অতীতক নাযাবা পাহৰি |Class 8 Assamese Chapter 11 | Class 8 Assamese Lesson 11 | C8P4X8

পাঠ ১১

অতীতক নাযাবা পাহৰি

১। পাঠভিত্তিক ক্রিয়া – উত্তৰ দিয়া।

(ক) কোনবোৰ সম্পদক কলা সম্পদ বুলি কোৱা হয়?

উত্তৰ: মঠ-মন্দিৰ, স্তূপ আদিৰ দৰে প্ৰাচীন আপুৰুগীয়া সম্পদসমূহ, লগতে অতীতৰ শিল্পকলা, স্থাপত্য, ভাস্কর্য, লিপি, মুদ্রা, বুৰঞ্জী প্রসিদ্ধ স্থান, দলিল আদি যিবোৰ সম্পদে সেই যুগৰ ঐতিহ্য, বুৰঞ্জী, বিজ্ঞান, ধর্ম, দর্শন আদিৰ বিষয়ে সম্ভেদ দিয়ে, তেনে সম্পদবোৰেই হৈছে কলা সম্পদ।

উত্তৰ: যিবোৰ সম্পদে আমাৰ সাংস্কৃতিক ঐতিহ্যক প্ৰতিনিধিত্ব কৰে তাকে কলা সম্পদ বুলি কোৱা হয় ।

(খ)অতীতৰ কিহৰ বিষয়ে এই সম্পদবোৰে কয়?

উত্তৰ:অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ

বিষয়ে এই সম্পদবোৰে কয় ।

(গ) কোনবিলাক সম্পদক প্রত্নতাত্ত্বিক সম্পদ বোলে?

উত্তৰ: প্ৰাক্ ঐতিহাসিক যুগৰে পৰা আৰম্ভ কৰি বৰ্তমান সময়ৰ পৰা এশ বছৰ পুৰণি সকলো সম্পদকে প্ৰত্নতাত্ত্বিক সম্পদ বোলে।

(ঘ) প্রত্নতত্ত্ব বুলিলে কি বুজা? পুৰণি কালৰ কলাসম্পদসমূহৰ অধ্যয়নৰ জৰিয়তে আমি কিহৰ বিষয়ে জানিব পাৰোঁ?

উত্তৰ: প্রত্নতাত্ত্বিক সম্পদসমূহৰ বিজ্ঞানসন্মত অধ্যয়নক প্রত্নতত্ত্ব বোলে। এই সম্পদসমূহৰ অধ্যয়নৰ জৰিয়তে আমি সেই সময়ৰ মানুহৰ বিষয়ে জানিব পাৰোঁ।

(ঙ) পুৰণি দ্বাৰকা নগৰৰ অৱশেষ ক’ৰ পৰা উদ্ধাৰ কৰা হৈছিল?

উত্তৰ: পুৰণি দ্বাৰকা নগৰৰ অৱশেষ সাগৰৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছিল।

(চ) সূর্য পাহাৰ কোন জিলাত অৱস্থিত?

উত্তৰ: সূর্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত।

(ছ) তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত কি উদ্ধাৰ কৰা হৈছিল?

উত্তৰ: তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত পোৰা মাটিৰ কুঁৱাৰ অৱশেষ উদ্ধাৰ কৰা হৈছিল।

(জ) সূর্য পাহাৰৰ খনন কার্যত কি কি উদ্ধাৰ হৈছিল?

উত্তৰ: সূর্য পাহাৰৰ খনন কাৰ্যত শিলেৰে নির্মিত বৌদ্ধ স্তূপ, জৈন ধর্মৰ আদিগুৰু নেমিনাথ আৰু ঋষভ নাথৰ ভাস্কর্য, শিৱ লিংগ, গণেশ আদি মূর্তিৰ সমাৱেশ উদ্ধাৰ হৈছিল।

(ঝ) গোৱালপাৰা জিলাৰ ‘পাগলাটেক’ত কি উদ্ধাৰ হৈছিল?

