Assamese: Class 9 ৰ অসমীয়াৰ সকলো অধ্যায় পাবলৈ ইয়াত ক্লিক কৰক।
পাঠ ৯
ভাৰতৰ বৈচিত্র্যৰ মাজত ঐক্য
প্রশ্নাৱলী
ভাব-বিষয়ক :
১। অতি চমু উত্তৰ দিয়া:
(ক) প্ৰাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধোন্দত বাস কৰিছিল তেওঁলোকক কি বোলা হৈছিল?
উত্তৰ: প্ৰাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধোন্দত বাস কৰিছিল তেওঁলোকক আদিম অধিবাসী বোলা হৈছিল।
(খ) বুদ্ধদেৱৰ আচল নাম কি?
উত্তৰ: বুদ্ধদেৱৰ আচল নাম সিদ্ধাৰ্থ, গৌতম আৰু শাক্যসিংহ।
(গ) মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা কোন?
উত্তৰ: মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা হ’ল ব্যাস।
(ঘ) কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি?
উত্তৰ: কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কনিষ্ক।
(ঙ) জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন?
উত্তৰ: জৈন ধৰ্মৰ প্ৰৱৰ্তক হ’ল মহাবীৰ জৈন।
২। কি কি বিষয়ত ভাৰতৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা ?
উত্তৰ: ভৌগোলিক অৱস্থান আৰু বিভিন্ন সময়ত ভাৰতলৈ অহা বিভিন্ন মানৱ জাতিৰ ধৰ্ম, ভাষা, আচাৰ-ব্যৱহাৰ, কলা-সংস্কৃতি আদি বিষয়ত ভাৰতৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি।
৩। ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে লিখা?
উত্তৰ: ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান অতি বৈচিত্ৰ্যপূৰ্ণ কাৰণ ইয়াৰ প্ৰাকৃতিক ৰূপ ঠাইভেদে বেলেগ বেলেগ। ইয়াৰ এফালে যিদৰে সুউচ্চ পৰ্বতমালা থিয় হৈ আছে, আনফালে আছে সুগভীৰ সাগৰ-মহাসাগৰ। একেদৰে এফালে বিস্তীৰ্ণ সমতল ভূমি আৰু আনফালে বিৰাট মালভূমি, এফালে গ্ৰীষ্মৰ প্ৰচণ্ড উত্তাপ আৰু আনফালে শীতৰ কঠোৰতা, এফালে মৌচুমী বতাহৰ তাণ্ডৱ-নৃত্য আৰু আনফালে শুকান মৰুভূমি দেখিবলৈ পোৱা যায়। এই প্ৰাকৃতিক অসমতাৰ বাবেই ভাৰতৰ ভৌগোলিক অৱস্থানক বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে।
৪। আৰ্যসকল ভাৰতলৈ অহাৰ পাছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সোঁতৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।
উত্তৰ: আৰ্যসকল ভাৰতলৈ অহাৰ বহু সময়ৰ পিছতো পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহৰ আগমন অব্যাহত আছিল। এছিয়া আৰু ইউৰোপ মহাদেশৰ পৰা কেইবাটাও শক্তিশালী আৰু পৰাক্ৰমী জাতিয়ে ভাৰতলৈ আহি ইয়াত নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এই বিদেশী জাতিসমূহৰ ভিতৰত শক, কুশান, পাঠান, মোগল, পৰ্তুগীজ, ইংৰাজ আৰু ফৰাছী আদিয়েই প্ৰধান আছিল। পাছলৈ তেওঁলোকৰ সৰহভাগেই ভাৰতীয় সংস্কৃতিৰ সৈতে মিলি পৰে।
৫) ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা?
