Class 9 অন্যৰ প্ৰতি ব্যৱহাৰ | Class 9 Assamese Chapter 6 Question Answer | T5L8H5

Assamese: Class 9 ৰ অসমীয়াৰ সকলো অধ্যায় পাবলৈ ইয়াত ক্লিক কৰক।

প্ৰশ্নাৱলী

১। অতি চমু প্রশ্নোত্তৰ

(ক) ‘সাৰথি’ পুথিখন কাৰ ৰচনা?
উত্তৰঃ ‘সাৰথি’ পুথিখন সত্যনাথ বৰাৰ ৰচনা।

(খ) কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্রব ভুগিবলৈ পায়?
উত্তৰঃ ভাল ব্যৱহাৰ নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্রব ভুগিবলৈ পায়।

(গ) কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ?
উত্তৰঃ খিংখিঙীয়া আৰু ভাল ব্যৱহাৰ নজনা মানুহৰ শত্ৰু সৰহ।

(ঘ) সজ ব্যৱহাৰৰ অনুপান কি?
উত্তৰঃ সজ ব্যৱহাৰৰ আচল অনুপান হ’ল নম্ৰতা।

(ঙ) মনত অহঙ্কাৰ ৰাখি মুখত নম্ৰ হ’লে মানুহক কি কৰা হয়?
উত্তৰঃ মনত অহঙ্কাৰ পুহি ৰাখি মুখত নম্ৰতা দেখুৱালে মানুহক ছল কৰা হয়।

(চ) ‘এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল’। – ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে?
উত্তৰঃ যিবোৰ মানুহে আনৰ গুপ্ত কথা সকলোকে কৈ দিয়ে, সেই শ্ৰেণীৰ মানুহক লেখকে পাতল স্বভাৱৰ বুলি কৈছে।

(ছ) কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয়?
উত্তৰঃ শঠ মানুহৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয়।

(জ) ‘বহল ব্যাকৰণ’ পুথিখন কাৰ ৰচনা?
উত্তৰঃ ‘বহল ব্যাকৰণ’ পুথিখনৰ ৰচক হ’ল সত্যনাথ বৰা।

২। চমু উত্তৰ (সবিশেষ বুজাই লিখা)

(ক) ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি?
উত্তৰ:  মানুহ সমাজপ্ৰিয় জীৱ আৰু সমাজত সুখে-সন্তোষে জীয়াই থাকিবলৈ হ’লে আনৰ লগত কেনেকে ব্যৱহাৰ কৰিব লাগে তাক জনাটো অতি গুৰুত্বপূৰ্ণ। কাৰণ আমাৰ চৰিত্ৰ যিমানেই ভাল নহওক কিয়, যদিহে আমাৰ ব্যৱহাৰত ত্ৰুটি থাকে, তেন্তে আমি সমাজত অপ্ৰিয় হৈ পৰিব পাৰোঁ। আনহাতে, বহুত কপটীয়া মানুহেও কেৱল সজ ব্যৱহাৰৰ বাবে সকলোৰে মৰম লাভ কৰে। সেয়েহে ব্যৱহাৰ প্রণালীক সামান্য কথা বুলি উলাই কৰিব নোৱাৰি।

(খ) বিনয় ভাবত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে?
 উত্তৰ:তিতা বা কঠুৱা মাতে মানুহৰ মনত গভীৰ আঘাত দিয়ে। তেনে মানুহে হাজাৰ উপকাৰ কৰিলেও বা বহু দান কৰিলেও, কেৱল কথা কোৱাৰ দোষতেই তেওঁলোক সমাজৰ ‘চকুৰ কুটা’ হৈ পৰে। দানৰ প্ৰকৃত ফল তেতিয়াহে পোৱা যায় যেতিয়া ই নম্ৰতাৰ সৈতে দিয়া হয়। যিদৰে তিতা ঔষধত মিঠা কলপ লগালেহে ৰুগীয়া মানুহে খাব পাৰে, তেনেদৰে সজ ব্যৱহাৰৰ লগত নম্ৰতা মিহলি কৰিলেহে তাৰ মহত্ত্ব প্ৰকাশ পায়। সেয়েহে জ্ঞানীসকলে বিনয়ভাৱে দান কৰাৰ দিহা দিছে।