উত্তৰ: গোৱালপাৰা জিলাৰ ‘পাগলাটেক’ত পোৰা মাটিৰ বৌদ্ধ স্তূপ উদ্ধাৰ হৈছিল।

(ঞ) গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ ‘ডুবৰনি’ক প্রাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্র বুলি কিয় কোৱা হৈছে বুজাই লিখা।

উত্তৰ: গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ ‘ডুবৰনি’ক প্রাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্র বুলি কোৱা হৈছে, কাৰণ এই অঞ্চলত উদ্ধাৰ হোৱা প্রাচীন লিপিসমূহৰ পৰা আগৰ সমাজ, ধর্ম, সাহিত্য, ৰাজনৈতিক দিশ আদিৰ বহুতো তথ্য পোৱা যায়। ইয়াৰ উপৰি খনন কাৰ্যৰ দ্বাৰা উদ্ঘাটন কৰা প্রাচীন ইটাৰে নির্মিত মন্দিৰৰ ভেটি, শিৱ-লিংগ আদিয়ে অতীতৰ ভাস্কর্য আৰু স্থাপত্য কলাৰ ইংগিত বহন কৰে।

উত্তৰ: ডুবৰনি প্রাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্র, কাৰণ ইয়াৰ সন্ধানসমূহে পুৰণি সমাজ, ধৰ্ম আৰু কলাৰ বিষয়ে মূল্যবান তথ্য দিয়ে।

(ট) গুৱাহাটী মহানগৰৰ আমবাৰী অঞ্চলৰ খনন কাৰ্যৰ দ্বাৰা কিহৰ মূর্তি উদ্ধাৰ হৈছিল।

উত্তৰ: গুৱাহাটী মহানগৰৰ আমবাৰী অঞ্চলৰ খনন কাৰ্যৰ দ্বাৰা নটৰাজৰ মূর্তি উদ্ধাৰ হৈছিল।

(ঠ) শিৱসাগৰ জিলাৰ চৰাইদেউত আহোম স্বৰ্গদেউৰ সমাধিক্ষেত্র মৈদামসমূহ উদ্ধাৰ হৈছে। মৈদামসমূহত উদ্ধাৰ হোৱা সামগ্রীসমূহ কি কি আছিল? এই মৈদামসমূহৰ লগত কোন দেশৰ মৈদামৰ সাদৃশ্য আছে লিখা।

উত্তৰ: মৈদামসমূহত উদ্ধাৰ হোৱা সামগ্রীসমূহ আছিল মৃতকৰ লগত সমৰ্পণ কৰা শৰাই, সঁফুৰা, হাতী-দাঁতৰ সামগ্রী, সোণৰ অলংকাৰৰ অৱশেষ আদি। এই মৈদামসমূহৰ লগত চীনদেশৰ ৰাজকীয় সমাধিক্ষেত্রৰ সাদৃশ্য আছে।

২। তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা।

উত্তৰ:

প্রত্নতত্ত্ব – প্রত্নতাত্ত্বিক সম্পদৰ বিজ্ঞানসন্মত অধ্যয়ন।

ভগ্নাৱশেষ- ভগা-ছিগা অংশ, পুৰণি বস্তুৰ বাকী থকা অংশ।

উদ্‌ঘাটন- মাটিৰ তলৰ পৰা খান্দি উলিওৱা কাৰ্য।

ভাস্কর্য- শিলত কটা বা অন্য কোনো মাধ্যমেৰে কৰা শিল্প।

ঐতিহ্য- অতীতৰ পৰা চলি অহা পৰম্পৰা ।

স্তূপ- পূজা বা শ্ৰদ্ধাৰ বাবে সজা স্থাপত্যৰ বিশেষ ৰূপ,থূপ, দ’ম।

গৌৰৱ- সন্মান, মহত্ত্ব, নিজৰ ওপৰত থকা ভাল ভাব।

ঐতিহাসিক –   ইতিহাস সম্বন্ধীয়।

৩। চমুটোকা লিখা।

ক) শ্রীশ্রী সূর্য পাহাৰ

উত্তৰ: শ্রীশ্রী সূর্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত। খনন কাৰ্যৰ ফলত ইয়াত শিলেৰে নির্মিত বৌদ্ধ স্তূপ, জৈন ধৰ্মৰ ভাস্কর্য (নেমিনাথ আৰু ঋষভ নাথ), শিৱ লিংগ, গণেশ আদি মূৰ্তি উদ্ধাৰ হৈছে। এই মূৰ্তিসমূহৰ সমাৱেশে পাহাৰখনক বিভিন্ন ধৰ্মীয় সমাজৰ মিলন ভূমি হিচাপে চিহ্নিত কৰিছে।

 উত্তৰ: শ্ৰীশ্ৰী সূৰ্য পাহাৰ হৈছে গোৱালপাৰাৰ এক বহু-ধৰ্মীয় স্থান, য’ত বৌদ্ধ, জৈন আৰু হিন্দু ধৰ্মৰ বিভিন্ন মূৰ্তি আৰু স্তূপ পোৱা গৈছে।