উত্তৰ: ভাৰতৰ বিভিন্ন অঞ্চলৰ ভৌগোলিক আৰু সাংস্কৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি মানুহৰ খাদ্য অভ্যাসৰ মাজত ডাঙৰ পাৰ্থক্য দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে, পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ ঘাই খাদ্য হৈছে ভাত। আনহাতে উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতৰ লোকসকলৰ প্ৰধান আহাৰ হৈছে ৰুটি। কেৱল সেয়াই নহয়, উত্তৰ, দক্ষিণ আৰু পশ্চিম ভাৰতৰ উচ্চবৰ্ণৰ হিন্দুসকলৰ মাজত সাধাৰণতে মাছ-মাংস খোৱাৰ নিয়ম নাই, কিন্তু পূব ভাৰতৰ প্ৰায় সকলো শ্ৰেণীৰ লোকেই মাছ আৰু মাংস আঞ্জা হিচাপে গ্ৰহণ কৰে।
৬) ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজ-পাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বৰ্ণনা কৰা।
উত্তৰ: সাজ-পাৰৰ ক্ষেত্ৰতো ভাৰতৰ বিভিন্ন প্ৰান্তৰ মানুহৰ মাজত স্বকীয় বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। পূব ভাৰতৰ মতা মানুহে সাধাৰণতে পোন্ধ মাৰি ধুতি বা চুৰিয়া পিন্ধে, কিন্তু দক্ষিণ ভাৰতৰ পুৰুষসকলে পোন্ধ নামাৰি লুঙীৰ দৰে ঘূৰাই চুৰিয়া পৰিধান কৰে। উত্তৰ ভাৰতৰ পুৰুষসকলৰ মাজত পায়জামাৰ প্ৰচলন বেছি। মহিলাসকলৰ ক্ষেত্ৰত শাৰীখন সমগ্ৰ ভাৰতৰে প্ৰধান সাজ হ’লেও অসমীয়া মহিলাই মেখেলা-চাদৰ আৰু উত্তৰ ভাৰতৰ মহিলাই সাধাৰণতে চেলৱাৰ-চুড়িদাৰ আৰু পায়জামা পিন্ধে। অৱশ্যে বৰ্তমান শিক্ষিত সমাজত লংপেন্টৰ ব্যৱহাৰ সৰ্বত্ৰে বৃদ্ধি পাইছে।
৭) আৰ্য্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া?
উত্তৰ: আৰ্য্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা গুৰুত্বপূৰ্ণ বিদেশী জাতি হৈছে ইংৰাজ আৰু মোগল। ইংৰাজসকল প্ৰথমতে ব্যৱসায়-বাণিজ্য কৰাৰ উদ্দেশ্যেৰে ভাৰতলৈ আহিছিল, কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে সমগ্ৰ ভাৰতৰ শাসনভাৰ নিজৰ হাতলৈ লয়। তেওঁলোকৰ আগমনৰ ফলত ভাৰতীয় সমাজলৈ পশ্চিমীয়া শিক্ষা আৰু আধুনিক সংস্কৃতিৰ প্ৰৱেশ ঘটে। আনহাতে, মোগলসকলে ভাৰতত প্ৰায় ১২০৬ চনৰ পৰা ১৮৫৭ চনলৈকে এক সুদীৰ্ঘ সময় ধৰি ৰাজত্ব কৰিছিল। মোগলসকলৰ শাসনকালত ভাৰতৰ খাদ্য সম্ভাৰ, সাজ-পাৰ আৰু বিশেষকৈ স্থাপত্য-ভাস্কৰ্যৰ ক্ষেত্ৰত এক অভূতপূৰ্ব পৰিৱৰ্তন আৰু ইছলামীয় সংস্কৃতিৰ প্ৰভাৱ পৰিছিল।
৮) “যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্ৰ্য আনিছে সেইবোৰে আকৌ স্থান বিশেষে ঐক্যৰ সেতু নিৰ্মাণ কৰি দিছে। “– এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ লিখা।