৩। তাৎপৰ্য ব্যাখ্যা কৰা

(ক) নম্ৰতা সজ ব্যৱহাৰৰ অনুপান।

উত্তৰ: যিদৰে ঔষধৰ কাৰ্যকাৰিতা বৃদ্ধি কৰিবলৈ সঠিক অনুপানৰ প্ৰয়োজন হয়, তেনেদৰে সজ ব্যৱহাৰৰ প্ৰভাৱ বৃদ্ধি কৰিবলৈ নম্ৰতাৰ প্ৰয়োজন। নম্ৰতা হ’ল এটা মানসিক গুণ আৰু মিঠা মাত তাৰ প্ৰকাশ। দম্ভালি বা অহঙ্কাৰী কথাৰে মানুহৰ মন জয় কৰিব নোৱাৰি, কিন্তু নম্ৰ ব্যৱহাৰেৰে যিকোনো কঠিন কামো সহজতে কৰিব পাৰি। ব্যৱহাৰৰ লগত যেতিয়া নম্ৰতা মিহলি হয়, তেতিয়া সি সমাজত অধিক আদৰণীয় আৰু ফলদায়ক হৈ পৰে। সেয়েহে কোৱা হয় নম্ৰতা সজ ব্যৱহাৰৰ অনুপান।

(খ) সোণৰ জেউতি অমান্য কৰিলে নকমে।
উত্তৰ:  এই বাক্যশাৰীৰ জৰিয়তে লেখকে বুজাব বিচাৰিছে যে প্ৰকৃত গুণী আৰু মান্যৱন্ত লোকৰ মৰ্যাদা কেতিয়াও আনৰ নিন্দা বা অৱজ্ঞাৰ দ্বাৰা হ্ৰাস নাপায়। সোণ এবিধ বহুমূলীয়া ধাতু, ইয়াৰ উজ্জ্বলতা বা গুণ কোনেও অস্বীকাৰ কৰিলেও তাৰ প্ৰকৃত মূল্য কমি নাযায়। একেদৰে সমাজত যিসকল সঁচাকৈয়ে সন্মানীয় বা পণ্ডিত ব্যক্তি, তেওঁলোকক কিছুমান ঈৰ্ষাপৰায়ণ মানুহে অৱজ্ঞা কৰিলেও তেওঁলোকৰ ব্যক্তিত্বৰ জেউতি সদায় অটুট থাকে।

ভাষা-বিষয়ক:

৪। বিপৰীত শব্দ লিখা:

উত্তৰ:

  • সুখ – দুখ
  • সন্তোষ – অসন্তোষ
  • সজ – অসজ
  • চৰিত্ৰৱন্ত – চৰিত্ৰহীন
  • কপটীয়া – সৰল
  • মিঠা – তিতা
  • বিনয় – উগ্ৰ
  • নম্ৰতা – উগ্ৰতা
  • লঘু – গুৰু
  • উচ্চ – নীচ
  • নিন্দা – প্ৰসংশা
  • গুপ্ত – সদৰী
  • দোষ – গুণ
  • গহীন – চঞ্চল
  • আঢ্যৱন্ত – দৰিদ্ৰ

৫। বাক্য ৰচনা কৰা:

 উত্তৰ:

  • চকুৰ কুটা (অপ্ৰিয় লোক): তাৰ বেয়া স্বভাৱৰ বাবে সি সকলোৰে চকুৰ কুটা হৈছে।
  • ​পেটত কথা ৰাখ্ (গোপন কথা লুকুৱাই ৰখা): এজন বিশ্বাসী মানুহে লোকৰ কথা পেটত ৰাখিব জানে।