢ়ালোঁ, তাৰ দ্বাৰাহে আমাৰ জীৱনৰ সময়খিনিৰ সাৰ্থকতা বিচাৰি পোৱা যায়। অৰ্থাৎ, ঘড়ীৰ কাঁইটে কেৱল সংখ্যা গণনা কৰে, কিন্তু কৰ্মইহে সময়ৰ প্ৰকৃত গতি আৰু ইয়াৰ মূল্য নিৰ্ধাৰণ কৰে।
৩। পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া
উত্তৰ:‘সময়’ পাঠটিৰ লেখক হৈছে নীলমণি ফুকন (১৮৮০-১৯৭৮)। তেখেত একেধাৰে এজন বিশিষ্ট কবি, বাগ্মী, সাংবাদিক আৰু সমাজ সংস্কাৰক আছিল। তেখেতৰ সাহিত্যৰাজি গভীৰ চিন্তা আৰু দাৰ্শনিক ভাৱধাৰেৰে পৰিপূৰ্ণ। তেখেতৰ উল্লেখযোগ্য সাহিত্য কৃতিসমূহ হ’ল— ‘সাহিত্য-কলা’, ‘চিন্তামণি’, ‘জ্যোতিকণা’, ‘মানসী’ আৰু ‘সন্ধানী’। ইয়াৰ উপৰিও তেখেতে অসমীয়া সাহিত্য জগতলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই ‘আলোচনী’ আৰু ‘ন-জোন’ নামৰ দুখন জনপ্ৰিয় কাকতৰ সম্পাদনা কৰিছিল। তেখেতৰ পাণ্ডিত্য আৰু সাহিত্যিক অৱদানৰ বাবেই অসম সাহিত্য সভাই তেখেতক ১৯৪৪ চনৰ শিৱসাগৰ অধিৱেশনৰ সভাপতিৰ আসনত অধিষ্ঠিত কৰিছিল। নীলমণি ফুকনদেৱৰ ৰচনাত অসমীয়া ভাষাৰ ঘৰুৱা ঠাঁচ আৰু গভীৰ অৰ্থপূৰ্ণ ভাবৰ এক সুন্দৰ সমন্বয় দেখা যায়।
৪। চাৰিটা-পাঁচোটা বাক্যত উত্তৰ দিয়া
(ক) প্ৰাকৃতিক জগত বুলিলে কাক বুজায়?
উত্তৰ: প্ৰাকৃতিক জগত বুলিলে আমাৰ চাৰিওফালে থকা গছ-গছনি, পশু-পক্ষী, চৰাই-চিৰিকটি, নদ-নদী, পাহাৰ-পৰ্বত, আকাশ-বতাহ আৰু সূৰ্য-চন্দ্ৰ-তৰাকে ধৰি সকলো জীৱ আৰু জড় উপাদানক বুজায়। মানুহে সৃষ্টি নকৰাকৈ প্ৰকৃতিয়ে আমাক দিয়া সকলোবোৰ বস্তুকে লৈ প্ৰাকৃতিক জগত গঠিত।
(খ) কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি?
উত্তৰ: ইতিহাসৰ কোনো গুৰুত্বপূৰ্ণ ঘটনা বা মহান লোকৰ কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰি সময়ক বিভিন্ন ভাগত বা ঢাপত সীমাবদ্ধ কৰা হয়। উদাহৰণস্বৰূপে শংকৰদেৱৰ জন্মৰ পৰা ‘শংকৰাব্দ’, মহম্মদৰ মক্কা ত্যাগৰ পৰা ‘হিজৰী’, বা যীশু খ্ৰীষ্টৰ জন্মৰ পৰা ‘খ্ৰীষ্টাব্দ’ গণনা কৰা হয়। ইয়াৰ উপৰিও যুদ্ধ-বিগ্ৰহ বা ৰাজাৰ ৰাজত্বৰ কালৰ ওপৰত ভিত্তি কৰিও সময় নিৰূপণ কৰা হয়।
(গ) লক্ষণাক্ৰান্ত মানে কি?
উত্তৰ: লক্ষণাক্ৰান্ত মানে হৈছে কোনো বিশেষ চিন বা লক্ষণৰ দ্বাৰা চিহ্নিত হোৱা। সময়ৰ প্ৰতিটো যুগ বা ভাগৰে কিছুমান বিশেষ বৈশিষ্ট্য বা লক্ষণ থাকে। যেনে— হিন্দু শাস্ত্ৰমতে কলি যুগত কল্কি অৱতাৰৰ আগমন বা সত্য যুগৰ ধাৰ্মিকতাৰ লক্ষণসমূহ। এই বিশেষ লক্ষণসমূহ থকাৰ বাবেই সময়ৰ ভাগবিলাকক লক্ষণাক্ৰান্ত বোলা হয়।
(ঘ) বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল?
