Class 9 Assamese Chapter 1 শিশুলীলা Question Answer | Class 9 Assamese Lesson 1 | U4U3C5

Assamese: Class 9 ৰ অসমীয়াৰ সকলো অধ্যায় পাবলৈ ইয়াত ক্লিক কৰক।

১। অতি চমু প্ৰশ্নৰ উত্তৰ লিখা:

(ক) ‘কৃষ্ণগীত গাৱন্ত সুন্দৰী’।। -কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন?
উত্তৰ: কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ’ল নন্দৰ পত্নী যশোদা।

(খ) ‘কৰ্ণত কুণ্ডল দোলে আতি।’ -কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে?
উত্তৰ: ইয়াত যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে।

(গ) ‘কাম্পে কোপে অৰুণ অধৰ।’ -ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে?
উত্তৰ: ইয়াত শিশু কৃষ্ণৰ অৰুণ অধৰৰ (ৰঙা ওঁঠৰ) কথা কোৱা হৈছে।

(ঘ) ‘মথনিত ধৰিয়া নিষেধি’। -‘মথনি’ শব্দৰ অৰ্থ কি?
উত্তৰ: ‘মথনি’ হ’ল দধি মথা এবিধ সঁজুলি।

(ঙ) ‘নোজোৰে আঙ্গুল দুই জৰী’ -ইয়াত কাৰ জৰীৰ নাটনি হৈছে?
উত্তৰ: ইয়াত যশোদাৰ জৰীৰ নাটনি হৈছে ।

(চ) ‘কণ ঝুণ কেয়ুৰ কঙ্কণ’। -কাৰ কেয়ূৰ কঙ্কণৰ ‘কণ ঝুণ’ শব্দৰ কথা ইয়াত কোৱা হৈছে?
উত্তৰ: ইয়াত যশোদাৰ হাতৰ খাৰু বা কঙ্কণৰ শব্দৰ কথা কোৱা হৈছে।

২। ‘শিশুলীলা’ পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা।

উত্তৰ: শিশুলীলা’ পাঠটিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটো অতি সুন্দৰ ভাৱে ফুটি উঠিছে। সাধাৰণ মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে, মাকৰ লগত ঠেহ-পেচ কৰে থিক তেনেদৰে ভগৱান শ্রীকৃষ্ণয়ো মাক যশোদাৰ লগত ঠেহ-পেচ কৰিছে, অভিমান কৰিছে। মাকৰ মনোযোগ আকৰ্ষণ কৰাৰ বাবে ঘৰৰ বয়-বস্তু ভাঙি, দলিয়াই লণ্ড-ভণ্ড কৰিছে। মাকৰ খং উঠাত ভয়তে পলাইছে আৰু মাকৰ ভাগৰ লগা দেখি নিজেই মাকৰ হাতত ধৰাও দিছে।

 

৩। শংকৰদেৱৰ মহত্ত্বম সৃষ্টি ‘কীৰ্তন-ঘোষা’ৰ বিষয়ে এটি চমুটোকা লিখা।

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল- ‘কীৰ্ত্তন ঘোষা’। ‘কীৰ্ত্তন ঘোষা’ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰৱত্তিত একশৰন নাম ধৰ্মৰ মূলপুঠি। বিভিন্ন ছন্দৰ প্ৰয়োগ, ৰসৰ প্রাধান্য তথা ভক্তিধৰ্মৰ গুনানুকীৰ্ত্তনেৰে ভৰপুৰ কীৰ্ত্তন-ঘোষাত ৯ টা অধ্যায় আছে।এই পুথিখনিত ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন লীলা-খেলাৰ বিষয়ে বর্ণনা কৰা আছে ।  ইয়াৰ ভাষা অতি সৰল আৰু হৃদয়স্পৰ্শী।

