Assamese: Class 9 ৰ অসমীয়াৰ সকলো অধ্যায় পাবলৈ ইয়াত ক্লিক কৰক।
পাঠ ৮
অন্ধবিশ্বাস আৰু কুসংস্কাৰ
প্রশ্নাৱলী
ভাব-বিষয়ক
১। চমু উত্তৰ দিয়া
(ক) উৰাবাতৰি মানে কি?
উত্তৰ: যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবেই উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য, বিবেকশূন্য কিছুলোকে সেই বাতৰিক সত্য বুলি বিশ্বাসো কৰে সেয়াই উৰাবাতৰি।
(খ) কুসংস্কাৰ বুলিলে কি বুজা?
উত্তৰ: যিবোৰ নীতি-নিয়ম, ব্যৱস্থা, পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী আৰু সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে, সেইবোৰেই কুসংস্কাৰ।
(গ) ‘অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।’ কথাষাৰ কোনে কৈছিল?
উত্তৰ: কথাষাৰ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল।
(ঘ) কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম বৃটিছৰ অধীনলৈ যায়?
উত্তৰ: ১৮২৬ খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসম বৃটিছৰ অধীনলৈ যায়।
(ঙ) অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কেনে ধৰণৰ ৰোগত আক্ৰান্ত হৈছিল?
উত্তৰ: মিছনেৰীসকল কলেৰা ৰোগত আক্ৰান্ত হৈছিল।
২। অন্ধবিশ্বাস মানে? অন্ধবিশ্বাসে সমাজত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা।
উত্তৰঃ যিবোৰ বিশ্বাস বা ধাৰণা কোনো যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয় আৰু বিজ্ঞানে যিবোৰ বিশ্বাস, ধাৰণা বা ঘটনাক অসত্য তথা অমূলক বুলি প্ৰমাণ কৰিছে, সেইবোৰেই হ’ল অন্ধবিশ্বাস। অন্ধবিশ্বাসে মানুহৰ মাজত থকা প্ৰেম, মমতা, মানৱতা আদি গুণবোৰ নষ্ট কৰে আৰু এখন সুস্থ সমাজক কলুষিত কৰি তোলে। ইয়াৰ ফলত সমাজত অশান্তি, হিংসা আৰু বিশৃংখলতাৰ সৃষ্টি হয়, যাৰ বাবে বহু সময়ত মানুহেই মানুহৰ শত্ৰু হৈ পৰে।
৩। কি কি কাৰণত অন্ধবিশ্বাস, কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্রভাবিত হয়?
উত্তৰঃ জনসাধাৰণ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ মূল কাৰণবোৰ হ’ল— প্ৰকৃত জ্ঞানৰ অভাৱ আৰু মনৰ অনিয়ন্ত্ৰিত আৱেগ। আজিকালি মানুহে কেৱল চাকৰিৰ বাবেহে আনুষ্ঠানিক শিক্ষা লয়, কিন্তু সমাজত অধ্যয়নবিমুখতা আৰু ভোগবাদী মানসিকতা বৃদ্ধি পাইছে। ইয়াৰ উপৰি মানুহৰ নেতিবাচক দৃষ্টিভংগী, ভিতৰুৱা অঞ্চলৰ যাতায়াত আৰু যোগাযোগৰ অভাৱ, কষ্ট নকৰাকৈ সহজে ধন-সম্পত্তি বা সফলতা লাভ কৰাৰ লোভ আৰু দৈনন্দিন জীৱনত বিজ্ঞানমনস্কতা বা যুক্তিবাদী মনোভাৱৰ অভাৱৰ বাবে মানুহ সহজে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কবলত পৰে। কিছুমান অসৎ লোকে নিজৰ স্বাৰ্থ পূৰণৰ বাবেও চতুৰালিৰে সমাজত উৰাবাতৰি বিয়পাই দি মানুহক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ জালত ফচাই।
৪। অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনে ধৰণৰ আঁচনি গ্রহণ কৰিব পাৰি?
উত্তৰঃ অন্ধবিশ্বাস আৰু কুসংস্কাৰ নিয়ন্ত্ৰণ কৰাৰ আটাইতকৈ শক্তিশালী উপায়টো হ’ল জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা। ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক সৰুৰে পৰাই ইয়াৰ ভয়াবহতাৰ বিষয়ে বুজাব পৰাকৈ বিদ্যালয়ৰ পাঠ্যক্ৰমত এই বিষয়টো অন্তৰ্ভুক্ত কৰিব লাগে। বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত ৰচনা বা তেনেধৰণৰ বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰি নতুন প্ৰজন্মক সজাগ কৰিব পাৰি। ইয়াৰ উপৰি তথ্যচিত্ৰ, চিনেমা বা বিভিন্ন প্ৰচাৰ মাধ্যমৰ সহায়ত সাধাৰণ ৰাইজক বুজাব লাগিব যে ‘ডাইনী’ বা ‘সোপাধৰা’ৰ দৰে কথাবোৰ সম্পূৰ্ণ মিছা। সমাজৰ পৰা এই ব্যাধিবোৰ আঁতৰাবলৈ হলে মানুহৰ মাজত যুক্তিবাদী মনোভাৱ আৰু সামাজিক-মনস্তাত্ত্বিক জাগৰণ গঢ়ি তুলিব লাগিব।
৫। ‘ডাইনী’, ‘সোপাধৰা’-এইবোৰ অন্ধবিশ্বাস। অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰাবাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ কি কি বুলি ভাবা?