উত্তৰ: বিজ্ঞানৰ যন্ত্ৰ-পাতিৰ আৱিষ্কাৰৰ আগতে মানুহে প্ৰাকৃতিক পৰিৱেশ লক্ষ্য কৰি সময় নিৰূপণ কৰিছিল। উদাহৰণস্বৰূপে বেলিৰ গতি চাই নিজৰ ছাঁটো দীঘল বা চুটি হোৱাৰ পৰা দিনটোৰ সময় হিচাপ কৰিছিল। লগতে কোনো এঠাইলৈ যাবলৈ লগা সময়ক ‘তামোল এখন খাই শেষ কৰা সময়’ বা ‘একোটা উশাহ’ আদিৰ দৰে সাধাৰণ পদ্ধতিৰে জুখিছি
৫। তলৰ প্ৰশ্নকেইটাৰ অন্তৰ্নিহিত ভাব বিশ্লেষণ কৰা
(ক) সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত।
উত্তৰ: নীলমণি ফুকনদেৰ ‘সময়’ পাঠটিত সময়ৰ বিভিন্ন বিভাগ আৰু সেইবোৰৰ বৈশিষ্ট্য বুজাবলৈ এই বাক্যশাৰী ব্যৱহাৰ কৰা হৈছে। লেখকৰ মতে, সময় এক অবিৰত ধাৰা হ’লেও ইয়াক বিভিন্ন ভাগত ভগোৱা হৈছে আৰু প্ৰতিটো ভাগৰে একো একোটা নিৰ্দিষ্ট পৰিচয় বা লক্ষণ আছে। ধৰ্মীয় দৃষ্টিকোণৰ পৰা চালে দেখা যায় যে হিন্দু শাস্ত্ৰৰ চাৰিটা যুগ— সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলিৰ প্ৰতিটোৰে ধৰ্মীয় আচৰণ আৰু বৈশিষ্ট্য বেলেগ বেলেগ। খ্ৰীষ্টান ধৰ্মৰ মিলেনিয়াম বা ইছলাম ধৰ্মৰ ইমাম মেহদিৰ আগমনৰ ধাৰণাই একো একোটা বিশেষ সময়ৰ লক্ষণ সূচিত কৰে। একেদৰে প্ৰকৃতিৰ ঋতুবিলাকো লক্ষণাক্ৰান্ত; যেনে— বসন্তকালত কুঁহিপাত ওলোৱা বা জাৰকালি গছৰ ডাল ঠেৰেঙা হোৱাটো একো একোটা বিশেষ চিন। অৰ্থাৎ সময়ৰ প্ৰতিটো খণ্ডই নিজা বৈশিষ্ট্যৰে মহিমণ্ডিত।
(খ) সময়ৰ টিকনিডাল হেনো আগফালে।
উত্তৰ: এই বাক্যশাৰীৰ জৰিয়তে লিখকে সময়ৰ গতিশীলতা আৰু সময়ানুবৰ্তিতাৰ এক গভীৰ তাৎপৰ্য প্ৰকাশ কৰিছে । সাধাৰণতে মানুহৰ টিকনি মূৰৰ পিছফালে থাকে, কিন্তু সময়ৰ ক্ষেত্ৰত ইয়াক ব্যতিক্ৰমী বুলি কোৱা হৈছে। ইয়াৰ অন্তৰ্নিহিত অৰ্থ হ’ল— সময় ইমান দ্ৰুতবেগী যে ইয়াক ধৰি ৰখা অতি কঠিন। যদি আমি সময়ৰ সদ্ব্যৱহাৰ কৰিব বিচাৰোঁ, তেন্তে আমি সময়তকৈ দুখোজ আগত থাকিব লাগিব। এবাৰ সময় পাৰ হৈ গ’লে তাক পিছফালৰ পৰা টানি ধৰা বা ঘূৰাই অনা অসম্ভৱ। নেপোলিয়নৰ দৰে মহান যোদ্ধাও মাত্ৰ পাঁচ মিনিট পলম হোৱা বাবে বাটালু যুদ্ধত হাৰিব লগা হৈছিল। সেয়েহে জ্ঞানী আৰু কৰ্মী লোকে সময়ৰ টিকনি ধৰিবলৈ হ’লে সদায় নিৰ্ধাৰিত সময়ৰ আগেয়ে সাজু থাকে।
(গ) সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইটকেইডালত নাই।