৪। ‘শিশুলীলা’ পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা।

উত্তৰঃ  ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ সৃষ্টিকর্তা । সেইজন ভগৱানেই ভকতৰ মনোকামনা পূৰণৰ হেতুকে সাধাৰণ মানৱশিশুৰূপে যশোদাৰ পুত্ৰহৈ জন্ম লৈছে আৰু নানান লীলা খেলা দেখুৱাইছে।মাতৃ যশোদা আৰু শিশুপুত্ৰ শ্ৰীকৃষ্ণৰ লীলা খেলাৰে পৰিপূৰ্ণ ‘শিশুলীলা’ পাঠটিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন। ভক্তৰ অধীন ভগৱানে ভকতৰ মনোকামনা  পূৰণ কৰিবলৈ সদাই যত্ন কৰে। যশোদা পৰম কৃষ্ণ ভক্ত । যি জনা পৰম ঈশ্বৰক মহা যোগী সকলে ধ্যান কৰিও দৰ্শন লাভ কৰিব নোৱাৰে; সেইজনা পৰম পুৰুষ ঈশ্বৰক একমাত্ৰ ভক্তিৰ জৰিয়তেই যশোদাই নিজপুত্ৰ ৰূপে লাভ কৰিবলৈ সক্ষম হৈছে। কেৱল ভকতিৰ জৰিয়তেহে তেওঁক লাভ কৰা সম্ভৱ। এয়ে ‘শিশুলীলা’ পাঠটিৰ তাৎপৰ্য।

৫। ‘তাহাঙ্ক তনয় মানি বলে। যশোদা বান্ধন্ত উডুখলে।’ কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা।

উত্তৰ: যশোদা আছিল শ্ৰীকৃষ্ণৰ পৰম ভক্ত। ভকতিৰ বলতেই যশোদাই ত্ৰিজগতৰ পতি পৰম পুৰুষ শ্ৰীকৃষ্ণক পুত্ৰ ৰূপে লাভ কৰিছিল। মহা মহা যোগী সকলে বছৰ বছৰ ধৰি ধ্যান কৰিও যিজনা ভগৱানক দৰ্শন পাবলৈও সক্ষম হোৱা নাই; সেই পৰম ঈশ্বৰক যশোদাই কেৱল ভকতিৰ জৰিয়তেই পুত্ৰ ৰূপে লাভ কৰিছিল। নিজ পুত্ৰ মানি শ্ৰীকৃষ্ণৰ লগত যশোদাই খং আৰু অভিমান কৰিছিল। আনকি এদিন কৃষ্ণৰ দুষ্টামিত অসহ্য হৈ যশোদাই কৃষ্ণক উৰলত বান্ধিবলৈ চেষ্টা কৰিছিল যাৰ প্রসংগত শংকৰদেৱে উক্ত কবিতাফাকিৰ অৱতৰানা কৰিছে। গুৰুজনাই কবিতাফাঁকিৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে ভগৱান সদায় ভকতৰ অধিন।

 

৬। ‘নাহি আদি অন্ত পূৰ্ব্বাপৰ। পূৰ্ণব্ৰহ্ম জগত ঈশ্বৰ।।’ -ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা।

উত্তৰ: ভগৱান শ্ৰীকৃষ্ণই পুত্ৰ ৰূপে যশোদাৰ ঘৰত ওপজি নানান লীলা খেলা কৰিছিল। শিশু পুত্ৰৰূপে তেওঁ যশোদাৰ কোলাত উঠিবলৈ আমনি কৰিছিল, মাকক কাম কৰিবলৈ আমনি কৰিছিল, স্তনপান কৰিবলৈ নাপাই দধিভাণ্ড ভাঙিছিল, লৱনু চুৰ কৰি নিজেও খাইছিল আৰু বান্দৰকো দিছিল। শিশুকৃষ্ণৰ উতপাতত মাক যশোদা অতিষ্ঠ হৈছিল আৰু শাস্তি ৰূপে ৰছীৰে উৰলত বান্ধি থবলৈ প্ৰয়াস কৰিছিল। কিন্তু  শ্ৰীকৃষ্ণ হল পৰম ভগৱান। তেওঁক একোৰেই আৱদ্ধ কৰিব নোৱাৰি। সেয়েহে যশোদাই তেওঁক বান্ধিব বিছাৰোতে প্ৰতিবাৰতেই দুই আঙুল ৰছীৰ নাটনি হ’ল। অৱশেষত মাকৰ পৰিশ্ৰম দেখি শ্ৰীকৃষ্ণই নিজেই যশোদাৰ হাতত বন্ধন স্বীকাৰ কৰিলে। সেয়েহে কবিয়ে কৈছে যে শ্ৰীকৃষ্ণৰ আদি অন্ত নাই, তেঁৱেই এই সচৰাচৰ জগতৰ পৰম পুৰুষ। ত্ৰিজগতৰ সৃষ্টিকৰ্তা পূৰ্ণ ব্ৰহ্মা অৱতাৰ।

৭। ব্যাখ্যা কৰা:

(ক) যাক যোগী নপাৱে ধ্যানত। হেন হৰি পলান্ত ভয়ত।।

উত্তৰ: উক্ত পদফাঁকি আমাৰ পাঠ্যপুঠিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘শিশুলীলা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