উত্তৰ: এই কথাষাৰৰ জৰিয়তে লেখকে বুজাব বিচাৰিছে যে ভাৰতৰ যিবোৰ পাৰ্থক্য বা ভিন্নতা আছে, সেইবোৰেই আকৌ পৰিস্থিতিভেদে মানুহক একতাৰ ডোলেৰে বান্ধি ৰাখে। যেনে, অসমত থকা হিন্দু, মুছলমান, শিখ , খ্ৰীষ্টিয়ান ধৰ্মৰ লোকসকলৰ ধৰ্মীয় আদৰ্শ বেলেগ হ’লেও অসমীয়া মাতৃভাষাই তেওঁলোকক এক অসমীয়া জাতি হিচাপে একত্ৰিত কৰি ৰাখিছে। আনহাতে, এজন অসমীয়া হিন্দু আৰু এজন দক্ষিণ ভাৰতৰ হিন্দুৰ ভাষা আৰু আচাৰ-ব্যৱহাৰ সুকীয়া হ’লেও ধৰ্মীয় বান্ধোনে তেওঁলোকক এক কৰি ৰাখে। অৰ্থাৎ বৈচিত্ৰ্যৰ মাজতেই ভাৰতৰ প্ৰকৃত একতা লুকাই আছে।
৯)” ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিৰ উলাই কৰিব নোৱাৰি।” – – – – এই কথাষাৰৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা।
উত্তৰ: ভাৰতবৰ্ষৰ দৰে এখন বিশাল দেশত জাতীয় একতা গঢ়ি তোলাৰ ক্ষেত্ৰত সুকুমাৰ কলা যেনে সংগীত, চিত্ৰকলা, স্থাপত্য আৰু ভাস্কৰ্য আদিৰ অৱদান অতি গুৰুত্বপূৰ্ণ। প্ৰাচীন কালৰে পৰা এই কলাসমূহে বিভিন্ন প্ৰান্তৰ মানুহৰ মনোজগতক একেটা সুৰতে বান্ধি ৰাখিছে। ইয়াৰ উপৰি দেশত উদযাপিত হোৱা বিভিন্ন ৰাষ্ট্ৰীয় উৎসৱ যেনে ১৫ আগষ্ট, গণতন্ত্ৰ দিৱস আৰু ধৰ্মীয় উৎসৱ যেনে জন্মাষ্টমী, শিৱৰাত্ৰি, হোলী, দেৱালী আদিৰ জৰিয়তে সকলো শ্ৰেণীৰ ভাৰতীয়ই ভাষা-ধৰ্মৰ প্ৰভেদ পাহৰি একেলগে আনন্দ কৰে। সেয়ে কোৱা হয় ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণি উলাই কৰিব নোৱাৰি ।
১০) “ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু।” – তাৎপৰ্য ব্যাখ্যা কৰা।
উত্তৰ: ভাৰতীয় সংস্কৃতি হৈছে বিভিন্ন জাতি-উপজাতিৰ সংস্কৃতিৰ এক সুন্দৰ মিশ্ৰণ বা মিলন ভূমি। যুগে যুগে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা স্বকীয় কৃষ্টি-সংস্কৃতি লৈ বহু মানুহ ভাৰতলৈ আহিছিল, কিন্তু তেওঁলোকে কেৱল নিজৰ আচাৰ-নীতিকে ধৰি ৰাখিব নোৱাৰিলে। ভাৰতত তাহানিৰে পৰা বৈ থকা বিশাল সাংস্কৃতিক সোঁতত তেওঁলোকৰ সংস্কৃতি বিলীন হৈ গ’ল আৰু এটা নতুন উমৈহতীয়া সংস্কৃতিৰ জন্ম হ’ল। ভাষাগত বা ধৰ্মগত পাৰ্থক্য থাকিলেও এই সাংস্কৃতিক মিলৰ বাবেই এজন ভাৰতীয় মুছলমান বা খ্ৰীষ্টান ধৰ্মৰ লোক মক্কা বা জেৰুজালেমত থাকিলেও তেওঁৰ গাত থকা ভাৰতীয় সংস্কৃতিৰ চাপটোৱে তেওঁক প্ৰথমতে এজন ‘ভাৰতীয়’ হিচাপে চিনাকি দিয়ে। সেয়েহে কোৱা হয় ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু।
১১| চমু উত্তৰ লিখা:
(ক) কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ?
উত্তৰ: নগা, বড়ো, মিচিং, কাৰ্বি, গাৰো আদি লোকসকল মংগোলীয় গোষ্ঠীৰ।
(খ) সুকুমাৰ কলা কোন বিলাক?
উত্তৰ: কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য্য— এই পাঁচ বিধক সুকুমাৰ কলা বোলে।
(গ) কি কি গ্ৰন্থই প্ৰাচীন কালৰেপৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱ গঢ়াত সহায় কৰিছে?