উত্তৰ:এইষাৰ কথাৰ জৰিয়তে লেখক নীলমণি ফুকনে সময়ৰ যান্ত্ৰিক গণনাৰ বিপৰীতে কৰ্মৰ মাজেৰে নিৰূপিত হোৱা সময়ৰ প্ৰকৃত জোখৰ কথাহে কৈছে। ঘড়ীৰ কাঁইটে কেৱল ছেকেণ্ড, মিনিট বা ঘণ্টাৰ যান্ত্ৰিক হিচাপ দিয়ে, কিন্তু মানুহে সেই সময়ছোৱাত কি কৰিলে, সেয়াহে আচল কথা। এজন কৰ্মী মানুহে অতি কম সময়তে বহুতো মহৎ কাম কৰিব পাৰে, যাৰ ফলত তেওঁৰ জীৱনৰ চুটি সময়ছোৱাও অৰ্থপূৰ্ণ হৈ পৰে। আনহাতে, এজন এলেহুৱা মানুহে ঘড়ীৰ কাঁইটলৈ চাই হাজাৰ বছৰ জীয়াই থাকিলেও যদি একো কাম নকৰে, তেন্তে তেওঁৰ বাবে সেই সময়ৰ কোনো মূল্য নাই। মহাত্মা গান্ধীৰ দৰে মহান লোকে তেওঁলোকৰ কৰ্মৰ মাজেৰেই সময়ক বান্ধি অমৰত্ব লাভ কৰিছিল। অৰ্থাৎ মানুহৰ কৃতিত্বহে সময়ৰ প্ৰকৃত মাপকাঠি।
(ঘ) সময় অমূল্য ধন বোলা কথাষাৰ সঁচা।
উত্তৰ:সময় পৃথিৱীৰ আটাইতকৈ দামী সম্পত্তি, কাৰণ আন সকলো বস্তু হেৰুৱালে পুনৰ অৰ্জন কৰিব পাৰি, কিন্তু অতিবাহিত হোৱা সময় কোনো কালেই ঘূৰাই পোৱা নাযায়। পাঠটোত বিভিন্ন উদাহৰণেৰে ( যেনে পৰীক্ষাৰ্থী এজনৰ বাবে প্ৰতিটো মিনিট অতি দামী ) ইয়াৰ সত্যতা প্ৰমাণ কৰা হৈছে। উপযুক্ত সময়ত সঠিক কাম (যেনে— বতৰ চাই কঠীয়া পৰা বা ৰোগৰ আৰম্ভণিতে দৰৱ খোৱা) নকৰিলে মানুহে বিপদত পৰিব লগা হয়। যিহেতু সময় কিনিব নোৱাৰি আৰু ইয়াৰ কোনো বিকল্প নাই, সেয়েহে সময়ক অমূল্য ধন বুলি কোৱা হয়।
৬। ‘প্রাকৃতিক জগতৰ গতি-বিধি লক্ষ্য কৰিও সময় নিরূপণ কৰা হয়’–
প্রাকৃতিক জগতৰ গতি-বিধিবোৰ কি কি? কেনেকৈ এই গতি-বিধিৰ দ্বাৰা সময় নির্ণয় কৰিব পাৰি?
উত্তৰ: প্ৰাকৃতিক জগতৰ গতি-বিধিবোৰ হ’ল— ঋতুৰ পৰিৱৰ্তন, গছত কুঁহিপাত ওলোৱা বা ফুল ফুলা, পশুপক্ষীৰ আচৰণ আৰু সূৰ্য-চন্দ্ৰৰ গতি।
এই পৰিৱৰ্তন বা গতি-বিধিবোৰ লক্ষ্য কৰি মানুহে সময় ধৰিব পাৰে ।যেনে— জাৰৰ পিছত গছত কুঁহিপাত ওলোৱা, পদুম ফুল পুৱা ফুলা আৰু সন্ধিয়া জাপ যোৱা, বেলিফুল সূৰ্যৰ ফালে ঘূৰি থকা,আমে মলিয়ালে বা বাঁহে গাজ মেলিলে ঋতুৰ সম্ভেদ পোৱা ইত্যাদি । পশুপক্ষীৰ মাত আৰু আচৰণেও সময়ৰ জাননী দিয়ে— শিয়ালে হোৱা দিলে প্ৰতি প্ৰহৰৰ বাতৰি পোৱা যায়, কুকুৰাই ডাক দিলে ৰাতি পুৱাল বুলি বুজা যায়। চৰাইৰ কুটা কঢ়িওৱা বা মাছে কণী পৰা কাৰ্যই একোটা ঋতুৰ আগমন সূচায়।
৭। ‘নিয়মানুৱৰ্তিতা আৰু সময়ৰ সদ্ ব্যৱহাৰ’— এটি টোকা যুগুত কৰা ।