      পদফাঁকিৰ জৰিয়তে কবিয়ে ভগৱান শ্রীকৃষ্ণৰ অনন্ত মহিমাৰ বিষয়ে অৱগত কৰাইছে।

         শ্রীকৃষ্ণক মহা মহা যোগী সকলেও অনেক সাধনা তপস্যা কৰিও লাভ কৰিব নোৱাৰে। কিন্তু সেইজনা পৰম ঈশ্বৰক যশোদাই পুত্ৰৰূপে লাভকৰিছিল একমাত্ৰ ভক্তিৰ জৰিয়তে। কেৱল পুত্ৰৰূপে লাভ কৰাই নহয়, যশোদাৰ ভয়তে শিশুকৃষ্ণই পলাই ফুৰিব লগিয়াও হৈছিল। ই সম্ভৱ হৈছে কেৱল ভক্তিৰ বলত।এয়ে চমুকৈ উক্ত পদফাঁকিৰ অর্থ ।

(খ) ভাণ্ড ভাঙ্গি আবে যাইবি কোথা। খাইবো আজি কৃষ্ণ তোৰ মাথা।।

উত্তৰ: উক্ত পদফাঁকি আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত ‘শিশুলীলা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

             পদফাঁকিত যশোদাই শ্ৰীকৃষ্ণক দৈ, লৱনুৰ টেকেলিবোৰ ভঙাৰ বাবে খং কৰি গালি পৰাৰ কথা কোৱা হৈছে।

              এদিন শ্ৰীকৃষ্ণক যশোদাই কোলাৰ পৰা নমাই স্তন পান কৰাৰ পৰা বিৰত কৰি জুইত বহাই থোৱা গাখীৰ নমাবলৈ যোৱা বাবে শ্ৰীকৃষ্ণই খঙতে দৈ, লৱনুৰ টেকেলিবোৰ মজিয়াত চতিয়াই নিজেও খাইছিল আৰু বান্দৰকো দিছিল। যশোদাই জুইৰ পৰা গাখীৰ নমাই থৈ আহি কৃষ্ণৰ কাণ্ড দেখি খং উঠাত  কৃষ্ণক গালি পাৰিছিল। এয়ে চমুকৈ উক্ত পদফাঁকিৰ অর্থ ।

(গ) পাছে পাছে যশোদা খেদন্ত। ভয়ে লাগ মাৱক নেদন্ত।।

উত্তৰ: উক্ত পদফাঁকি আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত ‘শিশুলীলা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

       পদফাঁকিত যশোদাই কৃষ্ণক শাস্তি দিবলৈ দৌৰাই থকাৰ কথা কোৱা হৈছে ।

    পৰম ভক্ত যশোদাই নিজা ভকতিৰ বলত ত্ৰিজগতৰ পতি হৰিক পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল। শ্ৰীকৃষ্ণয়ো শিশুৰূপে মাতৃ যশোদাৰ লগত নানান লীলা খেলা কৰিছিল। মাকৰ স্তনপান কৰিব নাপায় শিশু কৃষ্ণই দৈ লৱনুৰ টেকেলি শিলগুটি মাৰি ভাঙিছিল। লৱনুবোৰ মজিয়াত চটিয়াইছিল নিজেও খাইছিল আৰু বান্দৰকো দিছিল। যশোদাই কৃষ্ণৰ এই কাণ্ডদেখি খং কৰিছিল আৰু মাৰিবলৈ হাতত বাৰী তুলি লৈছিল । মাকৰ খং উঠা দেখি কৃষ্ণই ভয়তে পলাইছিল। এয়ে চমুকৈ উক্ত পদফাঁকিৰ অর্থ ।

 

৮। ‘শিশুলীলা’ পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা।

উত্তৰ: পাঠটিত বর্ণনা থকাৰ মতে কামত ব্যস্ত মাক যশোদাক শিশু কৃষ্ণই আমনি কৰিছিল। স্তনৰ বাবে মাকৰ কোলাত উঠিবলৈ ইচ্ছা কৰাত মাক যশোদাই মৰমেৰে কোলাত লৈ কৃষ্ণক স্তন পান কৰাইছিল। তেনেতে জুইত বহাই থৈ অহা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ যশোদা যোৱা দেখি কৃষ্ণই খং অভিমান কৰিছিল আৰু দধি দুগ্ধৰ কলহ শিলগুটিৰে ভাঙি, মজিয়াত সিঁচৰিত কৰি, নিজেও খাইছিল আৰু বান্দৰকো দিছিল। কৃষ্ণৰ এইবোৰ কাণ্ড দেখি যশোদাৰ খং উঠিছিল। মাকৰ খং উঠা দেখি কৃষ্ণ মাকৰ ভয়তে পলাইছিল। এনেদৰে শ্ৰীকৃষ্ণৰ সাধাৰণ মানৱ শিশুৰ ৰূপটি পাঠটিত অতি সুন্দৰ ভাৱে দাঙি ধৰা হৈছে ।