উত্তৰ: ৰামায়ণ, মহাভাৰত, বেদ, উপনিষদ, ভাগৱত আৰু গীতা আদি গ্ৰন্থই প্ৰাচীন কালৰে পৰাই ভাৰতীয়ৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱে গঢ়াত সহায় কৰিছে।
১২) কি কি পাৰ্থক্য থকা সত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে।
উত্তৰ: ভাৰতীয় লোকসকলৰ মাজত বিভিন্ন ধৰণৰ ভাষাগত, ধৰ্মগত, জাতিগত আৰু অঞ্চলগত পাৰ্থক্য থকা সত্ত্বেও তেওঁলোকৰ মাজত এক গভীৰ সামূহিক মিল দেখিবলৈ পোৱা যায়। এই মিলটোৱেই হৈছে ভাৰতীয় সংস্কৃতিৰ মিল। এই উমৈহতীয়া সাংস্কৃতিক ভাৱধাৰাৰ বাবেই সমগ্ৰ দেশৰ মানুহে নিজকে এক বুলি অনুভৱ কৰে।
১৩) উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে কেনে ধৰণৰ পোছাক পৰিধান কৰে তাৰ এটি বৰ্ণনা দিয়া?
উত্তৰ: উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে অতি আৰামদায়ক আৰু পৰম্পৰাগত পোছাক পৰিধান কৰে। তেওঁলোকৰ প্ৰধান সাজ হৈছে চেলৱাৰ-চুড়িদাৰ আৰু পায়জামা, যাৰ সৈতে তেওঁলোকে ওৰণি বা দুপাট্টা ব্যৱহাৰ কৰে। অৱশ্যে বিশেষ অনুষ্ঠানসমূহত উত্তৰ ভাৰতৰ তিৰোতাসকলে শাৰীও পৰিধান কৰা দেখা যায়।
১৪) চমুটোকা লিখা:
উত্তৰ:
(ক) সুকুমাৰ কলা: কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য— এই পাঁচবিধ বিশেষ শিল্পকলাকে একেলগে সুকুমাৰ কলা বুলি জনা যায়।
(খ) সংগীত: সংগীত হৈছে সুকুমাৰ কলাৰ এক অংগ। সাধাৰণতে গীত, বাদ্য আৰু নৃত্যৰ মধুৰ সমলয়কে সংগীত বোলা হয়।
(গ) কুশান: কুশানসকল আছিল প্ৰাচীন কালত ভাৰতলৈ অহা এটা অতি শক্তিশালী মানৱ গোষ্ঠী। কুশান বংশৰ আটাইতকৈ শ্ৰেষ্ঠ ৰজাজন আছিল কনিষ্ক।
(ঘ) ব্যাস: ব্যাস প্ৰাচীন ভাৰতৰ এজন অতি মহান ঋষি আছিল। তেওঁ সনাতন ধৰ্মৰ ধৰ্মীয় গ্ৰন্থ বেদসমূহক ভাগ কৰিছিল বাবে তেওঁক ‘বেদব্যাস’ বুলিও জনা যায়।
(ঙ) মক্কা: মক্কা এখন পবিত্ৰ চহৰ যত ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ জন্ম হৈছিল। প্ৰতিবছৰে লাখ লাখ মুছলমান লোকে ইয়ালৈ ‘হজ’ কৰিবৰ বাবে আহে।
(চ) বশিষ্ঠ: বশিষ্ঠ ঋষি আছিল ব্ৰহ্মাৰ মানসপুত্ৰ আৰু এজন মন্ত্ৰদ্ৰষ্টা বৈদিক ঋষি। তেওঁ প্ৰাচীন সূৰ্যবংশৰ ৰজাসকলৰ কুল পুৰোহিত আছিল।
১৫) “ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ”। – – – কথাষাৰ বহলাই লিখা।