উত্তৰ: মানুহৰ জীৱনৰ উন্নতিৰ মূল চাবিকাঠি হৈছে নিয়মানুৱৰ্তিতা আৰু সময়ৰ সঠিক ব্যৱহাৰ। পৃথিৱীত যিসকল লোকে সফলতাৰ শিখৰত আৰোহণ কৰিছে, তেওঁলোকৰ জীৱনলৈ চালে দেখা যায় যে তেওঁলোকে সময়ৰ প্ৰতিটো পলক অতি মূল্য দিছিল।
নিয়মানুৱৰ্তিতা
নিয়মানুৱৰ্তিতা মানে হ’ল জীৱনটো এটা নিৰ্দিষ্ট শৃংখলাৰ মাজেৰে পৰিচালনা কৰা। প্ৰকৃতিৰ ফালে চালে দেখা যায় যে সূৰ্যই নিয়মমতে উদয় আৰু অস্ত যায়, ঋতুবিলাক নিয়মমতে আহে আৰু যায়। ঠিক তেনেদৰে মানুহেও যদি নিজৰ দৈনন্দিন কামবোৰ যেনে— শোৱা, খোৱা, পঢ়া আৰু খেল-ধেমালি আদি একোটা নিৰ্দিষ্ট সময়ত নিয়মমতে কৰে, তেন্তে জীৱনত অৰাজকতাৰ সৃষ্টি নহয়। শৃংখলা নহ’লে ঘৰ এখন বাঁহতলত পৰিণত হোৱাৰ দৰে এখন ৰাজ্যতো অৰাজকতাৰ সৃষ্টি হ’ব পাৰে।
সময়ৰ সদ্ ব্যৱহাৰ
সময় অমূল্য ধন। এবাৰ পাৰ হৈ যোৱা সময় পৃথিৱীৰ কোনো শক্তিৰ বিনিময়তে ঘূৰাই আনিব নোৱাৰি। সময়ৰ টিকনিডাল আগফালে থাকে বাবে ইয়াক ধৰিবলৈ হ’লে আমি সময়তকৈ সদায় দুখোজ আগবাঢ়ি থাকিব লাগিব। এজন ছাত্ৰৰ বাবে সময়ৰ সদ্ ব্যৱহাৰ অতি জৰুৰী। যিজন ছাত্ৰই পৰীক্ষালৈ বাট নোচাই প্ৰতিদিনৰ পঢ়া প্ৰতিদিনেই শেষ কৰে, তেওঁহে পাছলৈ সুফল লাভ কৰিব পাৰে। ঠিক তেনেদৰে এজন কৰ্মী মানুহে কৰ্মৰ মাজেৰেহে সময়ৰ প্ৰকৃত জোখ ল’ব পাৰে।
সামৰণি
সময়ৰ শৰ মাৰিব নাজানিলে জীৱনৰ কোনো সুযোগেই কামত নাহে। গতিকে আমি প্ৰতিটো মুহূৰ্তক কামত লগাই সমাজ আৰু দেশৰ সেৱা কৰিব লাগে। মহাত্মা গান্ধী বা লাচিত বৰফুকনৰ দৰে মহান লোকসকলে সময়ৰ মূল্য বুজিছিল বাবেই তেওঁলোকে ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে লিখি থৈ যাব পাৰিলে।
৮। ভাব সম্প্ৰসাৰণ কৰা
(ক) আইৰো বাৰ্তা গংগাৰো যাত্ৰা।
উত্তৰ: এই প্ৰবচনটোৱে বুজায় যে এটা উদ্দেশ্যত গৈ আন এটা অতিৰিক্ত লাভজনক কাম কৰা। যদি কোনো এজন লোকে মাকক লগ কৰিবলৈ যায় আৰু মাক থকা ঠাইতে গংগা নদী থাকে, তেন্তে মাকৰ খবৰ লোৱাৰ লগতে গংগাস্নানৰ পুণ্যও অৰ্জন কৰিব পাৰি। ঠিক তেনেদৰে জীৱনত এটা কাম কৰিবলৈ ওলাই যাওঁতে বুদ্ধিমানে লগতে আন এটা প্ৰয়োজনীয় কাম সমাধা কৰি লোৱা উচিত।
(খ) ৰাইজে নখ জোকাৰিলে নৈ বয়।