 

৯। ‘মহাকোপে কোঠা পশিলন্ত। সিঞ্চিৰাই লবণু ভুঞ্জন্ত।।’ -কোনে অতি খঙেৰে কোঠাত সোমাইছিল? তেওঁ কিয় লবণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা।

উত্তৰ: শিশু কৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল। মাকে তেওঁক কোলাত লৈ গাখীৰ খুৱাই থাকোঁতে হঠাত পাকঘৰত গাখীৰ উতলি পৰা দেখি কৃষ্ণক নমাই থৈ লৰ মাৰিছিল। গাখীৰ খাবলৈ নাপাই কৃষ্ণৰ বহুত খং উঠিছিল আৰু সেই খঙতে তেওঁ লৱণুবোৰ ছটিয়াই খাইছিল।

১০। কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা।

উত্তৰ: কৃষ্ণক ধৰিবলৈ তেওঁৰ পাছে পাছে দৌৰি যশোদা একেবাৰে ভাগৰি পৰিছিল। তেওঁৰ খোপাৰ পৰা মালতী ফুল খহি পৰিছিল আৰু খোপাটোও ঢিলা হৈ খোল খাই গৈছিল।

১১। সমাৰ্থক শব্দ লিখা:

উত্তৰ:

  • কৰ্ণ: কাণ।
  • অৰুণ: বেলি ।
  • দধি: দৈ।
  • বস্ত্ৰ: কাপোৰ।
  • বদন: মুখ।
  • দশন: দাঁত।
  • দুগ্ধ: গাখীৰ।
  • লৱণু: মাখন।
  • ঈশ্বৰ: ভগৱান।
  • কোপ: খং

১২। আধুনিক ৰূপ লিখা:

উত্তৰ:

  • তাহাঙ্কঃ তেওঁক
  • নোজোৰেঃ নাটে
  • খসিঃ খহি
  • ৰহিলঃ ৰল
  • আসিঃ আহি
  • ভৈলাঃ হ’ল
  • আসান্তঃ আহিছে
  • শিলায়েঃ শিলেৰে
  • কাম্পেঃ কঁপে
  • মাৱকঃ মাকক
  • বসিঃ বহি
  • প্ৰয়াসিঃ চেষ্টাকৰা
  • খেদন্তঃ খেদিলে
  • শিলায়ে: শিলেৰে।
  • কাম্পে: কঁপে।
  • মাৱক: মাকক।
  • বসি: বহি।
  • প্ৰয়াসি: যত্ন কৰি।
  • খেদন্ত: খেদি গৈছিল।

১৩। তলৰ শব্দকেইটাত কি কি কাৰণত মূদ্ধন্য ণ আৰু মূদ্ধন্য ষ হৈছে বুজাই লিখাঃ

অৰুণ, কঙ্কণ, কৰ্ণ, শ্ৰোণী, ভাণ্ড, নিষেধি

উত্তৰঃ

অৰুণঃ ঋ, ৰ, ষ ৰ বাবে `নʼ ৰ ঠাইত `ণʼ হৈছে।

কঙ্কণঃ স্বাভাৱিকতে  `ণʼ হৈছে।

কৰ্ণঃ ঋ, ৰ, ষ  থাকিলে  `নʼ `ণʼ হয়।

শ্ৰোণীঃ ঋ, ৰ, ষ ৰ বাবে `নʼ ৰ ঠাইত `ণʼ হৈছে।

ভাণ্ডঃ `টʼ বৰ্গৰ আখৰেৰে যুক্ত হোৱা বাবে `নʼ `ণʼ হৈছে।

নিষেধি: ই কাৰান্ত উপসৰ্গৰ পিছত সিধ্,  ধাতুৰ `সʼ `ষʼ  হয়।

১৪। পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ পাঁচোটা বাছি উলিয়াই লিখা।

উত্তৰঃ পিন্ধি, গৈয়া, বান্ধি, ধৰিয়া, চায়া ।