মানৱ বন্দনা | Class 9 Assamese Chapter 2 Question Answer | Class 9 Assamese manav bondona | A2P7L6

Assamese: Class 9 ৰ অসমীয়াৰ সকলো অধ্যায় পাবলৈ ইয়াত ক্লিক কৰক।

প্ৰশ্নাৱলী

ভাব-বিষয়ক

১। চমু উত্তৰ লিখা:

​(ক) ‘মানুহেই পৰাৎপৰ‘ বোলা কথাষাৰৰ অর্থ কি?

উত্তৰ: ‘মানুহেই পৰাৎপৰ’ বোলা কথাষাৰৰ অৰ্থ হ’ল— মানুহেই পৃথিৱীৰ সকলো জীৱতকৈ শ্ৰেষ্ঠ আৰু পৰম সত্য। কবিয়ে বুজাব বিচাৰিছে যে সৃষ্টিৰ সকলো জীৱৰ ভিতৰত মানুহৰ স্থান সবাতোকৈ ওপৰত। মানুহৰ ওপৰত আন কোনো শ্ৰেষ্ঠ শক্তি বা জীৱ নাই।

​(খ) মানুহক ‘ময়াপী জীৱ‘ বোলাৰ অৰ্থ কি?

উত্তৰ: এই সংসাৰত মানুহৰ জন্ম আৰু মৃত্যু এক চিৰন্তন গতি।  পৃথিৱীৰ এই মায়াত আৱদ্ধ হৈ থকা বাবেই মানুহক ‘ময়াপী জীৱ’ বুলি কোৱা হৈছে। এই মায়াৰ বাবেই মানুহে বাৰে বাৰে পৃথিৱীৰ বুকুলৈ জন্ম লৈ ঘূৰি আহে।

​(গ) পাদ্য অর্ঘ্য লৈ মানুহক পূজা কৰাৰ অর্থ কি?

উত্তৰ: ইয়াৰ অর্থ হল মানুহে মানুহক শ্রদ্ধা কৰাটোৱেই  মানুহৰ প্রকৃত ধর্ম ।কবিৰ মতে মানুহেই হ’ল নৰৰূপী ভগৱান। গতিকে কোনো অচিন বা অদৃশ্য দেৱতাক বিচাৰি নুফুৰি পূজাৰ বিভিন্ন উপকৰণ যেনে— পাদ্য আৰু অৰ্ঘ্য লৈ মানৱতাক পূজা আৰু সেৱা কৰাটোহে প্ৰকৃত ধৰ্ম।

২। ‘মানৱ বন্দনা’ কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা।

উত্তৰ: প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাই ‘মানৱ বন্দনা’ কবিতাটিত মানৱতাৰ জয়গান গাইছে। কবিৰ মতে মানুহৰ পৃথিৱীলৈ আগমন আৰু ইয়াৰ পৰা বিদায় এক চিৰন্তন প্ৰক্ৰিয়া। মানুহ পৃথিৱীৰ মায়াত বন্দী এক জীৱ। কবিয়ে কৈছে যে এই মূল্যবান মানৱী জনমটো অকল নিজৰ বাবে ব্যয় নকৰি মানুহৰ কল্যাণৰ বাবে উছৰ্গা কৰিব লাগে। মানুহেই মানুহৰ পৰম বন্ধু আৰু সংগী। মানুহৰ মাজত থকা পাৰস্পৰিক মৰম-চেনেহেই হ’ল প্ৰকৃত ধৰ্ম আৰু ইয়াৰ জৰিয়তেই এই পৃথিৱীতে স্বৰ্গীয় সুখ লাভ কৰিব পাৰি। কবিৰ দৃষ্টিত মানুহেই হ’ল প্ৰকৃত দেৱতা বা ‘নৰ-দেৱতা’। সেয়েহে কোনো কাল্পনিক দেৱতাক পূজা কৰাতকৈ পৃথিৱীৰ শ্ৰেষ্ঠ জীৱ মানুহক পূজা আৰু সেৱা কৰিবলৈ কবিয়ে কৈছে । চমুকৈ এয়াই কবিতাটোৰ মূলভাৱ ।