উত্তৰ: এটোপ এটোপ পানী লগ হৈ নদীৰ সৃষ্টি হয়। সেইদৰে একত্ৰিত হোৱা অজস্ৰ মানুহৰ নখৰ আগত উঠা এটোপ এটোপ পানী মিলিত হৈও একোখন নদীৰ সৃষ্টি হব পাৰে। আৱশ্যক মাত্র একত্ৰিত কৰাৰ। সেইদৰে বহুতো মানুহ একলগ হৈ প্রত্যেকেই অলপ প্রচেষ্টা আগবঢ়াইও একোটা মহৎ কাৰ্য্য কৰিব পাৰে।
উক্ত ফকৰা-যোজনাটিত কোৱা হৈছে যে ৰাইজৰ সন্মিলিত শক্তিয়ে সকলো কাম সম্পাদন কৰিব পাৰে।
(গ) সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা।
উত্তৰ: ইয়াৰ অৰ্থ হ’ল উপযুক্ত সময়ত সঠিক কাম কৰিব নোৱাৰিলে সফলতা লাভ কৰিব নোৱাৰি। চিকাৰীয়ে যদি শৰ পহুটোক দেখাৰ লগে লগে তীৰ নামাৰে, তেন্তে পহুটো পলাই যাব আৰু চিকাৰীয়ে তাৰ মঙহ খাবলৈ নাপাব। ঠিক তেনেদৰে সুযোগ আহিলে যদি সময়ৰ সদ্ব্যৱহাৰ কৰা নহয়, তেন্তে জীৱনত কোনো শুভ ফল বা সফলতা লাভ কৰাটো সম্ভৱ নহয়।
৯। সন্ধি ভাঙা :
উত্তৰ:
শকাব্দ = শক + অব্দ
খ্ৰীষ্টাব্দ = খ্ৰীষ্ট + অব্দ
শংকৰাব্দ = শংকৰ + অব্দ
চৈতন্যাব্দ = চৈতন্য + অব্দ
লক্ষণাক্ৰান্ত = লক্ষণ + আক্ৰান্ত
কল্পান্তৰ = কল্প + অন্তৰ
কৰায়ত্ত = কৰ + আয়ত্ত
মনস্তাপ = মনঃ + তাপ
১০। বাক্য সাজা :
উত্তৰ:
- দিন-ৰাতি: পৰীক্ষাৰ বাবে ৰামে দিন-ৰাতি একাকাৰ কৰি পঢ়িছে।
- কাৰ্য-কলাপ: মানুহজনৰ আচহুৱা কাৰ্য-কলাপ দেখি সকলোৱে সন্দেহ কৰিছে।
- ঢাৰি-পাটী: ৰাতিপুৱা সোনকালে ঢাৰি-পাটী এৰিলে স্বাস্থ্য ভালে থাকে।
- যন্ত্ৰ-পাতি: আধুনিক যুগত বেছিভাগ কাম যন্ত্ৰ-পাতিৰ সহায়ত কৰা হয়।
- নাযায়-নুপুৱায়: দুখৰ সময়বোৰ এলেহুৱা মানুহৰ বাবে নাযায়-নুপুৱায় যেন লাগে।
- দেশ-বিদেশ: আজিৰ যুগত ইণ্টাৰনেটৰ সহায়ত দেশ-বিদেশৰ খবৰ মুহূৰ্ততে পোৱা যায়।
১১ । সময়ৰ সদ্ব্যৱহাৰ কৰি তুমি কেনেদৰে উপকৃত হৈছা- ইয়াকে জনাই তুমি তোমাৰ আইতাৰালৈ এখন চিঠি লিখা।
উত্তৰ:
স্থান: ৰহা
তাৰিখ: ২ ছেপ্টেম্বৰ, ২০২৬
শ্ৰদ্ধাৰ আইতা,
মোৰ সেৱা গ্ৰহণ কৰিব। আশা কৰোঁ আপুনি ভালে-কুশলে আছে।আপুনি মোক সদায় সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ দিয়া উপদেশ মই নিষ্ঠাৰে মানি চলিছোঁ। এটা নিৰ্দিষ্ট সময়সূচী মানি চলাৰ বাবে মোৰ পঢ়া সময়মতে শেষ হয় আৰু পৰীক্ষাত ভাল ফলাফল কৰিবলৈ সক্ষম হৈছোঁ। পঢ়াৰ লগতে খেল-ধেমালি আৰু আন কামৰ বাবেও সময় পাওঁ।
আপোনাৰ আশীৰ্বাদ আৰু উপদেশে মোক সদায় প্ৰেৰণা দিয়ে। আপোনাৰ স্বাস্থ্যৰ যত্ন ল’ব আৰু ঘৰৰ সকলোকে মোৰ মৰম জনাব।
আপোনাৰ মৰমৰ,
আহানব