উত্তৰঃ ‘ডাইনী’ বা ‘সোপাধৰা’ আদি যে সম্পূৰ্ণ অন্ধবিশ্বাস, সেই কথা জানিও কিছুমান অসৎ আৰু দুষ্ট প্ৰকৃতিৰ লোকে সমাজত নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ বা আনৰ অনিষ্ট কৰিবলৈ এইবোৰ অপপ্ৰচাৰ কৰে। উদাহৰণস্বৰূপে, কাৰোবাৰ সম্পত্তিৰ লোভত বা ওচৰ-চুবুৰীয়াৰ উন্নতি দেখি ঈৰ্ষান্বিত হৈ একাংশ লোকে চতুৰালিৰে ডাইনীৰ উৰাবাতৰি বিয়পাই দিয়ে। সমাজৰ এক বুজনসংখ্যক মানুহ অধ্যয়নবিমুখ আৰু যুক্তিবাদী নোহোৱাৰ বাবেই তেওঁলোকে কথাৰ সত্যাসত্য বিচাৰ নকৰি অতি সহজে এনেধৰণৰ উদ্দেশ্যপ্ৰণোদিত উৰাবাতৰিবোৰক সঁচা বুলি বিশ্বাস কৰি লয় ।
৬। তোমালোকৰ অঞ্চলত প্রচলিত অন্ধবিশ্বাস, কুসংস্কাৰ আদি তোমাৰ চকুত পৰিছে নেকি? সেইবোৰ নিৰাময়ৰ বাবে তোমাৰ ফালৰ পৰা কি কি ব্যৱস্থা ল’বা-এই বিষয়ে এটি টোকা প্রস্তুত কৰা।
উত্তৰঃ একবিংশ শতিকাৰ এই আধুনিক যুগত আমাৰ অঞ্চলতো এতিয়াও কিছুমান অন্ধবিশ্বাস আৰু কুসংস্কাৰ যেনে— বেমাৰ হ’লে ডাক্তৰৰ ওচৰলৈ নিনি বেজ-পূজাৰীৰ সহায় লোৱা, ডাইনী বা সোপাধৰাৰ উৰাবাতৰি ওলোৱা আদি ঘটনা চকুত পৰে। এইবোৰ নিৰাময়ৰ বাবে মই প্ৰথমতে মোৰ বন্ধু-বান্ধৱ আৰু ওচৰ-চুবুৰীয়াৰ মাজত সজাগতা সৃষ্টি কৰিম। বেমাৰ হ’লে যে পূজা-পাতল কৰাৰ সলনি বিজ্ঞানসন্মত চিকিৎসা বা দৰৱ খাব লাগে, সেই বিষয়ে মানুহক বুজাম। কোনো উৰাবাতৰি ওলালে তাৰ সত্যতা বিচাৰ নকৰাকৈ যাতে কোনেও বিশ্বাস নকৰে আৰু আইন হাতত তুলি নলয়, তাৰ বাবে সজাগতামূলক সভাৰ আয়োজন কৰাত সহায় কৰিম। প্ৰচাৰ মাধ্যম আৰু লিফলেট বিতৰণৰ জৰিয়তে সমাজত বিজ্ঞানমনস্কতা গঢ়ি তুলিবলৈ চেষ্টা কৰিম।
৭। ব্যাখ্যা কৰা
(ক) অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।
উত্তৰঃ উক্ত বাক্যশাৰী আমাৰ অসমীয়া পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰা দেৱৰ দ্বাৰা ৰচিত ‘অন্ধবিশ্বাস আৰু কুসংস্কাৰ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
লেখকে ইয়াৰ জৰিয়তে ক’ব বিচাৰিছে যে আমাৰ পৰিৱেশ যেনেকৈ দূষিত বায়ু, পানী বা শব্দই প্ৰদূষিত কৰে, ঠিক তেনেকৈ অন্ধবিশ্বাস আৰু কুসংস্কাৰে মানৱ সমাজখনক ভিতৰি কলুষিত কৰে। ই মানুহৰ মাজত থকা মৰম-চেনেহ, মানৱতা আদি গুণবোৰ নষ্ট কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। আটাইতকৈ আচৰিত কথাটো হ’ল, এই উৰাবাতৰি আৰু অন্ধবিশ্বাসবোৰ মানুহেই নিজৰ স্বাৰ্থৰ বাবে সৃষ্টি কৰে আৰু ইয়াৰ বাবে মানুহেই মানুহৰ প্ৰাণ ল’বলৈ কুণ্ঠাবোধ নকৰে। মানৱ সভ্যতাৰ প্ৰগতিৰ পথত ই আটাইতকৈ ডাঙৰ বাধা হোৱাৰ বাবেই ইয়াক পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা বা অভিশাপ বুলি কোৱা হৈছে।
(খ) সংস্কাৰ এক জীৱন পদ্ধতি।