৩। ‘এই যে পৃথিৱী স্বর্গতো অধিক মানুহৰ নিজাপী ঘৰ।’- কথাষাৰৰ অৰ্থ বুজাই লিখা।

উত্তৰ: মানৱতাবাদী কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ মতে মানুহৰ বাবে এই পৃথিৱীখনেই আটাইতকৈ আপোন আৰু নিজৰ স্থায়ী ঘৰ। আমি সাধাৰণতে স্বৰ্গক সুখৰ ঠাই বুলি ভাবো, কিন্তু কবিয়ে কৈছে যে মানুহৰ বাবে এই ধৰণীখন স্বৰ্গতকৈও অধিক শ্ৰেষ্ঠ। কাৰণ মানুহৰ সুখ-দুখ, হাঁহি-কান্দোন আৰু পাৰস্পৰিক সম্পৰ্কৰ সকলো অনুভূতি আমি এই পৃথিৱীতেই অনুভৱ কৰোঁ। মানুহৰ মাজত থকা মৰম আৰু আত্মীয়তাই এই পৃথিৱীখনক এক আপোন ঘৰলৈ ৰূপান্তৰ কৰে।চমুকৈ এয়াই কথাষাৰৰ অর্থ ।

৪। তাৎপর্য ব্যাখ্যা কৰা:

(ক) মানৱী জনম দিয়া উটুৱাই মানৱী কৰম সোঁতে, মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে।
উত্তৰ: উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানৱতাবাদৰ শ্ৰেষ্ঠত্ব আৰু মানুহৰ কৰ্তব্যৰ বিষয়ে প্ৰকাশ কৰিছে। কবিয়ে ক’ব বিচাৰিছে যে এই দুৰ্লভ মানৱী জনমটো কেৱল মায়া-মোহত আৱদ্ধ হৈ থাকি নষ্ট কৰিব নালাগে। ইয়াৰ পৰিৱৰ্তে মানুহৰ মংগলৰ বাবে কাম কৰি এই জীৱনটো ধন্য কৰিব লাগে। কবিয়ে সমাজত প্ৰচলিত নীতি-নিয়ম বা পূজা-পাতলতকৈ মানুহৰ প্ৰতি থকা মৰমক বেছি গুৰুত্ব দিছে। তেওঁৰ মতে মানুহে মানুহৰ দুখ বুজি পোৱা আৰু এজনে আনজনক মৰম কৰাটোৱেই হ’ল জগতৰ আটাইতকৈ ডাঙৰ ধৰ্ম।

(খ) মানুহেই দেব মানুহেই সেব মানুহ বিনে নাই কেৱ, কৰা কৰা পুজা পাদ্য অর্ঘ্য লই জয় জয় মানর দেব।
উত্তৰ: ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাই মানুহক দেৱতাৰ আসনত বহুৱাইছে। তেওঁৰ মতে এই দৃশ্যমান জগতত মানুহেই হ’ল সৰ্বোচ্চ শক্তি বা নৰৰূপী নাৰায়ণ। মানুহৰ সহায়-সাৰথি হ’বলৈ মানুহৰ বাহিৰে আন কোনো নাই। সেয়েহে কবিয়ে কৈছে যে আমি কোনো  অদৃশ্য শক্তিক বিচাৰি পূজা কৰাতকৈ পূজাৰ সকলো উপকৰণ লৈ আমাৰ মাজৰে মানুহক শ্ৰদ্ধা আৰু সেৱা কৰা উচিত। মানুহৰ জয়গান গোৱা আৰু মানৱ জাতিক সেৱা কৰাটোৱেই হ’ল প্ৰকৃত ঈশ্বৰ ভক্তি।

ভাষা-বিষয়ক

৫। সমার্থক শব্দ লিখা:

উত্তৰ:

  • মানুহ: মানৱ, নৰ
  • সংগ: লগ, লগৰীয়া
  • পৃথিৱী: ধৰা, ধৰিত্ৰী
  • সোঁত: ধাৰা, প্ৰবাহ
  • স্বর্গ: সৰগ, দেৱলোক
  • দেৱ: দেৱতা, সুৰ, অমৰ

৬। সংস্কৃত কৰ্ম, ধৰ্ম আদি শব্দৰ পৰা কৰম, ধৰম আদি শব্দৰ উৎপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্রস্তুত কৰা।

উত্তৰ:

  • ধৰ্ম → ধৰম
  • কৰ্ম → কৰম
  • স্বৰ্গ → সৰগ
  • মৰ্ত্য → মৰত
  • যন্ত্ৰ → যঁতৰ
  • ৰত্ন → ৰতন
  • যত্ন → যতন
  • ভক্ত → ভকত