খ) মৈদাম

উত্তৰ: মৈদাম হৈছে শিৱসাগৰ জিলাৰ চৰাইদেউত উদ্ধাৰ হোৱা আহোম স্বৰ্গদেউসকলৰ ৰাজকীয় সমাধিক্ষেত্র। এই মৈদামসমূহ বৃহৎ আকাৰৰ আৰু অর্ধগোলাকৃতিৰ, যাৰ স্থাপত্য সমগ্ৰ ভাৰততে বিৰল। ইয়াৰ মৈদাম-সংস্কৃতিৰ লগত চীনদেশৰ ৰাজকীয় সমাধিক্ষেত্রৰ সাদৃশ্য আছে। খননত ইয়াত মৃতকৰ লগত দিয়া শৰাই, সোণৰ অলংকাৰ, হাতী-দাঁতৰ সামগ্রী আদি উদ্ধাৰ হৈছে।

উত্তৰ: মৈদাম হৈছে আহোম ৰজাসকলৰ সমাধি। এইবোৰ শিৱসাগৰত অৱস্থিত আৰু ইয়াৰ স্থাপত্য ভাৰতত বিৰল।

গ) ডুবৰনি

উত্তৰ: ডুবৰনি হৈছে গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলত থকা প্রাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্র। ইয়াৰ ওচৰে-পাঁজৰে উদ্ধাৰ হোৱা প্রাচীন লিপিসমূহে সেই সময়ৰ সমাজ, ধর্ম, সাহিত্য, ৰাজনীতিৰ বিষয়ে অনেক তথ্য দিয়ে। খনন কাৰ্যৰ দ্বাৰা ইয়াত ইটাৰে নির্মিত মন্দিৰৰ ভেটি আৰু শিৱ-লিংগ উদ্ধাৰ হৈছে, যিয়ে অতীতৰ ভাস্কর্য আৰু স্থাপত্য কলাৰ ইংগিত বহন কৰে।

উত্তৰ: ডুবৰনি গোলাঘাটৰ এক ঐতিহাসিক স্থলী। ইয়াত পোৱা লিপি আৰু মন্দিৰৰ অৱশেষে প্ৰাচীন অসমৰ বুৰঞ্জীৰ বিষয়ে তথ্য দিয়ে।

ঘ) নটৰাজ

উত্তৰ: নটৰাজ হৈছে নৃত্যৰত অৱস্থাত থকা শিৱৰ এক মূর্তি। আজিৰ পৰা কিছু বছৰৰ আগতে গুৱাহাটী মহানগৰৰ আমবাৰী অঞ্চলত খনন কাৰ্যৰ দ্বাৰা ইয়াৰ মূর্তি উদ্ধাৰ কৰা হৈছিল। শিৱৰ বাহন নন্দীৰ পিঠিত উঠি নৃত্যৰত অৱস্থাত থকা এই মূর্তি সমগ্ৰ ভাৰততে বিৰল। এই মূর্তিয়ে আমবাৰী অঞ্চলক এসময়ৰ কলাকাৰ আৰু শিল্পীৰ শিল্প কৰ্মৰ এক উল্লেখযোগ্য স্থান হিচাপে চিনাকি দিছে।

উত্তৰ: নটৰাজ হৈছে নৃত্যৰত অৱস্থাত থকা শিৱৰ এক মূর্তি। আজিৰ পৰা কিছু বছৰৰ আগতে গুৱাহাটী মহানগৰৰ আমবাৰী অঞ্চলত খনন কাৰ্যৰ দ্বাৰা এই মূর্তি উদ্ধাৰ কৰা হৈছিল।

৪। ব্যাখ্যা কৰা।

(ক) উত্তৰ ভাৰতৰ গংগা নদীৰ উপত্যকা আৰু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত একে সময়তে সভ্যতা সংস্কৃতিৰ বিকাশ সাধন হৈছিল।

উত্তৰ: তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত পোৰা মাটিৰ কুঁৱাৰ অৱশেষ উদ্ধাৰ হৈছে। এই একে ধৰণৰ পোৰা মাটিৰ কুঁৱাৰ অৱশেষ গংগা নদীৰ প্ৰাচীন প্রত্নতাত্ত্বিক স্থানতো পোৱা গৈছে। ইয়াৰ দ্বাৰা এইটো প্ৰমাণ হয় যে এই দুই স্থানত একে ধৰণৰ সভ্যতা একে সময়তে গঢ় লৈ উঠিছিল। অৰ্থাৎ, উত্তৰ ভাৰতৰ গংগা উপত্যকা আৰু অসমৰ ব্ৰহ্মপুত্র উপত্যকাত একে সময়তে সভ্যতা আৰু সংস্কৃতিৰ বিকাশ সাধন হৈছিল।