উত্তৰঃ উক্ত বাক্যশাৰী আমাৰ অসমীয়া পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰা দেৱৰ দ্বাৰা ৰচিত ‘অন্ধবিশ্বাস আৰু কুসংস্কাৰ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
ইয়াত লেখকৰ মতে, সংস্কাৰ হৈছে মানুহৰ জীৱন ধাৰণৰ এক সুন্দৰ পদ্ধতি বা পৰম্পৰা, যিয়ে সমাজখনক আগুৱাই নিয়াত সহায় কৰে। কিন্তু কোনো পৰম্পৰা বা সংস্কাৰে যদি সমাজক নতুন নতুন উন্নত চিন্তাৰে আগুৱাই নিয়াৰ পৰিৱৰ্তে পুৰণি অন্ধ ধাৰণাতে আৱদ্ধ কৰি ৰাখে, তেন্তে সেই সংস্কাৰ কুসংস্কাৰলৈ পৰিণত হয়। যি সংস্কাৰে মানুহৰ চিন্তাৰ পৰিসৰ বহল কৰে আৰু সমাজৰ প্ৰগতিত অৰিহণা যোগায় , তেনে সংস্কাৰ সদায় আদৰণীয় ।
(গ) মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়নবিমুখ।
উত্তৰঃ উক্ত বাক্যশাৰী আমাৰ অসমীয়া পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰা দেৱৰ দ্বাৰা ৰচিত ‘অন্ধবিশ্বাস আৰু কুসংস্কাৰ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
লেখকে বৰ্তমান সমাজৰ এক তিতা সত্য ডাঙি ধৰি কৈছে যে বৰ্তমান সময়ত শিক্ষাৰ হাৰ বাঢ়িছে যদিও মানুহৰ জ্ঞানৰ গভীৰতা কমাৰ মূল কাৰণ হ’ল অধ্যয়নৰ প্ৰতি থকা অনিহা। বৰ্তমান যুগৰ ভোগবাদী মানসিকতাৰ বাবে শিক্ষাক কেৱল এটা চাকৰি পোৱাৰ মাধ্যম হিচাপেহে লোৱা হয়, জ্ঞান অৰ্জনৰ বাবে নহয়। কিতাপ-পত্ৰ পঢ়াৰ অভ্যাস কমি যোৱাৰ বাবেই মানুহে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু সমাজত বিভিন্ন অপ্ৰীতিকৰ বা অমানৱীয় ঘটনা ঘটিবলৈ পায়। অৰ্থাৎ কেৱল ডিগ্ৰীধাৰী হ’লেই মানুহ জ্ঞানী বা বিজ্ঞানমনস্ক হ’ব নোৱাৰে।
ভাষা-বিষয়ক
৮। উদাহৰণটো চাই বাকীকেইটা কৰা :
উত্তৰ:
| শব্দ | বিপৰীত ৰূপ |
| মানৱীয় | অমানবীয় |
| সজাগতা | অসজাগতা |
| সামাজিক | অসামাজিক |
| ৰাজনৈতিক | অৰাজনৈতিক |
| সাংবিধানিক | অসাংবিধানিক |
| প্ৰচাৰ | অপপ্ৰচাৰ |
৯। তলৰ শব্দবোৰৰ বিপৰীত অর্থ বুজোৱা শব্দবোৰ লিখা :
উত্তৰ:
| শব্দ | বিপৰীত শব্দ |
| ইতিবাচক | নেতিবাচক |
| সৎ | অসৎ |
| যোগাত্মক | বিয়োগাত্মক |
| সক্ষম | অক্ষম |
| উচিত | অনুচিত |
| অভিশাপ | আশীৰ্বাদ |
১০। পাঠত উল্লেখ থকা পাঁচোটা যুৰীয়া শব্দ বিচাৰি উলিওৱা
উত্তৰঃ
১) অন্ধবিশ্বাস-কুসংস্কাৰ
২) নীতি-নিয়ম
৩) পূজা-পাতল
৪) তন্ত্র-মন্ত্র
৫) সৰু-বৰ (বা লানি-নিচিগা / আৱেগ-অনুভূতি)
১১। বাক্য ৰচনা কৰা :
উত্তৰ:
· মৌলিক অধিকাৰ: সংবিধানে প্ৰতিগৰাকী নাগৰিকক মৌলিক অধিকাৰ দিছে।
· অমানবীয় কার্য: ডাইনী হত্যা অমানবীয় কার্য।
· প্ৰচাৰ মাধ্যম: কুসংস্কাৰ দূৰ কৰাত প্ৰচাৰ মাধ্যমৰ ভূমিকা ডাঙৰ।
· সজাগতা সভা: গাঁৱত অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সভা হৈছিল।
· স্বাৰ্থান্বেষী লোক: স্বাৰ্থান্বেষী লোকে মিছা উৰাবাতৰি বিয়পায়।
- আদিম স্তৰ: কুসংস্কাৰে সমাজক আদিম স্তৰলৈ লৈ যায়।