Class 9 Assamese Chapter 4 Question Answer | প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক | B4Y1D1

Assamese: Class 9 ৰ অসমীয়াৰ সকলো অধ্যায় পাবলৈ ইয়াত ক্লিক কৰক।

ভাব-বিষয়ক

১। চমু উত্তৰ দিয়া:

(ক) কবিয়ে কাক সংকীর্ণতা এৰি দি পূর্ণ বিশালতা দিবলৈ আহ্বান জনাইছে?

উত্তৰ: কবিয়ে আকাশক সংকীর্ণতা এৰি দি পূর্ণ বিশালতা দিবলৈ আহ্বান জনাইছে।

(খ) কবিৰ প্রাপ্য কি তাক সুধি কোনে প্রশ্ন কৰিছিল?

উত্তৰ: প্রচণ্ড ধুমুহাই কবিৰ প্রাপ্য কি বুলি প্রশ্ন কৰিছিল।

(গ) কবিক বিশাল দৃষ্টি কোনে দিলে?

উত্তৰ: মহাকাশে কবিক বিশাল দৃষ্টি দিলে।

(ঘ) ‘মুমূর্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ’-ইয়াত ‘বিদ্যুৎ’ শব্দই কি বুজাইছে?

উত্তৰ: ইয়াত ‘বিদ্যুৎ’ শব্দই প্রাণশক্তি, আশা আৰু নতুন জাগৰণৰ কথা বুজাইছে।

(ঙ) প্রচণ্ড ধুমুহাই কবিক কি প্রশ্ন কৰিছিল?

উত্তৰ: প্রচণ্ড ধুমুহাই কবিক তোমাৰ প্রাপ্য কি বুলি প্রশ্ন কৰিছিল।

২। বজ্রই কবিক কি কি দিলে?

উত্তৰ: বজ্ৰই কবিক উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি দিলে।

৩। কবিয়ে ‘সঁচা উদাৰতা’ কথাষাৰেৰে কি বুজাব খুজিছে?

উত্তৰ: ‘সঁচা উদাৰতা’ কথাষাৰেৰে কবিয়ে সংকীর্ণতাৰ পৰিধি ভাঙি পেলোৱা এক সঁচা আৰু বিশাল মানৱিক উদাৰতাৰ কথা বুজাব খুজিছে।

৪। কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা।

উত্তৰ: কবিয়ে বজ্ৰৰ গম্ভীৰ কণ্ঠেৰে আৰু ধুমুহাৰ প্রচণ্ড শক্তিৰে গীত গাই চাৰিওফালৰ দিগন্ত কঁপাবলৈ মন মেলিছে।

৫। কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে?

উত্তৰ: কবিয়ে কলিজাৰ সঁচা সুৰেৰে হৃদয় সিক্ত কৰি দানৱৰ সমাজত মানৱতাৰ জয়গান গোৱা মানৱৰ গীত গাবলৈ সাজু হৈছে।

৬। আকাশ, ধুমুহা আৰু বজ্রক কবিয়ে কি কাৰণে প্রণিপাত জনাইছে বহলাই লিখা।

উত্তৰ: আকাশ, ধুমুহা আৰু বজ্রই কবিৰ জীৱনলৈ অসাধাৰণ অৱদান কঢ়িয়াই আনিছে। আকাশে কবিক বিশাল দৃষ্টি, ধুমুহাই প্রচণ্ড শক্তি আৰু বজ্রই উদাত্ত কণ্ঠ তথা সাহসৰ যুক্তি প্রদান কৰিছে। প্রকৃতিৰ এই উপাদানসমূহৰ পৰা পোৱা প্রেৰণা আৰু শক্তিয়েই কবিক মৃতপ্রায় বা মুমূর্ষু মানৱ সমাজত প্রাণশক্তি জগাই তোলাত সহায় কৰিছে। সেয়েহে, সেই মহৎ শক্তিসমূহৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰি কবিয়ে আকাশ, ধুমুহা আৰু বজ্রক শতবাৰ প্রণিপাত জনাইছে।

৭। ব্যাখ্যা কৰা:

(ক) বজ্রৰ গৰ্জনে বক্ষ উজাৰি ক’লে, তোমাৰ কাম্য কি কোৱা? মই ক’লোঁ, বজ্র তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া।

উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তর্গত ড° ভূপেন হাজৰিকাৰ ৰচিত ‘প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক’ কবিতাটিৰ পৰা লোৱা হৈছে।

        ইয়াত প্রকৃতিৰ উপাদান বজ্র আৰু কবিৰ মাজৰ এক কল্পিত কথোপকথন ফুটি উঠিছে।

         বজ্রই বুকু উদঙাই কবিৰ কি ইচ্ছা বা কামনা আছে সুধাত, কবিয়ে বজ্রৰ শক্তিশালী আৰু গম্ভীৰ উদাত্ত কণ্ঠটি বিচাৰিছে বুলি কৈছে, যাতে সেই কণ্ঠৰে তেওঁ সমাজত নির্ভীকভাৱে মানৱতাৰ জয়গান গাব পাৰে।

(খ) সেয়েহে আকাশ তুমি দিব যদি খুজিছাই সংকীর্ণতা এৰি দিয়া অৱদান-ৰূপে তোমাৰ পূর্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া।

উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তর্গত ড° ভূপেন হাজৰিকাৰ ৰচিত ‘প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক’ কবিতাটিৰ পৰা লোৱা হৈছে।

        ইয়াত আকাশক উদাৰতা আৰু বিশালতাৰ প্রতীক হিচাপে দেখুওৱা হৈছে।

        কবিয়ে মানৱ সমাজৰ কল্যাণৰ বাবে প্ৰকৃতিৰ বিভিন্ন উপাদানবোৰৰ পৰা বিভিন্ন বস্তু বিচাৰিছে । আকাশৰ বিশালতা তেওঁৰ বৰ প্রিয় । সেয়েহে সংকীর্ণ মনোভাৱ ত্যাগ কৰি মানৱ কল্যাণৰ বাবে কাম কৰিবলৈ ইচ্ছুক কবিয়ে আকাশৰ পৰা কোনো কৃপণালি নকৰি তাৰ বিশালতা আৰু উদাৰতা অৱদানৰূপে বিচাৰিছে ।

(গ) মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্রচণ্ড শক্তি বজ্রই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি।

উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তর্গত ড° ভূপেন হাজৰিকাৰ ৰচিত ‘প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক’ কবিতাটিৰ পৰা লোৱা হৈছে।

        এই অংশটোত কবিয়ে প্রকৃতিৰ বিভিন্ন উপাদানৰ পৰা লাভ কৰা মহান গুণসমূহৰ কথা প্রকাশ কৰিছে।

         কবিয়ে মানৱ সমাজৰ কল্যাণৰ বাবে  প্ৰকৃতিৰ বিভিন্ন উপাদানবোৰৰ পৰা বিভিন্ন বস্তু বিচাৰিছে । যেনে -মহাকাশৰ পৰা বিশাল আৰু উদাৰ দৃষ্টিভংগী, ধুমুহাৰ পৰা প্রচণ্ড শক্তি, আৰু বজ্রৰ পৰা উদাত্ত কণ্ঠ তথা সাহসিকতা। এইবোৰ লাভ কৰি তেও সমাজ সংস্কাৰ আৰু মানৱতাৰ সেৱা কৰিব বুলি পণ লৈছে।

(ঘ) মুমূর্ষু মানৱক জীবনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ আকাশ, ধুমুহা আৰু বজ্রক তাৰ বাবে প্রণিপাত কৰোঁ।

উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তর্গত ড° ভূপেন হাজৰিকাৰ ৰচিত ‘প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক’ কবিতাটিৰ পৰা লোৱা হৈছে।

      কবিতাটোত কবিৰ গভীৰ মানৱপ্রেমে প্রকাশ পাইছে।     

       প্রকৃতিৰ পৰা লাভ কৰা বিশাল দৃষ্টি, প্রচণ্ড শক্তি আৰু উদাত্ত কণ্ঠৰ সহায়ত যদি তেওঁ মৃতপ্রায় সমাজৰ মানুহৰ বুকুত সামান্য হলেও নতুন আশা আৰু প্রাণশক্তি জগাই তুলিব পাৰে, তেন্তে কবিয়ে নিজেকে ধন্য মানিব বুলি উক্ত কবিতাফাঁকিৰ মাজেৰে কৈছে । এই মহৎ উদ্দেশ্য সফল কৰাৰ বাবেই তেওঁ আকাশ, ধুমুহা আৰু বজ্রক কৃতজ্ঞতা জনাই প্রণিপাত জনাইছে।

ভাষা-বিষয়ক

৮। সমার্থক শব্দ লিখা:

উত্তৰ:

  • ধুমুহা – বৰদৈচিলা
  • বুকু – হৃদয়
  • কাম্য – বিচৰা
  • সংকীর্ণতা – ঠেক মন
  • বিশাল – বৃহৎ
  • দানৱ – দৈত্য
  • প্রণিপাত – প্রণাম
  • সিক্ত – তিতা

৯। ‘ণ’ হোৱাৰ কাৰণ লিখা:

উত্তৰ:

  • কণ্ঠ – ট বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ’লে দন্ত্য ন মূর্ধন্য ণ হয়।
  • পূর্ণ – ঋ, ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য ন মূর্ধন্য ণ হয়।
  • প্রচণ্ড – ট বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ’লে দন্ত্য ন মূর্ধন্য ণ হয়।
  • সংকীর্ণতা – ঋ, ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য ন মূর্ধন্য ণ হয়।
  • প্রণিপাত – ঋ, ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য ন মূর্ধন্য ণ হয়।

১০। ‘ষ’ হোৱাৰ কাৰণ লিখা:

উত্তৰ:

  • মুমূর্ষু – ‘মুমূর্ষু’ শব্দটোত ‘উ’ আৰু ‘ৰ’ (বা অ, আ ভিন্ন অন্য স্বৰবৰ্ণ) থকাৰ পাছত প্রত্যয়গত কাৰণত মূর্ধন্য ‘ষ’ ব্যৱহৃত হৈছে।
  • দৃষ্টি – ট বৰ্গৰ বৰ্ণৰ সৈতে যুক্ত হ’লে দন্ত্য স মূর্ধন্য ষ হয়।

১১। সন্ধি ভাঙা:

উত্তৰ:

  • দিগন্ত = দিক্ + অন্ত
  • সর্বাকাশ = সর্ব + আকাশ
  • সংকীর্ণ = সম্ + কীৰ্ণ