উত্তৰ: গংগা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত একে সময়তে সভ্যতাৰ বিকাশ হৈছিল। তেজপুৰৰ বৰাচুবুৰীত পোৱা পোৰা মাটিৰ কুঁৱাৰ অৱশেষ গংগা উপত্যকাৰ সৈতে মিলে, যাৰ পৰা এই কথা প্ৰমাণ হয়।

৫। তলত শব্দবোৰৰ বিপৰীতাৰ্থক শব্দ পাঠৰ পৰা বিচাৰি লিখা। 

উত্তৰঃ-

উপস্থিত  一  অনুপস্থিত।

চিনাকি  一  অচিনাকি।

প্ৰাচীন  一  নবীন।

পৰিকল্পিত  一  অপৰিকল্পিত।

ধ্বংস  一  সৃষ্টি।

নবীন  一  প্ৰাচীন।

দুৰ্বল  一  শক্তিশালী।

বৈসাদৃশ্য  一  সাদৃশ্য।

৬। বাক্য ৰচনা কৰা।

উত্তৰ:

 ভগ্নাৱশেষ: মহেঞ্জোদাৰোত পুৰণি ঘৰৰ ভগ্নাৱশেষ উদ্ধাৰ হৈছিল।

  ইতিহাস: আমাৰ অতীতৰ কথা আমি ইতিহাস পঢ়ি জানো।

  উদ্‌ঘাটন: প্রত্নতত্ত্ববিদসকলে মাটিত পুতি থকা বহুত সম্পদ উদ্‌ঘাটন কৰিলে।

 উদ্ধাৰ: প্রত্নতত্ত্ববিদসকলে বহুতো পুৰণি বস্তু মাটিৰ তলৰ পৰা উদ্ধাৰ কৰিলে।

 খনন: কোনো ঠাইৰ পুৰণি সম্পদ উলিয়াবলৈ খনন কাৰ্য কৰা হয়।

 নিৰ্মাণ: আহোম ৰজাসকলে বহুত মন্দিৰ নিৰ্মাণ কৰিছিল।

 ঐতিহ্য: আমাৰ দেশৰ সংস্কৃতি আমাৰ বাবে এক মহান ঐতিহ্য।

 আপুৰুগীয়াঃ গঁড় এবিধ আপুৰুগীয়া জন্তু।

৭। তলৰ বাক্যবিলাকৰ অৰ্থ এটা শব্দত প্ৰকাশ কৰা।

(ক) কোনো বস্তুৰ ভগা-ছিগা অংশবোৰ: ভগ্নাৱশেষ

(খ) প্রাচীন যুগৰ সম্পদসমূহৰ বিষয়ে কৰা অধ্যয়ন: প্রত্নতত্ত্ব

(গ) প্রাচীন যুগৰ সম্পদসমূহৰ সংৰক্ষণ কৰি ৰখা স্থান:  সংগ্রহালয়

(ঘ) শিলত কটা শিল্প: ভাস্কর্য

৮। তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া।

(ক) অ’ভাৰহেড প্ৰজেক্টৰ বুলিলে কি বুজা?

উত্তৰঃ- অ’ভাৰহেড প্ৰজেক্টৰ বুলিলে এবিধ প্ৰক্ষেপন যন্ত্ৰক বুজা যায়।

(খ) অ’ভাৰহেড প্ৰজেক্টৰৰ সহায়ত কি কৰিব পাৰি?

উত্তৰঃ- অ’ভাৰহেড প্ৰজেক্টৰৰ সহায়ত স্বচ্ছ কাগজত লিখি লোৱা কথা বা ছবি আদি প্ৰতিফলক পদাৰ্থ ডাঙৰকৈ দেখুৱাব পাৰি।

(গ) প্ৰত্নতাত্ত্বিক সম্পদৰ সময় নিৰূপণ কৰা ব্যৱস্থাটোক কি বুলি কোৱা হয়?

উত্তৰঃ- কাৰ্বন ফৰটিন মেথদ।

(ঘ) প্ৰত্নতাত্ত্বিক খনন কাৰ্য সমাধা হোৱা ঠাই কেইখনমানৰ নাম লিখা।

উত্তৰঃ- আমবাৰী, মদন কামদেৱ, দ-পৰ্বতীয়া, ডুবৰনি, শ্ৰী শ্ৰী সূৰ্য পাহাৰ,  আদি।

(ঙ) লিপিসমূহৰ অধ্যয়নে কি কি তথ্যৰ যোগান ধৰে?

উত্তৰঃ- লিপিসমূহৰ অধ্যয়নে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি নানান তথ্যৰ যোগান ধৰে।