উত্তৰ: ভাৰতবৰ্ষৰ ইতিহাস আৰু সংস্কৃতি অতি প্ৰাচীন তথা চহকী। কেইবা হাজাৰ বছৰ পূৰ্বে যেতিয়া পৃথিৱীৰ বহু উন্নত দেশ অজ্ঞানতাৰ অন্ধকাৰত ডুব গৈ আছিল, তেতিয়াই ভাৰতবৰ্ষই দৰ্শন, বিজ্ঞান, সাহিত্য আৰু সুকুমাৰ কলা আদি প্ৰতিটো বিষয়তে উন্নতিৰ চৰম শিখৰত উপনীত হৈছিল। অতীতৰে পৰা এই পবিত্ৰ ভূমি ঋষিমুনি, তপস্বী আৰু সাধকসকলৰ দেশ আছিল। ইয়াতেই ব্যাস, বাল্মীকি, বশিষ্ঠ, বিশ্বামিত্ৰ আদি ঋষিয়ে জন্ম লৈছিল। একেদৰে ভগৱান বুদ্ধ, মহাবীৰ, শংকৰাচাৰ্য, নানক, কবীৰ আৰু শ্ৰীমন্ত শংকৰদেৱৰ দৰে মহাপুৰুষসকলে ইয়াতেই ত্যাগ, উদাৰতা আৰু আধ্যাত্মিকতাৰ মহান আদৰ্শ প্ৰচাৰ কৰিছিল। গতিকে, ভাৰতৰ এই সুদীৰ্ঘ আধ্যাত্মিক আৰু জ্ঞানৰ পৰম্পৰাই প্ৰমাণ কৰে যে ই এখন অতি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ।
১৬) তোমাৰ দৈনন্দিন খাদ্য়সম্ভাৰত বাহিৰৰ কোন কোন মানৱজাতিৰ খাদ্য়ভ্য়াস পোৱা যায় চমুকৈ লিখা।
উত্তৰ: আমাৰ দৈনন্দিন খাদ্য তালিকালৈ লক্ষ্য কৰিলে দেখা যায় যে ইয়াত বিভিন্ন সময়ত ভাৰতলৈ অহা বহিৰাগত মানৱ জাতিসমূহৰ খাদ্য অভ্যাসৰ গভীৰ প্ৰভাৱ পৰিছে। উদাহৰণস্বৰূপে, মোগলসকলৰ আগমনৰ ফলত আমাৰ খাদ্যত বিৰিয়ানি, পোলাও, কোৰ্মা আৰু বিভিন্ন ধৰণৰ মছলাযুক্ত মঙহৰ ব্যৱহাৰ সোমাই পৰিল। আনহাতে, ইংৰাজ বা পশ্চিমীয়া জাতিসমূহৰ প্ৰভাৱত আমাৰ পুৱাৰ আহাৰত পাউৰুটী, বিস্কুট, কেক, চাহ আৰু কফি আদি অভিন্ন অংগ হৈ পৰিল। ইয়াৰ উপৰি মংগোলীয় বা তিব্বতীয় লোকসকলৰ পৰা মোমো, চাওমিন আদি খাদ্যও বৰ্তমান আমাৰ সমাজত অতি জনপ্ৰিয় হৈ পৰিছে।
ভাষা-বিষয়ক :
১৭) তলৰ শব্দ বোৰৰ সন্ধি ভাঙা:
উত্তৰ :
- অনুষ্ঠান = অনু + স্থান
- জনাকীৰ্ণ = জন + অকীৰ্ণ
- স্বাধীন = স্ব + অধীন
- জন্মাষ্টমী = জন্ম + অষ্টমী
১৮) তলৰ শব্দবোৰৰ প্ৰত্যয় নিৰ্ণয় কৰা:
উত্তৰ :
- শাৰীৰিক = শৰীৰ + ইক
- সামাজিক = সমাজ + ইক
- সুকীয়া = সুখ + ইয়া
- ভৌগোলিক = ভূগোল + ইক
- ফুলনি = ফুল + অনি
- ভাৰতীয় = ভাৰত + ঈয়
- ফুলাম = ফুল + আম
- অৱিনাশী = অৱিনাশ + ঈ
- বাল্মীকি = বল্মীক + ই
১৯) প্ৰত্যেকৰে এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা:
উত্তৰ:
- হেতু = কাৰণ, নিমিত্তে
- পৃথিৱী = জগত, ধৰণী, বসুধা
- গ্ৰন্থ = কিতাপ, পুথি
- মাতা = মা, মাতৃ, জননী
২০) বিপৰীত শব্দ লিখা:
উত্তৰ:
- পাৰ্থক্য – সাদৃশ্য
- ত্যাগ – গ্ৰহণ
- বৈচিত্ৰ্য – একতা
- প্ৰাচীন – আধুনিক